সাক্ষাৎকাৰ: অসমৰ ভিন্ন প্ৰজন্মৰ বিশিষ্ট নাট্যকৰ্মীৰ মনৰ ভাৱ

সাহিত্য ডট্ অৰ্গৰ এই মাহৰ সংখ্যাটি নাটক বিশেষ সংখ্যা হিচাপে সজাবলৈ মনস্থ কৰা হৈছিল। সেই উদ্দেশ্যে আগত ৰাখি এইবাৰ সাক্ষাৎকাৰ শিতানটিত অসমৰ ভিন্ন প্ৰজন্মৰ কেইবাজনো বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা নাট্যকৰ্মীৰ মনৰ কিছু ভাৱ জানিবলৈ প্ৰয়াস কৰা হৈছিল। সাক্ষাৎকাৰ অনুষ্ঠানটিত অংশ লৈছে বিশিষ্ট নাট্যকৰ্মী ক্ৰমে দুলাল ৰয়, মৃণাল কুমাৰ বৰা, জ্যোতিপ্ৰসাদ ভূঞা, সীমান্ত ফুকন আৰু বিদ্যুত বিকাশ শৰ্মা ঠাকুৰদেৱে। তেখেতসকলৰ লগত হোৱা সাক্ষাৎকাৰ অনুষ্ঠানটি পাঠকলৈ আগবঢ়ালোঁ।

দুলাল ৰয় দেৱৰ মনৰ ভাৱ

সাহিত্য ডট্ অৰ্গ: প্ৰত্যেকজন সৃষ্টিশীল স্ৰষ্টাৰ নিজস্ব জীৱন দৰ্শন থাকে আৰু সেই দৰ্শনেই তেখেতসকলৰ সৃষ্টি কৰ্মত প্ৰকাশিত হয়৷ সেই হিচাপে নাট্যকাৰ-পৰিচালক সকলৰো নিজস্ব দৰ্শন থাকে৷ আপোনাৰো নিশ্চয় আছে৷ আপুনি আপোনাৰ জীৱন দৰ্শন তথা নাট্য-দৰ্শনৰ বিষয়ে থোৰতে ক’ব নেকি? লগতে আপোনাৰ নাটকৰ ধাৰা সম্পৰ্কে কিছু কথা জানিব পাৰিলে আমি সুখী হম৷

দুলাল ৰয়: অসমত এতিয়া যি নাটকৰ ধাৰা প্ৰচলন হৈ আছে সেইটোলৈ চালে আচলতে প্ৰশ্ন কৰিব লাগিব আপুনি বৈধ থিয়েটাৰ কৰি আছে নে অবৈধ থিয়েটাৰ কৰি আছে। আপুনি বৈধ থিয়েটাৰ কৰাতো ভাল পায় নে অবৈধ থিয়েটাৰ কৰাতো ভাল পায়। এতিয়া মোক যদি এই বিষয়ে সোধা যায় তেতিয়া যিসকলে আমি দীৰ্ঘদিন কৰি থকা নাটক দেখিছে বা চাইছে সেইসকলে আচলতে ভালদৰে বুজি পাব। মই কাকো অৱমাননা কৰিব বিচৰা নাই। কিন্তু মোৰ জাতীয় স্বাৰ্থত, মোৰ মাতৃভাষাৰ স্বাৰ্থত, অসমীয়া মানুহৰ অনুভৱ অনুভূতিৰ স্বাৰ্থত মই এটা কথাই ক’ম আমি সেইবিলাকহে নাটক কৰিব লাগে যিবোৰ প্ৰকৃতাৰ্থত ভাল নাটক। আমাৰ পূৰ্বৰ মানুহসকলে ভাল নাটক লিখি থৈ গৈছে। সেইসমূহৰ সুন্দৰ ভাৱে চৰ্চা হোৱাতো মই বিচাৰোঁ। নিজৰ নাট্যভঁৰাল চহকী কৰিবলৈ হ’লে কেৱল নিজৰ মনৰ ইচ্ছামতেই নাটক কৰি থাকিলেই নহ’ব। সেই মানসিকতাত কোনো জাতিৰ নাট্য সাহিত্যৰ উন্নতি হ’ব নোৱাৰে। এতিয়া আমাৰ উঠি অহা চামৰ খিনিয়েও নাটকৰ চৰ্চা কৰা দেখা যায় তেওঁলোকৰ নাটকৰ ধাৰা সম্পৰ্কে দৰ্শকে বিচাৰ কৰাতো উচিত। যিখন অসমত শংকৰদেৱে নাটকৰ এটা সুন্দৰ আৰম্ভণি দি গ’ল, যিখন অসমৰ লোকনাট্যৰ এটা সুকীয়া মৰ্যাদা আছে সেইসমূহক আমি আওকাণ কৰিলে নহ’ব। আৰু এটা কথা আছে। থিয়েটাৰ এডভাৰ্টাইজমেণ্ট নে থিয়েটাৰ এণ্টাৰটেইনমেণ্ট নে থিয়েটাৰ এডুকেচন? আচলতে থিয়েটাৰ ইজ এন আৰ্ট। থিয়েটাৰ ইজ এন আৰ্ট ক্ৰিয়েটেড বাই এন আৰ্টিষ্টিক এপ্ৰ’চ। থিয়েটাৰ চাবলৈ গৈ মই উচপিচ কৰি থাকিব নোৱাৰো। কাষত সৰু ল’ৰা-ছোৱালীটোক বহুৱাই মই অশ্লীলতাক উপভোগ কৰিব নোৱাৰোঁ। কিন্তু অসমত এতিয়া বহুত নাট্যকাৰ, অভিনেতা, পৰিচালকৰ সৃষ্টি হৈছে। তেওঁলোক কিছুমানৰ নাটকত এনেধৰণৰ কথা কিছুমান দেখা পোৱা যায়। এইবোৰ যে হৈ আছে সেইয়া অতি দুৰ্ভাগ্যজনক। হয় ভ্ৰাম্যমাণে বহু অভিনেতাৰ জন্ম দিছে, পৰিচালকৰ সৃষ্টি কৰিছে, কলা-কুশলীৰ সৃষ্টি কৰিছে, হাজাৰ হাজাৰ দৰ্শক সৃষ্টি কৰিছে এইটো বেলেগ কথা। কিন্তু এটা কথা মনত ৰাখিব বৈধ থিয়েটাৰৰ এখন কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকৰ প্ৰয়োজন নাই। কিন্তু এচাম ভাল দৰ্শকৰ প্ৰয়োজন। কিন্তু এতিয়া আমাৰ প্ৰায়সকল দৰ্শকৰে ৰুচিবোৰৰ সলনি হৈছে, মানসিক স্খলন ঘটিছে। এতিয়া প্ৰায়সংখ্যক থিয়েটাৰতে টকা-পইচাৰ অংকৰ বাবে নিম্ন ৰুচিৰ নাট প্ৰদৰ্শন কৰি আছে। কিন্তু মোৰ কথা সেইটো নহয়। পইচাৰ বাবে আমি নাটক নকৰোঁ। মই ভাল নাটক কৰিম আৰু ভাল নাটকে আজি বা কাইলৈ নাপালেও তাৰ পিছৰ দিনা দৰ্শকৰ সঁহাৰি নিশ্চয় পাব। শংকৰদেৱে অংকীয়া নাট কৰোঁতে বা মাধৱদেৱে ঝুমুৰা কৰাওতে চুটি কাপোৰ পিন্ধাই অভিনয় কৰোৱা নাছিল। আজি পশ্চিমীয়া ধাৰা এটা আহিল বুলিয়েই সেইয়া কৰিবলৈ যোৱা উচিত নে? অসমৰ গ্ৰামীণ পটভূমিতে এতিয়ালৈকে এখন ভাল নাটক এখন নহ’ল আৰু আমি কি নাটক কৰাৰ কথা ক’ম।

