সাধু – ৰঞ্জন বৰ্মন
কোনো দিনেই নুশুনা এটা সাধুৰ
অতললৈ
মোৰ এই যাত্ৰা৷
পিতায়ে যেতিয়া আইক কৈছিল সাধুটো
আন্ধাৰ পানীৰ মাজত
মই তেতিয়া গভীৰ নিদ্ৰাত৷
সপ্তাশ্বৰ জুয়ে পুৰি এঙাৰ কৰা
পিতাইৰ পিঠিত
আয়ে বিচাৰি পোৱা নাছিল সেই সাধু৷
যি সাধুৰ বাবে
হালধীয়াবোৰৰ স’তে যুঁজিছিল পিতায়ে৷
শিল খান্দি উলিয়াইছিল শিপা
বোৱাইছিল নদী৷
যি নদীত আয়ে দুখৰ কাপোৰ ধুইছিল৷
শৈলুৱৈ গজা ৰাতিবোৰত
দূৰৈৰ তৰাই মাতিছিল পিতাইক
মাতিছিল আইক৷
ডেউকা কোবাই যিদৰে উৰি যায় চৰাই
বৈ যায় বতাহ
গুচি গৈছিল পিতাই৷ পিতাইক বিচাৰি আই৷
তেতিয়াৰে পৰা কতবাৰ শেৱালি ফুলবোৰ ফুলি সৰিল
কতবাৰ পদূলিৰ বুকুলজোপাই
সলালে চাদৰ!
অথচ সেই সাধুটোৱে সলাব নোৱাৰিলে উশাহ!
যি সাধুৰ অতললৈ মোৰ এই যাত্ৰা!