সীমান্ত (হিৰণ্য কাশ্যপ) – ৰিংকু সমাদ্দাৰ
‘সেই প্ৰবীণটোও এটা ল’ৰা আছিল দেই! তাৰ যে সেই ৰাতি পিন্ধি শোৱা লুঙিখন ৰাতিপুৱা কেতিয়াও গাত নাথাকে, সি যে সম্পূৰ্ণ দিগম্বৰ হৈয়েই ৰাতিপুৱা আঠ বজালৈকে শুই থাকে, ——ধেৎতেৰি! সি এতিয়া ইউনিভাৰ্ছিটিতে কিবা এটা স্কিমত কাম কৰি আছে৷
……..কছাৰী ৰজা? সি ক’ত আছে বাৰু? বোধহয় কাৰ্বি আংলঙৰ ফালেই ক’ৰবাত আছে৷ কাৰোবাৰ মুখত সি শুনিছিল৷
—– সি হেনো বিয়া পাতিলে৷ ল’ৰা-ছোৱালীও আছে হেনো৷ সি তাৰ বিয়াৰ খবৰো তাক নিদিলে! আচৰিত কথা৷ এসময়ত তাৰ লগত সীমান্তৰ কিমান নিবিড় সম্পৰ্ক আছিল!
কছাৰী ৰজা৷ অতি দুখীয়া ঘৰৰ ল’ৰা আছিল সি৷ অন্যৰ ঘৰত হালোৱা খাটি খোৱা বাপেকৰ ডাঙৰ ল’ৰা আছিল সি৷ চাৰিজনী ভনীয়েক আছিল তাৰ৷ ডাঙৰজনী ভনীয়েক সি পঢ়িবলৈ অহাৰ আগৰ বছৰ সিহঁতৰ গাঁৱতে চাকৰি কৰা মেলেৰিয়া ইন্সপেক্টৰ এটাৰ লগত পলাই গৈছিল৷ বাকী তিনিজনী ভনীয়েকক লৈ চিন্তাৰ শেষ নাছিল কছাৰী ৰজাৰ৷ ধেমালিতে সীমান্তই এদিন তাক সুধিছিল———-“তোৰ ভনীয়েৰকে মই বিয়া কৰাব লাগিব, দিবি মোলৈ? “
তাৰ ধেমালি সি বুজি পোৱা নাছিল৷ অবিশ্বাসৰ দৃষ্টিৰে তাৰ চকুলৈ চাই সি সুধিছিল———“তই সঁচাকৈ কৈছ?“ সীমান্তই হাঁহিছিল৷ আৰু কোনো দিনে তাৰ লগত সি তেনেকুৱা ধেমালি কৰা নাছিল৷
“চাকৰি পোৱাৰ পিছত প্ৰথম দৰমহাৰ পইচাৰে বুঢ়াক মই এক কাৰ্টন ফিল্টাৰ ছিগাৰেট কিনি দিম৷” —–সি প্ৰায়েই কৈছিল৷ তাৰ বাপেকে হেনো খুউব বিড়ি খাইছিল, কিন্তু কোনোদিনে চিগাৰেট খাই পোৱা নাছিল৷ সি দিলেনে বাৰু বাপেকক এক কাৰ্টন ছিগাৰেট কিনি? দিলে, ——নিশ্চয় দিলে৷
কছাৰী ৰজাৰ কথা মনত পৰিলেই তাক লগ পোৱাৰ প্ৰবল ইচ্ছা হয় সীমান্তৰ৷ সিও যদি ডেপুটেশ্যনত পি.জি. কৰিবলৈ আহিলহেঁতেন! নাই, সি আহিব নোৱাৰে! পি.জি.কৰিবৰ বাবে প্ৰয়োজনীয় গ্ৰেড-পইণ্ট তাৰ নাই৷ সি পঢ়া-শুনাত বেয়া নাছিল, কিন্তু এগ্ৰিকালচাৰৰ শিক্ষাৰ মাধ্যমটো ইংৰাজী হোৱাটোৱে তাক বৰ অসুবিধাত পেলাইছিল৷ এইটো কাৰণতে তাৰ পৰীক্ষা ভাল হোৱা নাছিল৷ কিন্তু এগ্ৰিকালচাৰৰ প্ৰেক্টিকেল জ্ঞান সীমান্তহঁততকৈ তাৰ বহুত বেছি আছিল৷
বৰ কষ্টৰ মাজেৰে পঢ়িলে বেচেৰাই! বছৰকেত এবাৰ পোৱা ছিডিউলড ট্ৰাইবৰ ষ্টাইপেণ্ডৰ বাৰশ নে তেৰশ টকাই সম্বল আছিল তাৰ৷ তাৰ পেটৰ অসুখ, ডাক্টৰে চাহ খাবলৈ মানা কৰা ইত্যাদিবিলাকৰ প্ৰকৃত ৰহস্য বুজি পোৱাৰ পিছত সীমান্তহঁতেই জোৰকৈ তাক আবেলিৰ চাহ খাবলৈ নিছিল৷ তাৰ চাহৰ খৰচ কোনোবা দিনা সীমান্তই, কোনোবা দিনা মদনে বা কোনোবা দিনা তামুলীয়ে দিছিল৷ বিছনাৰ নামত তাৰ এখন পাতল তুলি আছিল৷ সীমান্তই নিজৰ দুটা গাৰুৰ তাক এটা দিছিল৷ জাৰৰ দিনত গাত ল’বলৈ তাৰ এখন এৰী চাদৰ আছিল৷ পাছত মদনে তাৰ কাৰণে নতুন লেপ এখন কৰাই দিছিল৷ লেপখন তাক দিয়াৰ দিনা সজল চকুৰে সি মদনক কৈছিল———-“তহঁত ইমান উদাৰ নহ’বি দেই দোস্ত, বৰ ঠগ খাবি জীৱনত৷ “
মদ খাবলৈ এৰিলেনে বাৰু সি? নাই, সি ক’ত মদ খাবলৈ এৰিব! কছাৰী ৰজাই মদ নাখায় কোনে খাব? “ মদৰ নিচাত পগলা হৈ ছোৱালী হোষ্টেলৰ সন্মুখতে থকা ফিল্ডখনথ ৰাতি এটা বজাত কি নৃত্য কৰিছিল সি!