সাহিত্য ডট্ অৰ্গ: সাম্প্ৰতিক সময়ৰ নাটকৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন হৈছে৷ বিশ্বৰ নাট্য পৰিক্ৰমালৈ চকু ফুৰালে দেখা যায় যে নতুন নতুন পৰিৱেশন শৈলীৰ লগতে নাটকৰ উপস্থাপন শৈলীৰো পৰিৱৰ্তন সাধন হৈছে৷ বিষয়বস্তু চয়নৰ ক্ষেত্ৰটো নতুনত্ব চকুত লগা৷ সেই প্ৰেক্ষাপটত সাম্প্ৰতিক সময়ত অসমত পৰিৱেশন হৈ থকা নাটকে বিশ্বৰ নাট্য-চৰ্চাৰ লগত ফেৰ মাৰিব পাৰিছে বুলি আপুনি ভাবেনে? এই দিশটো ত্বৰান্বিত কৰিবলৈ আমি আৰু কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আপুনি বিবেচনা কৰে?

দুলাল ৰয়: প্ৰথম কথা ফেৰ কাৰো লগত কোনেও মাৰিব নোৱাৰে। আই কেন নট ফাইট এগেইনষ্ট চেক্সপীয়েৰ অৰ চেমুৱেল বেকেট অৰ ইবচেন একচেক্ট্ৰা একচেক্ট্ৰা। এইসকলৰ লগত ফেৰ মাৰিবলৈ মই নাটক কৰা নাই। উদাহৰণস্বৰূপে কোনোবা এজনে ছয়ফুট জাম্প মাৰিছে তাকে দেখি আন এজনে আৰু অলপ বেছিকৈ মাৰিছে। নাটক তেনেকুৱা নহয়। বিশ্বৰ দৰবাৰ বুলি যিটো কথা কোৱা হয় সেই বিশ্বক পৰাভূত কৰিবলৈ নাটক কৰাৰ মানসিকতা মোৰ নাই। মোৰ কথা হ’ল মই অসমীয়া মানুহ, ভাল অসমীয়া নাটক কৰিম আৰু এচাম ভাল দৰ্শক সৃষ্টি কৰিম। তাৰ পৰিবৰ্তে ধৰক লণ্ডনত কৰি, টকিঅ’ত নাটক কৰি, এথেন্সত নাটক কৰি বাহ বাহ ল’ম। তেনে মানসিকতা মোৰ নাই। অবৈতনিক থিয়েটাৰ নেভাৰ ডাই। কিন্তু কিছুমান প্ৰফেচনেল থিয়েটাৰ হঠাৎ কেতিয়াবা জন্ম ল’ব পাৰে বা হঠাৎ বন্ধও হ’ব পাৰে। কাইলৈ আপুনি চেক্সপীয়েৰৰ নাম পৃথিৱীৰ পৰা মুচি পেলাব নোৱাৰে বা শংকৰদেৱ, জ্যোতিপ্ৰসাদৰ কথা কোনেও পাহৰি যাব নোৱাৰে। তেওঁলোকৰ অসমীয়ালৈ যি অবদান তাক কোনেও এদিনতে নোহোৱা কৰিব নোৱাৰে। গতিকে জ্যোতিপ্ৰসাদৰ নাটকক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰাতো অসম্ভৱ কথা নহয়। গতিকে আমি বৈধ নে অবৈধ বিশ্লেষণ কৰিবলৈ শিকিব লাগিব। আৰু একেটা ৰাতিৰ ভিতৰত আপুনি নাট্যকাৰ হৈ নাযায়, একেটা ৰাতিতে কোনো পৰিচালকো হ’ব নোৱাৰে বা অভিনেতাও হ’ব নোৱাৰে। লাইটমেনো হ’ব নোৱাৰে আৰু চেট ডিজাইনাৰো হ’ব নোৱাৰে। এই নাটক কৰাৰ প্ৰক্ৰিয়াটো এটা দীঘল প্ৰক্ৰিয়া। যি সকল বিশিষ্ট নাট্যকাৰ আছে বা পৰিচালক অভিনেতা আছে তেওঁলোকে দীৰ্ঘদিন সাধনা কৰাৰ ফলত এই প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু বহুতেই এই দীঘলীয়া পৰিক্ৰমাটোক একেবাৰে সহজ বুলি ভাবি লৈছে যিয়েই অসমীয়া নাটকক ক্ষতি কৰি আছে। এই সমূহ কথা গুৰুত্ব দিয়াটো প্ৰয়োজন।

