সাধুকথা আৰু শিশুসাহিত্য (দ্বিজেন্দ্ৰ নাথ শৰ্মা)
পঢ়িবলৈ নৌ শিকোঁতেই মাকৰ মুখৰ পৰা শুনা সাধুকথাৰেই সহিত্যৰ সৈতে মানুহৰ প্ৰথম চিনাকি ঘটে। বুঢ়ী আইৰ সাধু, গোপালভাৰৰ কাহিনী, নিংনি ভাৱৰীয়াৰ সাধু বা বিভিন্ন লোক কলা-সংস্কৃতিৰে সমৃদ্ধ বিভিন্ন সাধুকথা, পৰীৰ সাধু, শিয়ালৰ সাধু আদিৰ জড়িয়তে শিশুৱে সাহিত্য জগতত ভুমুকি মাৰে। বিশেষকৈ মাক বা আন ডাঙৰ মানুহে স্মৃতিৰ পৰা কোৱা বা পঢ়ি শুনোৱা সাধুবিলাকে ভাস্বত কৰি তোলা দৃশ্যপটবোৰেৰেই উমাল মানুহৰ শিশুকালৰ নষ্টালজিয়া। শোৱাপাটিত সাধু নুশুনাকৈ অতীত হোৱা শিশুকালৰ কল্পনা কৰিবই নোৱাৰি। মাকৰ মুখৰ সাধুৰ আমেজেই বেলেগ। এই শিশু সাহিত্যবোৰত বৰ্ণিত কাহিনীবোৰ মাকৰ মুখত প্ৰাণ পাই উঠে। বুজা নুবুজাৰ সন্ধিক্ষণত মাকৰ মৰমৰ আৱেশেৰে সংপৃক্ত হৈ ব্যক্ত হোৱা সাধুকথাবোৰে শিশুৰ মনত এখন কল্পজগতৰ সৃষ্টি কৰে। শিয়াল, বাঘ, সিংহ, কুকুৰ, মেকুৰী, ….. কাউৰী, বগলী, চিলনী…… নিগনি, পৰুৱা, .. ৰজা-মহাৰজা, ৰাজকোৱৰ-ৰাজকুৱৰী, … পৰী, দেৱদূত, যখিনী-ভূতুনী, পিশাচ…… কত যে কিমান চৰিত্ৰ। বাঘ-সিংহৰ পৰাক্ৰম….. শিয়ালৰ টেঙৰালি…. শহাৰ বুদ্ধি, কাউৰীৰ চালাকিভৰা মূৰ্খামি….. কত যে কিমান কাহিনী। প্ৰতিটো কাহিনীয়ে একো একোখন ছবিৱ দৰে ভাঁহি উঠে শিশুৰ মনত। মায়াময় এখন জগতৰ লগত একান্ত অনুভৱ কৰায় মাকৰ মুখেৰে নিৰ্গত এই কাহিনীবোৰে।
বিশ্ব শিশু সাহিত্যৰ এক বিশাল অংশ দখল কৰি আছে সাধুকথাবোৰে। এখন দেশৰ সাহিত্যৰ পৰিচয় পাবলৈ হ’লে আমি সেই দেশৰ শিশু-সাহিত্যৰ বিষয়ে জানিবই লাগিব। সেই জাতি বা ভাষাৰ সাধুকথা কিমান সমৃদ্ধ সেইটো চাইয়ে নিৰ্ধাৰণ কৰিব পাৰি সেই জাতিৰ সাহিত্য কিমান সমৃদ্ধ। শিশু সাহিত্যৰ প্ৰাথমিক স্তৰটো হ’ল সাধুকথাবোৰ। ইয়াত প্ৰাথমিক স্তৰ বুলি এই কাৰণে কোৱা হৈছে যে শিশুৰ সাহিত্যৰ লগত প্ৰথম সংশ্ৰৱ হয় সাধুকথাৰ মাজেৰেই। পৃথিৱীৰ বিভিন্ন দেশত আজিও প্ৰচলিত হৈ থকা সাধুকথাবিলাকেই তাৰ প্ৰমাণ। দেশভেদে কাহিনী বা চৰিত্ৰ বেলেগ হ’ব পাৰে, কিন্তু এই সাধুকথাবিলকৰ মূল চৰিত্ৰ একে। ৰূপ কথাৰ মাধ্যমেৰে, মনোগ্ৰাহী উপস্থাপনেৰে সৃষ্টি কৰা সাধুকথা বিলাকত চৰিত্ৰৰ কাৰ্য-কলাপবিলাক বৰ আকৰ্ষণীয় হয়। কিছুমান নীতি-শিক্ষামূলক হয় যদিও এই প্ৰাথকিম স্তৰৰ সাধুকথা বিলাকৰ উদ্দেশ্য উপদেশ মূলক নহয়। সাধুকথাৰ চৰিত্ৰ বিলাকৰ কাৰ্য-কলাপৰ কোনো সীমাবদ্ধতা নাথাকে। সাধুকথাত শিলেও কথা কয়। মানুহো আকাশত উৰে। তৰাৰ দেশত পৰী ঘূৰি ফুৰে। জোন বেলি তৰা শুৱে। যুক্তিযুক্ততাৰ পৰিধি ভাগি এক মোহময় মায়াজলেৰে আবিস্ত সাধুকথাৰ জগত খন।
