সাক্ষাৎকাৰ (কৌস্তভমণি শইকীয়া দত্ত)
(১)
ধৈৰ্য –
শৰতত প্ৰথম যেতিয়া নিয়ৰ সৰে
বৰ ধীৰে ধীৰে..
এটোপাল… দুটোপাল..
তুমি কাণ পাতি ৰোৱানে তৃতীয়টো টোপালৰ শব্দ শুনাৰ অপেক্ষাত ?
– হয়, মই ৰৈ থাকোঁ, শুনিবলৈ।
(২)
অনুভৱ-
বতাহৰ আঙুলি তুমি চুই পাইছানে?
আৰু চুইছেনে তোমাক সেই আঙুলিৰ মায়াবী স্পৰ্শই?
-হয়, হয়, বহুবাৰ.. বহুবাৰ..
কি মধুৰ স্মৃতি সেয়া!!
(৩)
সান্নিধ্য-
ভেঁটফুল ফুলাৰ প্ৰহৰ তুমি জানানে?
বহি পাইছানে ভেঁটফুলেৰে ভৰা পুখুৰীৰ পাৰত?
-জানো, সেয়া স্নিগ্ধতাৰ প্ৰহৰ।
বহু মধুযামিনী মোৰ ভেঁটফুলৰ স’তে।
(৪)
প্ৰলোভন-
আকাশত উৰি ফুৰা নেজাল তৰা দেখিছা নেকি?
আহি লগ ধৰিছেনে কেতিয়াবা
আহাঁচোন নক্ষত্ৰৰ দেশলৈ যাওঁ।
-দেখিছোঁ। পাইছোঁ নেজাল তৰাৰ আমন্ত্ৰণ।
নাযাওঁ নক্ষত্ৰৰ দেশলৈ-
প্ৰিয় মোৰ তুলসী তলৰ মাটিৰ চাকি ..
আৰু জিলমিল অকণি জোনাকী।
(৫)
শুশ্ৰূষা-
নদীৰ বুকু ফালি
নাওঁখন গুচি যোৱাৰ পাছত
কেতিয়াবা পানীৰ বুকুত কাণ থৈ
শুনিছানে যন্ত্ৰণাৰ চিঞৰ?
শুনিছোঁ…
বুকুত বহি যোৱা বঠাৰ চাব
এধাৰি চকুলোৰে পুতিছোঁ ..
(অব্যৰ্থ শ্ৰদ্ধাঞ্জলি)!
এনেকৈয়ে সদায় মৰি আছে নদী।
মৰিও জীয়াই আছে নদী।
(৬)
প্ৰেম-
ভালপোৱা নেকি
ফটা জিনচ্, শূন্য পকেটৰ বুটাম ছিগা মলিয়ন কামিজে
ঢাকি ৰখা সপোনৰ জকাটোক?
মই ভালপাওঁ.. বৰ ভালপাওঁ।
জিনচ্ সী দিম, চোলাটো ধুই দিম..
শূ্ন্য পকেটত ভৰাই দিম কবিতাৰ এটা টুকুৰা।
জকাটো আনি দিয়া মোক।
(৭)
প্ৰয়োজন-
স্বাগতম্!
সোমাই আহা।
চুই দিয়াহি বুকুৰ বাওঁফালে গজি থকা
মৰহিব খোজা পুলিটোৰ কুঁহিপাত।
শূন্য ঘৰত মৰহি গৈছে পুৰাতন কবিতা।
কাষেৰে বৈ যোৱা নদীখনো তৃষাতুৰ।
আহিবানে?
-আহিছোঁ, সংস্থান লাগে মোক।
মোৰ অমৃত স্পৰ্শত সজীৱ হ’ব বুকুৰ গছজোপা।
পুৰণি কবিতাবোৰে সুৰত গা ধুই কলৰৱ কৰিব।
চকুলোবোৰ নদীত উটাই দিম.. নদী উপচি ব’ব ..
পলসত গজিব ভৰপূৰ সেউজীয়া শইচ।