মৃণাল কুমাৰ বৰা দেৱৰ মনৰ ভাৱ

সাহিত্য ডট্ অৰ্গ: প্ৰত্যেকজন সৃষ্টিশীল স্ৰষ্টাৰ নিজস্ব জীৱন দৰ্শন থাকে আৰু সেই দৰ্শনেই তেখেতসকলৰ সৃষ্টি কৰ্মত প্ৰকাশিত হয়৷ সেই হিচাপে নাট্যকাৰ-পৰিচালক সকলৰো নিজস্ব দৰ্শন থাকে৷ আপোনাৰো নিশ্চয় আছে৷ আপুনি আপোনাৰ জীৱন দৰ্শন তথা নাট্য-দৰ্শনৰ বিষয়ে থোৰতে ক’ব নেকি? লগতে আপোনাৰ নাটকৰ ধাৰা সম্পৰ্কে কিছু কথা জানিব পাৰিলে আমি সুখী হম৷

মৃণাল কুমাৰ বৰা: নাটকৰ ধাৰা বুলি ক’বলৈ গ’লে আচলতে অনেক ধৰণৰ ধাৰা আছে আৰু বিভিন্নজন নাট্যকৰ্মীয়ে সেই ধাৰাসমূহত বৰ্তমান সময়ত নিষ্ঠাৰে কাম কৰি আছে। বাস্তৱধৰ্মী নাটকৰ ধাৰাটো যিহেতু সকলোৱেই ভাল পায় বা বহুজন সমাদৃত সেয়েহে এই ধাৰাটোৰ নাটকৰ চৰ্চা অসমত বেছিকৈ চলি আছে। আৰু ফিজিকেল থিয়েটাৰ ফৰ্মটোতো বহুজনে কাম কৰি আছে। তাৰ লগতে আমাৰ পৰম্পৰাগতভাৱে চলি অহা নাটকৰ ধাৰা যেনে ভাওনা, লোকনাট্য ইত্যাদিসমূহো সৰ্বজন সমাদৃত। তদুপৰি আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহেও সাধাৰণতে বাস্তৱধৰ্মী ধাৰাৰ নাটক সমূহ উপস্থাপন কৰি আহিছে। কিন্তু এইখিনিতে এটা কথা আহি পৰে যিটো হৈছে নাটকৰ বিষয়বস্তু আৰু শৈলী। কেতিয়াবা ভবা যায় যে এই থীমটো এইটো শৈলীত হে ভাল লাগিব। ধৰক এই কাহিনীটো ফিজিকেল ফৰ্মত উপস্থাপন কৰিলে সঠিক হ’ব বা এইটো থীমৰ নাটক বাস্তৱধৰ্মী ফৰ্মত উপস্থাপন কৰিবলৈ সহজ হ’ব। ঠিক তেনেকৈ কেতিয়াবা কেতিয়াবা স্ক্ৰিপ্টটোৰ ওপৰতো সেইখিনি নিৰ্ভৰ কৰে। আমি নিজেই সাধাৰণতে বাস্তৱধৰ্মী নাটক কৰিবলৈ ভাল পাওঁ। তাৰ লগতে আমি লোকনাট্যৰ ধাৰাটোকো তুলি ধৰাৰ কিছু প্ৰয়াস কৰি আছোঁ। ফ’ক ফৰ্মত আমি বেজবৰুৱাদেৱৰ চম্পাৱতী কাহিনীটোৰ আধাৰত অ’ মোৰ আই, কইনা কন্দা শিল আদি নাটক উপস্থাপন কৰিছোঁ বিভিন্ন সময়ত। তদুপৰি মই নিজেই ভাওনা কৰি ভাল পাওঁ আৰু ভাওনাৰ পৰা সমল লৈয়ো আমি তুলসী-শঙ্খচূড়ৰ কাহিনীটোৰে ৰাত্ৰি নাটকখন বিভিন্ন স্থানত প্ৰদৰ্শন কৰিছোঁ। এনেকৈয়ে বিভিন্ন ধাৰাত নাটক লিখিবলৈ চেষ্টা কৰি আহিছোঁ বা প্ৰদৰ্শনো কৰি আহিছোঁ, আন নাট্যকৰ্মীসকলেও কৰি আহিছে কিন্তু ব্যক্তিগতভাৱে আচলতে মই ৰিয়েলিষ্টিক নাটক বেছি ভাল পাওঁ।

সাহিত্য ডট্ অৰ্গ: সাম্প্ৰতিক সময়ৰ নাটকৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন হৈছে৷ বিশ্বৰ নাট্য পৰিক্ৰমালৈ চকু ফুৰালে দেখা যায় যে নতুন নতুন পৰিৱেশন শৈলীৰ লগতে নাটকৰ উপস্থাপন শৈলীৰো পৰিৱৰ্তন সাধন হৈছে৷ বিষয়বস্তু চয়নৰ ক্ষেত্ৰটো নতুনত্ব চকুত লগা৷ সেই প্ৰেক্ষাপটত সাম্প্ৰতিক সময়ত অসমত পৰিৱেশন হৈ থকা নাটকে বিশ্বৰ নাট্য-চৰ্চাৰ লগত ফেৰ মাৰিব পাৰিছে বুলি আপুনি ভাবেনে? এই দিশটো ত্বৰান্বিত কৰিবলৈ আমি আৰু কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আপুনি বিবেচনা কৰে?