সহিত্যৰ ক্ষেত্ৰত আটাইতকৈ বেছিকৈ উচ্চাৰিত প্ৰশ্ন যে সকলো লিখনিয়ে সাহিত্যনে আৰু তাৰ স্পষ্ট উত্তৰ নাই। সাহিত্যৰ এটা সংজ্ঞাত কোৱা হৈছে সহিত্যৰ ক্ষেত্ৰত এটা কথা নিশ্চিত হ’ব লাগিব যে লিখনিখিনি গুনবিশিষ্ট হৈছে। One definition of literature requires that the work be of good quality (Hillman,2002). হিলমেনে সাহিত্যৰ দুৰ্বল মানৰ ক্ষেত্ৰত কেইটামান কথা কৈছে – গজমিলন (যেনি-তেনি মিলাই থোৱা) পৃষ্টভুমিৰ লিখনি বুলি সেইবিলাকক ধৰা হয় যিবিলাক ভীষণ অবিশ্বাসনীয় হয়, অতি অযুক্তিকৰ আৰু অতি উপদেশমূলক হয়। এইটোৱে সহিত্যৰ গুণ নিৰ্ধাৰণৰ ক্ষেত্ৰত কিছু দিকদৰ্শন কৰিব পাৰে। পঢ়ুৱৈৰ মনোযোগ আকৰ্ষণৰ বাবে যিকোনো সাহিত্য সৃষ্টিকৰ্তাই এই কেইটা দিশত বিশেষ ধ্যান দিয়াৰ প্ৰয়োজন। শিশু সাহিত্য কি বুলি ক’লে একে আষাৰে কৈ দিব পৰা কথা নহয়। শিশু সাহিত্য মানে শিশুৱে পঢ়া কিতাপ নেকি? শিশুৱে পঢ়া বা পঢ়িব লগা কিতাপ মানেই শিশু সাহিত্যৰ পৰ্যায়ৰ হোৱা দেখা নাযায় । কিন্তু এইটো সৰ্বোত্তম কথা হ’ব যদিহে শিশুৱে পঢ়িব লগা হোৱা সকলো লিখনিয়ে শিশু সাহিত্যৰ গুনগত মানবিশিষ্ট হোৱাৰ পৰ্যায়ৰ হয়। ইয়াত আগতে কোৱা হৈছে যে যি সাহিত্যৰে প্ৰথমতে শিশুৰ সাহিত্যৰ লগত পৰিচয় ঘটে সেই সাহিত্য শিশুৱে নিজে নপঢ়ে। সাধুকথাৰ কথাখিনিলৈ চালেই এই কথাটো প্ৰতীয়মান হয় যে প্ৰথমতে শিশুৱে শুনেহে। গতিকে শিশু সহিত্যই শিশুৰ মন আকৰ্ষিত কৰিব পাৰিব লাগিব। সাধুকথাবিলাকৰ ক্ষেত্ৰত দেখা যায় যে তাৰ এক অদ্ভূত আকৰ্ষণী শক্তি থাকে। বুজা-নুবুজাৰ দৌদূল্যমান অৱস্থাত থকা শিশুৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব পৰা এক অনন্য শক্তি সাধুকথা বিলাকত থাকে।
শিশুৰ বাবে লিখা যিকোনো সাহিত্যতে শিশুসাহিত্যৰ গুণ থাকিব লাগিব। সি লাগিলে কৌতূকধৰ্মীয়েই হওক বা কাৰ্টূনেই হওক বা শিক্ষামূলক কিতাপেই হওক। ইয়াৰ মাজতে কিছুমানক গুনবিশিষ্ট শিশু সাহিত্য বুলি ধৰা হয়। তাৰ ভিত্তি হ’ল সেইবোৰৰ প্ৰভাৱ আৰু গ্ৰহণযোগ্যতা। যিমানে শিশুমনক আকৰ্ষিত কৰিব পাৰিব সিমানে তাক উচ্চমানবিশিষ্ট বুলি ধৰা হয়।
শিশুসাহিত্যক মূলত তিনিটা ভাগত ভাগ কৰিব পাৰি। শিশুকালত মাত ওলাব ধৰাৰ পৰা পঢ়িব পৰা হোৱা কাললৈ আমি শিশুৰ প্ৰাথমিক স্তৰ বুলি ধৰিব পাৰোঁ। এই প্ৰথমিক স্তৰৰ শিশুৰ ওপৰত সাধুকথাৰ প্ৰভাৱ আৰু প্ৰয়োজন অন্যতম। সাধুকথা শিশুৰ বাবে প্ৰাথমিক স্তৰত শ্ৰাৱ্য সাহিত্যও বুলিব পাৰি। সাধুকথাবিলাকক প্ৰথম ভাগৰ শিশু সহিত্য বুলি ধৰিব পাৰি। ইয়াক প্ৰথম পৰ্যায়ত শিশুক শুনোৱা হয় আৰু পিছলৈ শিশুৱে নিজেও পঢ়ে। পঢ়িব পৰা হোৱাৰ পৰা ১২-১৩ বছৰমানলৈ শিশুক এটা স্তৰত আৰু ১৩ৰ পৰা ১৬-১৭ যিটো আমি কৈশোৰ কাল বুলি কওঁ সেইটো স্তৰক তৃতীয় স্তৰত ৰাখিব পাৰোঁ। দ্বিতীয় আৰু তৃতীয় স্তৰৰ শিশু সাহিত্যখিনি শিশুসকলক নিৰ্বাচন কৰি দিয়াটো মূলত অভিভাৱকৰ দ্বায়িত্ব। ইয়াত শিক্ষাগুৰুৰো গুৰুত্বপূৰ্ণ ভুমিকা আছে।