আৰু তামুলী? তাকোতো যোৱা দহবছৰে সি লগ পোৱা নাই৷ অৱশ্যে সি লক্ষ্মীমপুৰত চাকৰি কৰি থকাৰ কথা সি জানে, তাৰে ছোৱালী এজনীক বিয়া কৰোৱাৰ কথাও জানে৷ হোষ্টেলত সোমোৱাৰ প্ৰথম দিনাই লগ পাইছিল সি তামুলীক৷
ৰেগিংত প্ৰথম দিনা সীমান্ত আৰু তামোলীক ছিনিয়ৰ ল’ৰাবোৰে গিৰিয়েক-ঘৈণীয়েক পাতি ষ্টেজৰ ওপৰত শুদা জাঙিয়া পিন্ধাই ’সুহাগ-ৰাত’ ছিনেমাৰ এক্টিং কৰিবলৈ দিছিল৷ কথাটোমনত পৰি সীমান্তৰ হাঁহি উঠিল৷ “কিছ খা, ——-ধুৰ বুৰ্বক——–ওঁঠত খা, ———কামুৰি দে, ——-ব্ৰা খোল——–৷ চিঞৰ-বাখৰ৷ তামুলীৰ ডাঢ়িৰ খোচ, মুখৰ গোন্ধৰ কথা মনত পৰি গ’ল সীমান্তৰ৷
আৰু মৃণাল দা? ভোট নিদিয়া বাবে সেইদিনা ৰাতি পি.জি.ৰ ছিনিয়ৰবোৰে উগ্ৰমূৰ্তি ধাৰণ কৰি মাৰিবলৈ আহোতে মৃণাল দাই সিহঁতক বুজাই বঢ়াই তাক বচাইছিল! বৰ মৰমিয়াল অন্তৰৰ ল’ৰা আছিল মৃণাল দা৷ হোষ্টেল এৰি যোৱাৰ সময়ত মৃণাল দাই তাক কৈ গৈছিল——-
“তিনি নম্বৰ হোষ্টেলৰ চাৰ্জ তোক দি গ’লো৷ হোষ্টেল ঠিক কৰি ৰাখিবি৷ “——সীমান্তই ৰাখিছিল…………………“
……হিৰণ্য কাশ্যপৰ প্ৰথম উপন্যাস “সীমান্ত”৷ প্ৰান্তিক আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা উপন্যাসখনৰ ভাষা প্ৰাঞ্জল৷ কলেজীয়া আৰু হোষ্টেল জীৱনৰ ঘটনাৰাজিক সৰল আৰু প্ৰকৃত ৰূপত দাঙি ধৰা সুন্দৰ প্ৰকাশ ভংগীয়ে উপন্যাসখনক আকৰ্ষণীয় কৰি তুলিছে৷
……উপন্যাসখনৰ পটভূমি যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়৷ এগ্ৰিকালচাৰৰ বেচেলৰছ ডিগ্ৰী লৈ “ইয়াৰ পাছত আৰু ছাইন ব’ৰ্ডো নপঢ়োঁ” বুলি কোৱা কলেজখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অতি পপুলাৰ ‘দাদা’সীমান্ত বৰুৱা পুনৰ কলেজখনলৈ পঢ়িবলৈ আহে ডেপুটেশ্যনত৷ ঘৰখন এৰিবলৈ টান পোৱা সীমান্তৰ লগত এইবাৰ আহে পৰিবাৰ ৰাখী আৰু তিনিবছৰীয়া ল’ৰা বাবা৷ ছবছৰকাল আৰামেৰে চাকৰি কৰাৰ পাছত ঘৰৰ মানুহ, শুভাকাংক্ষীসকলৰ আগ্ৰহ আৰু ইচ্ছাকে প্ৰাধান্য দি সীমান্ত গুচি আহে যোৰহাটলৈ পি.