মৃণাল কুমাৰ বৰা: এইটো আচলতে এটা বৰ ডাঙৰ প্ৰশ্ন। প্ৰথম কথা হ’ল বিশ্ববাসীৰ মাজত অসমীয়া নাটকক প্ৰতিষ্ঠা কৰিবলৈ আমাৰ হাতত সমল আছে। কিন্তু তাৰ লগতে ক’ব লাগিব যে বিশ্বত অসমীয়া নাটকক উপস্থাপন কৰিবলৈ হ’লে আমাৰ নাটকসমূহৰ কাহিনী, উপস্থাপন, চৰিত্ৰ নিৰ্মাণ আদিত আৰু অধিক গভীৰতালৈ যোৱাৰ প্ৰয়োজন আছে। আজি হেমলেট বোলা চৰিত্ৰটো জগত বিখ্যাত, হিন্দী নাটকৰ মল্লিকা চৰিত্ৰটো ভাৰতৰ লগতে আন বাহিৰৰ দেশসমূহতো বিখ্যাত বা শকুন্তলা চৰিত্ৰটিৰ কথাও পৃথিৱীৰ আন দেশসমূহে জানে। অৰ্থাৎ একো একোটা চৰিত্ৰইয়ো কেতিয়াবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিব পাৰে। ইয়াৰ পৰা এটা কথা ক’ব পাৰি যে নাটকখনৰ বিষয়বস্তুত বা চৰিত্ৰত এনেকুৱা কিছুমান কোৱালিটি আমি দিব লাগিব যাৰ দ্বাৰা ই সমগ্ৰ বিশ্বতে খ্যাতি লাভ কৰিব পাৰে। অৰ্থাৎ অসমীয়া নাটকখনতো ইংলেণ্ডৰ মানুহে সেই মানবীয় বোধ দেখিবলৈ পাব লাগিব, তেতিয়াহে তেওঁলোকে নাটকখন আঁকোৱালি ল’ব। অসমত নাটক হৈ আহিছিল, হৈ আছে আৰু হৈ থাকিব। কিন্তু বিশ্বৰ দৰবাৰত যেতিয়া প্ৰতিষ্ঠাৰ কথা আহি পৰে তেতিয়া আমি ক’ব লাগিব যে প্ৰধানতঃ অসমীয়া নাট্যকাৰৰ কিন্তু যথেষ্ট কৰণীয় আছে। সমগ্ৰ বিশ্বতে আকোঁৱালি ল’ব পৰাকৈ আমি নাটক লিখিব লাগিব, উন্নত কাহিনীৰ নিৰ্মাণ কৰিব লাগিব, উন্নত চৰিত্ৰৰ নিৰ্মাণ হ’ব লাগিব। আমি এইখিনিতে মহাপুৰুষ দুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাৰ কথাও ক’ব পাৰো। আমাৰ গৌৰৱ ভাওনাৰ শৈলীয়েই হওক বা কাহিনী আৰু চৰিত্ৰ নিৰ্মাণেই হওক পৃথিৱীৰ আন ক’তো নোপোৱা এক বিৰল সৃষ্টি। বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পৰাকৈ আমাৰ ভাওনা কিন্তু সক্ষম। কিন্তু যদিওবা বহুজনেই চেষ্টা কৰি আহিছে আমাৰ ভাওনাই যিদৰে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিব লাগিছিল সেইয়া পাবলৈ সক্ষম হোৱা নাই। গতিকে এই ক্ষেত্ৰতো আমাৰ যথেষ্ট কৰণীয় আছে। নাটকৰ ক্ষেত্ৰতো আমি আৰু বহুত কৰিবলগীয়া আছে। যেনেকৈ মণিপুৰী থিয়েটাৰ বুলি ক’লে এটা সুকীয়া পৰিচয় আছে, মাৰাঠী, কানাড়া আদি থিয়েটাৰৰ এক সুকীয়া পৰিচিতি আছে তেনেকৈ অসমীয়া থিয়েটাৰৰো এটা নিজস্বতা গঢ়ি তুলিবলৈ আমি অহোপুৰুষাৰ্থ কৰিব লাগিব। আৰু আমি আশাবাদী অসমীয়া নাটকেও এদিন সেই স্বীকৃতি লাভ কৰিব।

জ্যোতিপ্ৰসাদ ভূঞা দেৱৰ মনৰ ভাৱ

সাহিত্য ডট্ অৰ্গ: প্ৰত্যেকজন সৃষ্টিশীল স্ৰষ্টাৰ নিজস্ব জীৱন দৰ্শন থাকে আৰু সেই দৰ্শনেই তেখেতসকলৰ সৃষ্টি কৰ্মত প্ৰকাশিত হয়৷ সেই হিচাপে নাট্যকাৰ-পৰিচালক সকলৰো নিজস্ব দৰ্শন থাকে৷ আপোনাৰো নিশ্চয় আছে৷ আপুনি আপোনাৰ জীৱন দৰ্শন তথা নাট্য-দৰ্শনৰ বিষয়ে থোৰতে ক’ব নেকি? লগতে আপোনাৰ নাটকৰ ধাৰা সম্পৰ্কে কিছু কথা জানিব পাৰিলে আমি সুখী হম৷

জ্যোতিপ্ৰসাদ ভূঞা: বৰ্তমান সময়ত অসমত বিভিন্নজনে বিভিন্ন ধাৰাত নাটক কৰি আছে‌। মই আচলতে নাটকৰ বাস্তৱধৰ্মী ধাৰাটোৱেই বেছি ভাল পাওঁ আৰু এতিয়ালৈকে যিমানখিনি নাটক কৰিছোঁ প্ৰায়খিনিয়েই বাস্তৱধৰ্মী ফৰ্মতেই সজাবলৈ চেষ্টা কৰিছোঁ। এই সকলোখিনি নাটকৰ প্লট বা বিষয়বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই নাটকখন সজোৱা হয়। কেতিয়াবা কেতিয়াবা আন ধাৰাতো আমি নাটক কৰি আহিছোঁ কিন্তু ব্যক্তিগত ভাৱে মই বাস্তৱধৰ্মী নাটক অৰ্থাৎ যিটো স্বাভাৱিক অভিনয়ৰ নাটক সেইখিনি নাটক কৰিবলৈ ভাল পাওঁ।

সাহিত্য ডট্ অৰ্গ: সাম্প্ৰতিক সময়ৰ নাটকৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন হৈছে৷ বিশ্বৰ নাট্য পৰিক্ৰমালৈ চকু ফুৰালে দেখা যায় যে নতুন নতুন পৰিৱেশন শৈলীৰ লগতে নাটকৰ উপস্থাপন শৈলীৰো পৰিৱৰ্তন সাধন হৈছে৷ বিষয়বস্তু চয়নৰ ক্ষেত্ৰটো নতুনত্ব চকুত লগা৷ সেই প্ৰেক্ষাপটত সাম্প্ৰতিক সময়ত অসমত পৰিৱেশন হৈ থকা নাটকে বিশ্বৰ নাট্য-চৰ্চাৰ লগত ফেৰ মাৰিব পাৰিছে বুলি আপুনি ভাবেনে? এই দিশটো ত্বৰান্বিত কৰিবলৈ আমি আৰু কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আপুনি বিবেচনা কৰে?

