সাধুকথাৰ বাৰী (-মৃদুল মৰাণ)

সাধুকথাৰ বাৰী
-মৃদুল মৰাণ,
ডিব্ৰুগড় বিশ্ববিদ্যালয়৷

কজলা ডাৱৰৰ বুকুতtejimol
কাঁচিজোনে মুখ গুজোঁতেই শুনিলোঁ
তেজীমলাৰ বিলাপ-
“হাতো নেমেলিবি, ফুলো নিছিঙিবি…”
মাতটোৰ পিছে পিছে
গ’লোঁ আগবাঢ়ি
হালিছে জালিছে
চম্পাৱতীৰ দেউতাকৰ ধাননি
ধাননিৰ মাজতে টঙীঘৰ এটা
জিলিকি আছে তাতে
পোহৰৰ কণমানি ৰেখা
আগলৈ খোজ দিবলৈ লওঁতেই
শুনিলোঁ পুনৰ তেজীমলাৰ বিষাদগধুৰ মাত
“আগলৈ নিদিবি খোজ-
ক’ৰে গৰখীয়া তই
মাহীআইৰ বুকুত
দেউতাই জিৰাইছে তাত৷ ”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!