সাহিৰ লুধিয়ানবীৰ কবিতা (অনুবাদ: ড° লোচন শইকীয়া)
অকবৰ মজিয়াত উৰ্দু সাহিত্যৰ সামান্য আলোচনা ইয়াৰ আগতেও কৰিছোঁ। এক বিশাল সাহিত্যৰ ভাণ্ডাৰৰ পৰা আজি মাত্ৰ এটা মুকুতা উলিয়াই আনিছোঁ। ইয়াক পৰীক্ষা কৰা মোৰ দৰে নগন্য অকবি এজনক শোভা নাপায়। হলেও মীৰ কী মীৰ, মীৰ্জা গালিব আদিকে কৰি অসংখ্য উৰ্দু শায়ৰ আহিল। বেহিচাব। আধুনিক উৰ্দু সাহিত্যত নিগাজী আৰু অন্যতম সুৰক্ষিত স্থান যদি কৰিব পাৰিছে, সেয়া একমাত্ৰ সাহিৰ লুধিয়ানবীয়ে, তেখেতৰ অনুপম সৃষ্টিৰ মাধ্যমেৰে। আজি মাত্ৰ এটা নজ্ম বাচি লৈছোঁ আৰু সম্পুৰ্ণ উৰ্দ্ধৃতি দি অসমীয়াত শব্দ ভাঙনিৰে বুজাৰ প্ৰয়াস কৰিছোঁ, যিটো সূৰ্যক জুই দেখোৱাৰ স্বৰূপ বুলি আখ্যা দিব পাৰি। ভুল-ভ্ৰান্তিৰ বাবে ক্ষমাপ্ৰাৰ্থী। মোৰ বোধেৰে একোটা ভাষাৰ কবিতাৰ এইটোৱেই মৌলিকতা যিটো অনুবাদ সাহিত্যই সম্পূৰ্ণ ৰসাস্বাদ কৰাত আংশিক বাবেহে সফল হয়।
फ़नकार (কলাকাৰ) साहिर लुधियानवी
मैंने जो गीत तिरे प्यार की ख़ातिर लिक्खे
आज उन गीतों को बाज़ार में ले आया हूँ
आज दुक्कान पे नीलाम उठेगा उनका
तूने जिन गीतों पे रक्खी थी मोहब्बत की असास (ভেঁটী)
आज चाँदी के तराज़ू में तुलेगी हर चीज़
मेरे अफ़कारৰচনা, मिरी शायरी, मिरा एहसास
जो तिरी ज़ात से मंसूब (সম্বধিত)थे उन गीतों को
मुफ़लिसी जिन्स (খাদ্য) बनाने पर उतर आई है
भूक, तेरे रुख़े-रंगों के(ৰঙীন চেহেৰা) फ़सानों के इवज़
चंद अशिया -ए- ज़रूरत की (কেইটামান মুদ্ৰা) तमन्नाई है
देख इस अर्सागहे – मेहनतो (পৰিশ্ৰম ও পুঁজি) सर्माया में
मेरे नग्मे भी मिरे पास नहीं रह सकते
तेरे जलवे किसी ज़रदार(পুজিপতি) की मीरास सही
तेरे ख़ाके (ৰেখাচিহন) भी मिरे पास नहीं रह सकते
आज उन गीतों को बाज़ार में ले आया हूँ
मैंने जो गीत तिरे प्यार की ख़ातिर लिक्खे
তোমাৰ প্ৰেমত ৰচিত গীত আজি বজাৰলৈ লৈ আহিছোঁ
যি গীতত তুমি গঢ়িছিলা বিশ্বাসৰ ভেটী
সেই গীতৰ আজি বজাৰত নীলাম উঠিব
সেই গীত, মোৰ অনুভৱ, মোৰ কবিতাৰ
ৰূপত তুলাচনীত আজি মোৰ কবিতাৰ ডাক উঠিব
সেই গীত যি তোমাৰ সম্বন্ধে, আজি তাৰেই ভোক গুচাবলৈ খুবেই প্ৰয়োজন, হয় মোক খুবেই প্ৰয়োজন কেইটামান মুদ্ৰা
চোৱা, পৰিশ্ৰম আৰু পুঁজিৰ বজাৰত
মোৰ কবিতা মোৰ হৈ থাকিব নোৱাৰে
তোমাৰ গুণ বখানৰ দাম থাকিব পাৰে পুঁজিপতিৰ বজাৰত
হয় সেই গীতকে বজাৰলৈ লৈ আহিছোঁ
যি তোমাৰ প্ৰেমত ৰচিত গীত
আজি সেই গীতকে বজাৰলৈ লৈ আহিছোঁ ।