জ্যোতিপ্ৰসাদ ভূঞা: এইটো এটা খুব জটিল প্ৰশ্ন। কিয়নো এই গোটেই কামখিনিৰ লগত প্ৰতিভা জড়িত হৈ থাকে। গতিকে প্ৰথম কথা প্ৰতিভা আমাক লাগিবই। বৰ্তমান সময়ত অসমত বহু ভাল ভাল নাট্যকাৰে উন্নত মানৰ নাটক লিখি আছে। গতিকে বিশ্বৰ নাট্য চৰ্চাৰ লগত ফেৰ মাৰিব পৰা নাটক অসমত একেবাৰে নাই বুলি মই নাভাবো। অসমীয়া ভাল নাটক আছে। কিন্তু বিশ্ববাসীৰ চকুত পৰিব পৰাকৈ অসমীয়া নাটকৰ তেনেদৰে অনুবাদ নহয়। সেইবাবেও হয়তো বিশ্বৰ মানুহে অসমীয়া ভাষাৰ ভাল ভাল নাটকসমূহৰ কথা গম নাপাব পাৰে বুলি কেতিয়াবা ভাৱ হয়। আচলতে বিশ্বৰ দৰবাৰ বুলি কৈ দিয়াৰ লগে লগে কথাটো এটা বহল পৰিসৰলৈ গুছি যায়। সাধাৰণতে নাটকসমূহ ৰাজনৈতিক বা পাৰিপাৰ্শ্বিক বাতাবৰণৰ ওপৰত নিৰ্ভৰ কৰিয়েই বেছিকৈ লিখা হয়। তাৰ ওপৰত ভিত্তি কৰি ক’ব পাৰি ইউৰোপত ভাল ভাল নাটক সৃষ্টিৰ মুলতেই হ’ল তেওঁলোকে প্ৰথম বা দ্বিতীয় বিশ্বযুদ্ধ খুব ভালকৈ দেখিলে। তাৰ প্ৰভাৱ তেওঁলোকৰ ভাল ভাল সৃষ্টি সমূহতো দেখা গ’ল। ঠিক তেনেকৈ অসমৰ ক্ষেত্ৰতো তেনেকুৱা প্লট আছে। অসম আন্দোলনৰ কাহিনী বা অন্যান্য ভাল ভাল পটভূমি লৈ নাটক নিৰ্মাণ কৰাৰ থল আছে। আৰু আমি এইটো আশা কৰিম বিশ্বৰ আন আন নাটকসমূহৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ অসমতো নাটক সৃষ্টি হ’ব আৰু নাটকৰ চৰ্চা হ’ব। আৰু আমাৰ বিশ্বাস অসমৰ নাট্যকৰ্মীসকলে পাৰিব। অসমত এতিয়াও ভাল নাটক সৃষ্টি হৈ আছে। মুনীন ভূঞাদেৱৰ খুব ভাল নাটক আছে, আলি হাইদৰ দেৱৰ ভাল নাটক আছে, ৰূপকোঁৱৰৰ নাটকৰ কথা সকলোৱে জানেই। ঠিক তেনেদৰে পংকজজ্যোতি ভূঞা, ৰফিক দা আদিয়েই ভাল ভাল সৃষ্টি কৰি আহিছে বা নতুন প্ৰজন্মৰ বহুতেও ভাল ভাল নাটকৰ উপহাৰ দিছে সেইয়া অসমীয়া নাটকৰ বাবে শুভ লক্ষণ।

সীমান্ত ফুকন দেৱৰ মনৰ ভাৱ

সাহিত্য ডট্ অৰ্গ: প্ৰত্যেকজন সৃষ্টিশীল স্ৰষ্টাৰ নিজস্ব জীৱন দৰ্শন থাকে আৰু সেই দৰ্শনেই তেখেতসকলৰ সৃষ্টি কৰ্মত প্ৰকাশিত হয়৷ সেই হিচাপে নাট্যকাৰ-পৰিচালক সকলৰো নিজস্ব দৰ্শন থাকে৷ আপোনাৰো নিশ্চয় আছে৷ আপুনি আপোনাৰ জীৱন দৰ্শন তথা নাট্য-দৰ্শনৰ বিষয়ে থোৰতে ক’ব নেকি? লগতে আপোনাৰ নাটকৰ ধাৰা সম্পৰ্কে কিছু কথা জানিব পাৰিলে আমি সুখী হম৷

সীমান্ত ফুকন: প্ৰথম কথা যদিওবা নাটকৰ বিভিন্ন ধাৰা আছে আৰু বিভিন্নজনে বিভিন্ন ধাৰাত নাটক কৰি আহিছে। মই কিন্তু কোনো এটা নিৰ্দিষ্ট ধাৰাত নাটক নকৰোঁ। প্ৰত্যেকজন নাট্যকৰ্মীৰে এটা নিজস্ব দৰ্শন থাকে। যিহেতু মই নাট্যকাৰ নহয় মই এজন পৰিচালক। গতিকে পৰিচালক হিচাপে যিসকল নাট্যকাৰৰ নাটকে মোক আকৰ্ষিত কৰে, নাটকৰ বক্তব্যই মোক আকৰ্ষিত কৰে তেনেধৰণৰ নাটকেই মই নিৰ্বাচন কৰোঁ পৰিচালনা কৰিবৰ বাবে বা মঞ্চস্থ কৰিবৰ বাবে। ব্যক্তিগতভাৱে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটকৰ প্ৰতি মোৰ এটা আত্মিক সম্পৰ্ক আছে বা মোৰ দুৰ্বলতা আছে। গতিকে মোক যদি প্ৰশ্ন কৰা হয় আপুনি অসমৰ কাৰ নাটক ভাল পায়? তেতিয়া মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটকৰ নাম ল’ম। তেখেতৰ ৰূপালীম, লভিতা, কাৰেঙৰ লিগিৰী এই নাটকসমূহ মই নিজে কৰিছো আৰু ব্যক্তিগতভাৱে এইসমূহ মোৰ প্ৰথম পচন্দৰ নাটক। এই সমূহক আমি আচলতে ধ্ৰুপদী নাটক বুলি ক’ব পাৰোঁ।

