সাধাৰণ মানুহৰ সপোনবোৰ (দেৱাংগ পল্লৱ শইকীয়া)
অনিচ্ছা সত্তেও মই আজি তেখেতৰ সহায় লব লগা হ’ল । তেখেত মানে এজন বৃদ্ধ ৰিক্সাৱালা । মই অফিচৰ পৰা ঘৰলৈ আহিলে তেখেতৰ ৰিক্সাত নুঠো । তেখেতৰ বয়সে মোক বাধা দিয়ে । আজি অকণমান খৰখেদা হোৱাত তেখেতৰ ৰিক্সাত উঠিব লগা হ’ল ।
মনত এক অপৰাধবোধ তথাপি তেখেতৰ মনৰ খবৰ লবলৈ মন গ’ল । সুধিলো কিহৰ বাবে তেখেতে এতিয়াও, এই আনুমানিক ৭০/৭৫ বছৰ বয়সতো ৰিক্সা টানিব লগা হৈছে । ৰিক্সা টানি টানিয়েই তেখেতে পিছলৈ ঘুৰি চালে । প্রশ্নটোৱে যেন তেখেতক কিবা এটা আনন্দহে দিলে, এনে এটা ভাবত তেওঁ কৈ গ’ল তেওঁৰ সঞ্চিত সপোনৰ কথা । এজন বৃদ্ধ ৰিক্সাৱালাৰ সপোনৰ কথা ।
তেওঁৰ ছোৱালী এইবাৰ কলেজৰ পৰা ওলাব, তাৰ পিছতেই তাই উপাৰ্জন কৰিব আৰু তাৰ পিছতেই??? বৃদ্ধই এটা মন খোলা হাঁহি মাৰি কলে, তাৰ পিছতেই তেওঁৰ সমস্ত দুখৰ দিনৰ সমাপ্তি ঘটিব, বাকি থকা দিন কেইটা আৰামেৰে পাৰ কৰিব পৰিবাৰৰ লগত, নিজৰ ঘৰত ।
দিনটো ৰিক্সা টানি টানি ক্লান্তিত বৃদ্ধৰ শেঁতা পৰা মলিয়ন মুখমণ্ডল আচৰিত ধৰণেৰে উজ্বলি উঠিছিল মোক তেখেতৰ সপোনৰ কথা ব্যক্ত কৰাৰ সময়ত । মই বুজিছিলো তেওঁ সপোনৰ কথা প্রকাশ কৰি এক নিৰ্মল আনন্দ পাইছিল । তেওঁ কৈছিল এই সপোনটো কেনেদৰে সঞ্জীৱনী হৈ তেওঁক থমকি ৰ’বলৈ দিয়া নাই, এই সপোনটোৱে তেওঁক কেনেদৰে কষ্ট অনুভৱ নকৰাকৈ ৰাখিছে । তেওঁ নকলেও মই অনুভৱ কৰিব পাৰিছিলো কেনেদৰে এই সপোনটোৱে তেওঁৰ আত্মাক প্রশান্তি দি ৰাখিছে প্রতিটো খোজত ।সাধাৰণ মানুহ হ’লেও তেওঁও সপোন দেখিছে, জীৱনী শক্তি দান কৰিছে তেওঁৰ অন্তৰাত্মাক তেওঁৰেই বুটা বঁচা সপোনে আৰু সেয়েহে তেওঁ মুৰপাতি লৈছে সকলো শাৰিৰীক কষ্ট এই বয়সটো হেলাৰঙে, হাঁহি হাঁহি তেওঁ টানি ফুৰিছে ৰিক্সাখন ।
কালিলৈ আকাশত ৰামধেনুৰ আশাত আজি তেওঁ সমস্ত ধুমুহা মুৰ পাতি লৈছে নিশব্দে ।
সাধাৰণ মানুহ হলেও তেওঁক তেওঁৰ সপোনে জীয়াই ৰাখিছে যেনেদৰে আমাক জীয়াই ৰাখিছে আমাৰ সপোনবোৰে । বৃদ্ধ ৰিক্সাৱালাজনৰ ছোৱালীজনীৰ বাবে মই প্রাৰ্থনা কৰিম । তাই যাতে বৃদ্ধ দেউতাকৰ সপোনত ৰঙ বুলাব পাৰে ।