জি কৰিবলৈ৷ নতুনকৈ নামভৰ্তি কৰাৰ পৰা ৰিচাৰ্চ কৰি, চেমিনাৰ পাতি, থেচিচ লিখি ডিগ্ৰী লোৱালৈকে সীমান্তৰ পাছে পাছে আগবাঢ়ি যাওঁতে কাহিনীয়ে যি সাৱলীলতাৰে গতি লয় পাঠকে অজানিতেই একাত্ম হৈ পৰে ঘটনাৰাজিৰ সৈতে৷ বৰ্ণনাৰ সজীৱতাৰ বাবে প্ৰতিটো ঘটনায়েই জীৱন্ত হৈ উঠে৷ কলেজীয়া জীৱনৰ বন্ধুবৰ্গৰ নিৰ্মল ধেমালি, নিভাঁজ অন্তৰংগতা, উদাৰ মন, পৰোপকাৰী মানোভাৱেৰে সৈতে এজাক সপোনপিয়াসী ডেকা-গাভৰুৰ বিচৰণ ভূমি কৃষি বিশ্ববিদ্যালয়৷ প্ৰাসংগিকভাৱেই অন্য বিষয়সমূহৰ পৰা কিছু পৃথক গৱেষণাৰ বিষয়বস্তু আৰু তাৰ সৈতে সেইবোৰৰ বাস্তৱিক প্ৰয়োগ এইবোৰৰ উপস্থাপনে উপন্যাসখনক অনন্য মাত্ৰা দিছে৷ হোষ্টেলীয়া জীৱনৰ সোৱাদ-নবাগতসকলৰ ৰেগিঙৰ পৰা আৰম্ভ কৰি মদ-ভাং-চুলাই খোৱা, নিৰ্বাচনৰ ৰাজনীতিলৈকে সকলোবোৰৰ সৰস বৰ্ণনা দিছে লেখকে৷ ৰিচাৰ্চ কৰাৰ ক্ষেত্ৰত ৰিচাৰ্চ কৰিবলগীয়া বিষয়টোৰ বাবে এগৰাকী মুৰব্বী নিৰ্বাচন, তেওঁলোকৰ দিহা-পৰামৰ্শমতে কৰ্ম নিৰ্ধাৰণ, কামৰ অগ্ৰগতি, তাৰ খতিয়ান আৰু শেষত এদিন সফলতাৰে ৰিচাৰ্চ সম্পূৰ্ণ কৰি ডিগ্ৰী আহৰণ৷ ৰিচাৰ্চ কৰাৰ পাছত হেনো অসফল হোৱাৰ ৰেকৰ্দ নাই৷ সেয়ে অসফল হোৱাৰ পাছতো সফল হোৱাৰ ডাটা সংগ্ৰহ কৰি সীমান্তয়ো ডিগ্ৰী লৈ গুচি যায় সময়ত৷ কিন্তু উপন্যাসখনৰ শেষাংশত যেতিয়া সীমান্তৰ ৰিচাৰ্চৰ গুৰু ঘোষ ছাৰে সীমান্তক পুনৰ সীমান্তই আধৰুৱা কৰি থৈ যোৱা কামখিনি আগবঢ়াই লৈ যোৱাৰ প্ৰস্তাৱ দিয়ে তেতিয়া সীমান্তৰ নিজকে অপৰাধী যেন লাগে৷
…….কথোপকথনৰ ভংগীৰে পৰিপুষ্ট উপন্যাসখন সঁচাই উপভোগ্য৷ কলেজ উইক, কেণ্টিন, ঠাকুৰ দা, বিমল সেনগুপ্তৰ আত্মহত্যা, অকালতে মৃত্যু হোৱা “নাচ বাঈজী নাচ, দিল্লী বহু দূৰ“ খ্যাত সঞ্জীৱ ডেকা, গায়ক বিজয় বৰা, দ্বীপেন, এগ্ৰিকালচাৰৰ কমল দা, প্ৰভাত, ৰূপা, মঞ্জুলা, বিনয়, আজাদ আৰু বহুতো……৷
ডেকা ল’ৰাৰ উদ্ভণ্ডালি, কিছু বলিয়ালী, শিক্ষক-ছাত্ৰৰ মাজৰ বুজাবুজি-মতানৈক্য, এনে বহুতকেইটা দিশ সামৰি কলেজীয়া জীৱনৰ এখন ছবি পাঠকে বিচাৰি পায় “সীমান্ত”ত৷
(উৎসঃ শেষৰ ফালে কিয়দাংশ ইণ্টাৰনেটৰ পৰা)
☆★☆