দ্বিতীয়তে শিশুসকলক লৈয়ো মই বিভিন্ন সময়ত কাম কৰি আহিছোঁ। শিশুসকলৰ লগত কাম কৰি ভাল লাগে। তেওঁলোকৰ নিস্পাপ মনটো বা তেওঁলোকক যেনেকৈ শিকোৱা যায় তেওঁলোকে আন্তৰিকতাৰে গ্ৰহণ কৰে এই সমূহে মোক আকৰ্ষিত কৰে। তদুপৰি আমাৰ মাটিৰ গোন্ধ থকা, লোক-সংস্কৃতিৰ আধাৰত ৰচিত যিবিলাক নাটক সেইসমূহে মোক আকৰ্ষিত কৰে। যেনে কমলা কুঁৱৰীৰ সাধু। এই নাটকখন মই পচিশ বছৰ ধৰি কৰি আছোঁ। আচলতে নাটক মই সংখ্যা বঢ়াবলৈ নকৰো। এখন নাটক হয়তো মই বহুবছৰলৈকে কৰি আছোঁ যেতিয়ালৈকে নাটকখনক দৰ্শকে গ্ৰহণ কৰি আছে।

তৃতীয় কথাটো হৈছে যিবিলাক নাটকৰ জড়িয়তে সমাজৰ বাস্তৱ ছবিখন ফুটি উঠে তেনেকুৱা ধৰণৰ নাটকৰ প্ৰতি মই আগ্ৰহী। কিন্তু অতি কমাৰ্চিয়েল নাটক মই নকৰোঁ। এটা সময়ত ভ্ৰাম্যমাণ থিয়েটাৰত কৰিছিলোঁ যিহেতু তেতিয়া পৰিচালকৰ এটা ভূমিকা আছিল। তেতিয়া ভ্ৰাম্যমাণত প্ৰকৃতাৰ্থত নাটক আছিল। মহেন্দ্ৰ বৰঠাকুৰ দেৱৰ, ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ, সেৱাব্ৰত বৰুৱা, হেমন্ত দত্ত, মুনীন দাৰ নাটক আছিল। পাছলৈ দেখা গ’ল ভ্ৰাম্যমাণৰ নাটকসমূহ অতি কমাৰ্চিয়েল হৈ পৰিল। যেতিয়াৰ পৰা ভ্ৰাম্যমাণৰ নাটকত পৰিচালকৰ ভূমিকা কমি আহিবলৈ ধৰিলে তেতিয়াৰ পৰা তেনে নাটকসমূহ পৰিচালনা কৰাৰ কামটো বাদ দিলোঁ। বৰ্তমান মই অসমত যি সুস্থ নাট্য চৰ্চা হৈ আছে তাত পৰিচালক হিচাপে কাম কৰি আছোঁ। ইয়াৰোপৰি ২০০৬ চনত দেৰগাঁৱত প্ৰতিষ্ঠা হোৱা অভিনয় শিক্ষাৰ প্ৰতিষ্ঠান নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ লগতো জড়িত হৈ আছোঁ। যথেষ্ট কষ্টৰ মাজৰে আহি আহি বৰ্তমান অনুষ্ঠানটিয়ে আজিৰ অৱস্থা পাইছেহি আৰু বৰ্তমান কেৱল অসমতেই নহয় ভাৰতবৰ্ষতে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে এটা নিজা নাম গঢ়িবলৈ সক্ষম হৈছে।

সাহিত্য ডট্ অৰ্গ: সাম্প্ৰতিক সময়ৰ নাটকৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন হৈছে৷ বিশ্বৰ নাট্য পৰিক্ৰমালৈ চকু ফুৰালে দেখা যায় যে নতুন নতুন পৰিৱেশন শৈলীৰ লগতে নাটকৰ উপস্থাপন শৈলীৰো পৰিৱৰ্তন সাধন হৈছে৷ বিষয়বস্তু চয়নৰ ক্ষেত্ৰটো নতুনত্ব চকুত লগা৷ সেই প্ৰেক্ষাপটত সাম্প্ৰতিক সময়ত অসমত পৰিৱেশন হৈ থকা নাটকে বিশ্বৰ নাট্য-চৰ্চাৰ লগত ফেৰ মাৰিব পাৰিছে বুলি আপুনি ভাবেনে? এই দিশটো ত্বৰান্বিত কৰিবলৈ আমি আৰু কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আপুনি বিবেচনা কৰে?

সীমান্ত ফুকন: আচলতে আমাৰ অসমীয়া নাটকৰ ভঁৰালটো যথেষ্ট চহকী। আজি ছশবছৰ আগতে শংকৰদেৱে দি যোৱা ভাওনাৰ পৰা আৰম্ভ কৰি ৰূপকোঁৱৰৰ নাটকলৈকে অসমীয়া নাটকৰ ভঁৰাল ইমানেই চহকী হৈ আছে যে হয়তো অন্যান্য দেশত এইয়া বিচাৰি পোৱা নাযাব। এইখিনিতে এটা কথা ক’ব লাগিব আমাৰ কাৰণে সৌভাগ্য যে শংকৰদেৱে অসমত জন্ম ল’লে কিন্তু শংকৰদেৱৰ বাবে দুৰ্ভাগ্য যে তেওঁ অসমৰ দৰে ঠাইত জন্ম পালে। যাৰ বাবে তেওঁৰ সৃষ্টিৰাজিয়ে আজিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেনেকৈ স্বীকৃতি পাব লাগিছিল তেনেকৈ পোৱা নাই। শংকৰদেৱৰ নাটসমূহত আচলতে কি নাই? সকলো সমলেই তেওঁৰ নাটকত আছে। এই নাটসমূহ আমি বিশ্বৰ দৰবাৰলৈ উলিয়াই নিব পাৰিব লাগিব। বা জ্যোতিপ্ৰসাদৰ নাটকলৈকে যদি চাওঁ, তেওঁৰ আৰু চেক্সপীয়েৰৰ নাটকত হয়তো বেছি পাৰ্থক্য নাই। এই সমূহ নাটক বিশ্ববাসীৰ সন্মুখলৈ উলিয়াই নিব পাৰিব লাগিব। কিন্তু তাৰ কাৰণে আমি অকল নাট্যকৰ্মীসকলে অকলেই একো কৰিব নোৱাৰোঁ। তাৰ কাৰণে যথেষ্টখিনি ৰাজসাহায্যৰো প্ৰয়োজন হ’ব চৰকাৰীভাৱেও, সাংস্কৃতিকভাৱেও। গতিকে মই ভাৱো যদি শংকৰদেৱৰ নাটকক, জ্যোতিপ্ৰসাদৰ নাটকক শুদ্ধৰূপত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উলিয়াই নিয়া হয় বিশ্বৰ অন্যান্য দেশসমূহৰ নাটকৰ দৰেই চৰ্চিত হ’ব। যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বৰ্তমান বহু অসমীয়া নাটক গৈছে, তথাপি সেইয়াই কিন্তু পৰ্যাপ্ত নহয়। ইয়াৰ বাবে কৰণীয় আমাৰ সকলোৰে আছে।

