সাগৰৰ জীৱন (ধ্রুৱজ্যোতি)

চাকৰি সংক্ৰান্তত বছৰটোৰ অধিকাংশ সময় সাগৰীয় যাত্ৰা কৰি কটাওঁ। কৰ্মৰ বাবে জাহাজেৰে এখনৰ পিছত আন এখন ঠাইলৈ পৰিভ্ৰমণ কৰিব লগা হয়। আপোনালোকৰ বহুতেই চোমালিয়াৰ জলদস্যুৰ কথা নিশ্চয় শুনিবলৈ পাইছে। হয়তো বহুতে কেপ্টেইন ফিলিপ্ নামৰ হলিউডৰ চিনেমাখনো চাইছে। আধুনিক যুগৰ এই জলদস্যুসকলে গাল্ফ অফ এডেনৰ মাজেৰে যাত্ৰা কৰা বৃহৎ মালবাহী জাহাজবোৰ অপহৰণ কৰি জাহাজৰ কৰ্মচাৰীৰ মুক্তিৰ বিনিময়ত কোম্পানী বোৰৰ পৰা বহু মিলিয়ন ডলাৰ দাবী কৰে। যদি কোনো কোম্পানীয়ে সেই বৃহৎ পৰিমাণৰ পইচাদিয়াত অসমৰ্থ হয়,তেতিয়া জাহাজ ৰ কৰ্মচাৰীসকলক নৃশংসভাৱে হত্যা কৰা হয়৷ চোমালিয়াৰ কাষৰে বহুত বাৰ সাগৰীয় যাত্ৰা কৰিছোঁ যদিও সিহঁতৰ পৰা বাচি আছিলোঁ। কিন্তু অৱশেষত ইজিপ্তৰ ৰাচলাফানৰ পৰা কেবা কোটি টকাৰ খাৰুৱা তেল লৈ ভাৰতলৈ ৰাওনা হোৱা আমাৰ জাহাজ খনৰ ওপৰতো সিহঁতৰ চকু পৰিল।

ডিচেম্বৰ মাহ৷ সময় ৰাতিপুৱা চাৰি বাজিছে৷ সাগৰৰ বুকু ফালি দুশ আশী মিটাৰ দীঘল আমাৰ প্ৰকাণ্ড তৈলবাহী জাহাজখন গুজৰাটৰ ছিক্কা বন্দৰ অভিমুখে গতি কৰি আছে। শুই উঠি কফি একাপ খাই চিফ্ অফিচাৰৰ লগত ক’ন্ট্ৰল ৰুমত সোমালোঁ।এই ৰুমটো উৰাজাহাজৰ ককপিটৰনিচিনা। এই ৰুমটোত থকা ইলেকট্ৰিক সা সঁজুলিসমূহৰ দ্বাৰা জাহাজখন নিয়ন্ত্ৰণ কৰা হয়। প্ৰথম বিছ মিনিটমান সকলো ঠিক-ঠাকেই আছিল। ৰাডাৰৰ স্ক্ৰীণতো একো নাছিল। বিপদজনক এলেকা বাবে সেই ঠাই খিনিত সাধাৰণতে পাঁচ ছখন মান জাহাজ লগ লাগি শাৰী পাতি যাত্ৰা কৰে আৰু লগতে অধিক সতৰ্কতা অৱলম্বন কৰা হয়। বাহিৰত ঘিট মিট আন্ধাৰ। আধা ঘন্টা মান পিছত আমাৰ জাহাজৰ পিছফালে কিছু দূৰত এটা পোহৰৰ উৎস মোৰ চকুত পৰিল। অলপো বিলম্ব নকৰি চিফ্অফিছাৰক কথাটো জনালোঁ। ৰাডাৰত সেই উৎসটো চাই আমি দুয়ো অনুমান কৰিলোঁ যে সেইটো কোনোবা মাছমৰীয়া নাওৰ পৰা আহিছে। তথাপিও আমি আশে-পাশে থকা সকলো জাহাজক ৰেডিঅ যোগে সৰ্তক কৰি দিলোঁ। কিন্তু মনত সন্দেহ আছিল যাৰবাবে মই নিজেই পোহৰৰ উৎসটোৰ ওপৰত চকু ৰাখিলোঁ। অলপ পাচতেই ৰাডাৰৰ স্ক্ৰীণত আৰু তিনিটা মান সন্দেহজনক বস্তু ধৰা পৰিল। খালী চকুৰেও আমাৰ জাহাজৰ চাৰিওফালে বহুতকেইটা পোহৰৰ উৎস দেখা পালো। জলদস্যুবোৰে ফাইবাৰ গ্লাচেৰে নিৰ্মিত স্পীড্বোট ব্যৱহাৰ কৰে যাৰফলত এই বোটবোৰ ৰাডাৰত সোনকালে দৃশ্য মান নহয়। লাহে লাহে পোহৰৰ উৎস বোৰ আমাৰ কাষ চাপি আহিবলৈ ধৰিলে। অৱশ্যে আমাৰ আৰু সিহঁতৰ মাজত ব্যৱধান তেতিয়াওছয় মাইল। জলদস্যুৰ আক্ৰমণৰ পৰা মাৰ্চেন্টনেভিৰ জাহাজবোৰক সুৰক্ষা দিবলৈ গাল্ফ অৱ এডেনত কেইবাখনো দেশৰ সন্মিলিত নৌবাহিনীৰ যুদ্ধজাহাজ উপস্থিত থাকে।