বিদ্যুত বিকাশ শৰ্মা ঠাকুৰ দেৱৰ মনৰ ভাৱ

সাহিত্য ডট্ অৰ্গ: প্ৰত্যেকজন সৃষ্টিশীল স্ৰষ্টাৰ নিজস্ব জীৱন দৰ্শন থাকে আৰু সেই দৰ্শনেই তেখেতসকলৰ সৃষ্টি কৰ্মত প্ৰকাশিত হয়৷ সেই হিচাপে নাট্যকাৰ-পৰিচালক সকলৰো নিজস্ব দৰ্শন থাকে৷ আপোনাৰো নিশ্চয় আছে৷ আপুনি আপোনাৰ জীৱন দৰ্শন তথা নাট্য-দৰ্শনৰ বিষয়ে থোৰতে ক’ব নেকি? লগতে আপোনাৰ নাটকৰ ধাৰা সম্পৰ্কে কিছু কথা জানিব পাৰিলে আমি সুখী হম৷

বিদ্যুত বিকাশ শৰ্মা ঠাকুৰ: প্ৰথমেই সাহিত্য ডট্ অৰ্গ পৰিয়াললৈ মোক এই সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। হয়, প্ৰত্যেকজন সৃষ্টিশীল ব্যক্তিৰে একোটা জীৱন দৰ্শন থাকে। এগৰাকী অভিনেতা, যুৱ নাট্যকাৰ বা পৰিচালক হিচাপে মোৰো নিজা জীৱন দৰ্শন আছে। কিন্তু এনেকুৱাও নহয় যে মই মোৰ জীৱন দৰ্শনৰ ওপৰত ভিত্তি কৰিহে নাটক লিখোঁ বা পৰিচালনা কৰোঁ। যিখিনি আমাৰ সমাজত ঘটি থকা ঘটনা বা আমাৰ সৰ্বসাধাৰণ মানুহৰ যিখিনি মনৰ ভাৱ, সমস্যা ইত্যাদিবোৰক নাটকৰ জড়িয়তে তেওঁলোকৰ আগত ফুটাই তুলিবলৈ চেষ্টা কৰোঁ। তাৰ জড়িয়তে আমি সমাজত সুস্থ এটা বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ। যিহেতু আমি শিল্পকলাৰ লগত জড়িত বা সৃষ্টিশীল কামবোৰ কৰি ভাল পাওঁ সেয়েহে কামবোৰৰ মাজেৰে ইয়াক জীয়াই ৰখাত গুৰুত্ব দিওঁ। নিজস্ব জীৱন দৰ্শন তাত নিশ্চয় প্ৰকাশ পায় কিন্তু এনে নহয় যে জীৱন দৰ্শন ওপৰতেই আমি নাটক ৰচনা কৰোঁ বা পৰিচালনা কৰোঁ। বহু নাট্যকাৰৰ ক্ষেত্ৰত দেখোঁ তেওঁলোকে সম্পূৰ্ণ নিজা জীৱন দৰ্শনক নাটকত ফুটাই তুলিবলৈ যত্ন কৰে। তাৰ ফলত আন বহুতৰেই যি সেই দৰ্শনৰ প্ৰতি আকৃষ্ট নহয় তেনে দৰ্শকৰ বাবে সেই নাটক হয়তো কেতিয়াবা আমনিদায়ক হৈ পৰিব পাৰে বা অপ্ৰয়োজনীয় হৈ পৰিব পাৰে। সেয়েহে আমি যেতিয়া নাটক লিখোঁ বা কৰোঁ তেতিয়া দৰ্শকৰ মনৰ কথাবোৰ তেওঁলোকক দেখুৱাবলৈ প্ৰয়াস কৰোঁ। যিবোৰ ঘটনা আমাৰ সমাজত ঘটিয়েই থাকে বা এনে কিছুমান ঘটনা ঘটি থাকে যিসমূহ সহজে আমাৰ চকুত নপৰে তেনে কিছুমান বিষয়ক আমি নাটকৰ মাজেৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ।

সাহিত্য ডট্ অৰ্গ: সাম্প্ৰতিক সময়ৰ নাটকৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন হৈছে৷ বিশ্বৰ নাট্য পৰিক্ৰমালৈ চকু ফুৰালে দেখা যায় যে নতুন নতুন পৰিৱেশন শৈলীৰ লগতে নাটকৰ উপস্থাপন শৈলীৰো পৰিৱৰ্তন সাধন হৈছে৷ বিষয়বস্তু চয়নৰ ক্ষেত্ৰটো নতুনত্ব চকুত লগা৷ সেই প্ৰেক্ষাপটত সাম্প্ৰতিক সময়ত অসমত পৰিৱেশন হৈ থকা নাটকে বিশ্বৰ নাট্য-চৰ্চাৰ লগত ফেৰ মাৰিব পাৰিছে বুলি আপুনি ভাবেনে? এই দিশটো ত্বৰান্বিত কৰিবলৈ আমি আৰু কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আপুনি বিবেচনা কৰে?