আমাৰ জাহাজৰ কেপ্তেইনে লগে লগে সন্মিলিত নৌ বাহিনীক সহায়ৰ বাবে যোগাযোগ কৰিলে। জানিব পৰা গ’ল ভাৰতীয় যুদ্ধজাহাজ এখন আমাৰ সুৰক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে, কিন্তু জাহাজ খন আহি পোৱালৈ তেতিয়াও আধা ঘন্টা বাকী। লাহে লাহে আন্ধাৰ আঁতৰি পৃথিৱীত পোহৰৰ সমাগম ঘটিল। প্ৰত্যক্ষ কৰিলোঁ বহু কেইখন স্পীড্বোট তীব্ৰ গতিত আমাৰ জাহাজ অভিমুখে আহি আছে।ভয়ত আমাৰ কিছুমানৰ মুখৰ পানী শুকাই গ’ল। অৱশ্যে এইটো স্বাভাৱিক। কেপ্টেইনে সকলো কৰ্মচাৰীকে ধৈৰ্য্য ধৰিবলৈ অনুৰোধ জনালে।মাৰ্চেন্টনেভিৰ জাহাজত প্ৰত্যাক্ৰমণৰ বাবে কোনো ধৰণৰ মাৰণাস্ত্ৰ নাথাকে।যাৰফলত যুদ্ধ জাহাজখনলৈ অপেক্ষা কৰাৰ বাহিৰে আমাৰ হাতত বেলেগ উপায় নাছিল।তেতিয়ালৈ জলদস্যুসকল আমাৰ নিচেই কাষত। ইতিমধ্যে এখন নাওৰ পৰা সিহঁতে আমালৈ গুলীচালনা কৰিলে। ক’ন্ট্ৰোল ৰুমৰ দুখন খিৰিকীৰ গ্লাচভাঙিল।মই ভাবিবলৈ বাধ্য হ’লো যে আজি আৰু ৰক্ষা নাই। মা দেউতা আৰু ভন্টীৰ মুখকেইখন দুচকুতভাহি উঠিল। ঠিক সেই সময়তেই আমি হেলিকপ্টাৰৰ শব্দ শুনিবলৈ পালো।যুদ্ধজাহাজখন আহি পাওঁতে সময় লগা বাবে হেলিকপ্টাৰখন ভাৰতীয় নৌবাহিনীয়েপঠিয়াই দিছিল। হেলিকপ্টাৰৰ পৰা হোৱা গুলী চালনাত বহুকেইখন জলদস্যুৰ নাও পানীত ডুব গ’ল৷ তেতিয়ালৈভাৰতীয় নৌ বাহিনীৰ যুদ্ধ জাহাজখনো উপস্থিত হৈছিল। যুদ্ধ জাহাজৰ বৰটোপৰ আক্ৰমণত জলদস্যুসকল পলাই পত্ৰং দিলে। বহুকেইজন ডুবি মৰিল। আমি নিৰৱে সকলো ঘটনা প্ৰত্যক্ষ কৰি ৰ’লো। দিনৰ দুই বজালৈ ভাৰতীয় নৌবাহিনীৰ জাহাজ খন আমাৰ কাষে কাষে গৈ থাকিল। মাজতে আমাৰ জাহাজ খনৰ অৱস্থাৰ বুজ ল’বলৈ দুজন কমাণ্ডো হেলিকপ্টাৰেৰে আমাৰ জাহাজলৈ আহিছিল। আমি তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জনাই বিৰিয়ানী খাবলৈ অনুৰোধ জনাইছিলোঁ।ভাৰতীয় নৌবাহিনীৰ তৎপৰতাৰ বাবেই চাৰি দিন পাচত আমি সুকলমে গুজৰাটত উপস্থিত হ’বলৈ সক্ষম হৈছিলোঁ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!