বিদ্যুত বিকাশ শৰ্মা ঠাকুৰ: হয় সময়ৰ পৰিবৰ্তনৰ লগে লগে সকলোতেই পৰিবৰ্তন আহে। ঠিক সেইদৰে নাটকলৈয়ো পৰিবৰ্তন আহিছে। শিক্ষা-দীক্ষা, ৰীতি-নীতি, সমাজ ব্যৱস্থাত পৰিবৰ্তন অহাৰ লগে লগে মানুহৰ চিন্তাধাৰাৰো পৰিবৰ্তন আহে। আৰু সেই নতুন চিন্তাধাৰাৰ লগত খাপ খোৱাকৈ মানুহে নাটকেই হওক বা চিনেমাই হওক বা আন যিকোনো ক্ষেত্ৰখনক চাব বিচাৰে। সেয়েহে নাটকতো পৰিবৰ্তন আহিছে। আজিৰ পৰা পঞ্চাশ বছৰ বা এশবছৰ আগৰ যিসমূহ নাটক আছিল তাৰ লগত বৰ্তমানৰ নাট্যশৈলীত বহু পৰিমাণেই পৃথক। সেইয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় বা ভাৰত আৰু বাহিৰৰ আন আন ঠাইৰ পৰা নাটক কৰিবলৈ অহা নাট্যদলবোৰৰ নাটক চালেই বুজিব পাৰি। সেই নাটকসমূহ চাই বা দেশ-বিদেশৰ নাট কৰ্মশালাসমূহত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমতো নাট্যকাৰসকলে, পৰিচালকসকলে অসমীয়া নাটকসমূহক বৰ্তমান বিশ্বব্যাপী যি নাটকৰ শৈলী সৃষ্টি হৈছে তেনেধৰণৰ নাটক প্ৰস্তুত কৰিবলৈ যত্ন কৰে। বৰ্তমান সময়ত দেখা পাওঁ যে লোক-শিল্প বা লোক-সংস্কৃতিসমূহক নাটকৰ মাজেদি উপস্থাপন কৰাৰ এটা জোৱাৰ উঠিছে। পূৰ্বতেও জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালীমকে আদি কৰি বহু নাটকত জনজাতীয় বিভিন্ন লোক-সংস্কৃতি, পৰিৱেশ আদি দেখিবলৈ পোৱা গৈছিল। একেদৰে বৰ্তমান সময়তো ভাওনা, ওজাপালি বা বিভিন্ন জনজাতীয় লোকৰ পৰম্পৰা, ৰীতি-নীতি, তেওঁলোকৰ পোছাক এইসমূহ ব্যৱহাৰ কৰি নতুন ধৰণেৰে নাটক ৰচনা বা পৰিচালনাৰ ক্ষেত্ৰত আমি আগবঢ়া দেখা পাইছোঁ। ঠিক একেদৰে অসমীয়া নাটকসমূহতো পূৰ্বতকৈ যথেষ্ট পৰিবৰ্তন আহিছে। এই পৰিবৰ্তন মই ঋণাত্মক বুলি ভাবি লৈছোঁ। যিসকল ব্যক্তিয়ে বৰ্তমানেও পূৰ্বৰ ধাৰাসমূহৰ লগত মিলাই নাটক ৰচনা বা পৰিচালনা কৰি আহিছে সেইসকলেও বৰ্তমানৰ দৰ্শকে মনে বিচৰা ধৰণৰ নাটকৰ ৰচনা বা পৰিচালনা কৰাতো ভাল হ’ব বুলি মোৰ মনে কয়। একেদৰে অভিনেতাৰ ক্ষেত্ৰতো পূৰ্বৰ অভিনয় শৈলীত যি ধৰণৰ নাটকীয়তা দেখা পোৱা গৈছিল তাৰ পৰিবৰ্তে বৰ্তমানৰ নাটকৰ অভিনয়ত হুবহু কথাছবিৰ দৰে একেবাৰেই নেচাৰেল অভিনয় কৰা দেখা যায়। এইয়াও এক ঋণাত্মক কথা। অসমৰ নাট্য সাহিত্য যথেষ্ট চহকী। গুৰুজনাৰ দিনৰে পৰা এতিয়ালৈকে অসমীয়া নাটকত বিভিন্ন ধাৰা চলি আহিছে, বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আহিছে। মই ভাৱো অসমত এতিয়াও বহু এনে নাট্যকৰ্মী আছে যাৰ নাটক বিশ্বৰ বিভিন্ন প্ৰান্তত মঞ্চস্থ হয় বা নিমন্ত্ৰণ লাভ কৰে নাট মঞ্চস্থ কৰিবৰ বাবে। হয়তো আৰ্থিক দিশৰ পৰা কিছু দুৰ্বল ৰাজ্য হোৱাৰ বাবে অসমে বিশ্বৰ আন বহু দেশৰ তুলনাত টেকনিকেলী ইমপ্ৰুভ কৰিব পৰা নাই যদিও অসমৰ কেঁচা মাটিৰ গোন্ধ লৈ অসমীয়া নাট্যকাৰ, পৰিচালক, অভিনেতাই বিশ্ব নাট্য শিল্পৰ লগত ফেৰ মাৰিব পৰাকৈ উন্নত নাটক কৰিব পাৰিছে বুলি মই ভাৱো। হয়তো সকলোৰে বাবে এই সম্ভৱ হৈ উঠা নাই। কিন্তু বৰ্তমানো অসমত বহু চিৰিয়াচ নাট্যকৰ্মী আছে যাৰ নাটকে বিভিন্ন প্ৰান্তৰ আন নাটকৰ লগত ফেৰ মাৰিব পাৰে।

সাহিত্য ডট্ অৰ্গ: সাক্ষাৎকাৰ অনুষ্ঠানটিত অংশ লৈ অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে আপোনালোক সকলোজনলৈ অসমীয়াত কথা বতৰা গোট আৰু সাহিত্য ডট্ অৰ্গ আলোচনীৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। আগন্তুক দিনতো আপোনালোকে আপোনালোকেৰ অনুপম সৃষ্টিৰাজীৰে অসমীয়া নাট্য সাহিত্যৰ জগতখনলৈ সুনাম কঢ়িয়াই আনক তাৰ বাবে জনালোঁ অফুৰন্ত শুভকামনা। আপোনাসৱৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

ড° মৃণাল জ্যোতি গোস্বামী দেৱৰ সহযোগত সাহিত্য ডট্ অৰ্গৰ এই সংখ্যাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে এই সংখ্যাৰ সম্পাদক তুষাৰ ৰঞ্জন কাশ্যপে

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments