সীমাৰ সিপাৰে( -বিপুল বৰা)
৷ ৷ সীমাৰ সিপাৰে৷ ৷
-বিপুল বৰা৷
.
শান্ত সমাহিত নদীৰ গৰ্ভত
প্ৰবাহিত সোঁতৰ ওপৰত
নিৰ্ভেজাল অনুমান অসম্ভৱ৷ ৷
.
.
সহজ-সৰল দুচকুতো
সুপ্ত হৈ থাকে তীক্ষ৯ দৃষ্টি৷
তোমাক কোন সময়ত পঢ়ি,
কেনেকৈ কৰিব শিল্প সৃষ্টি,
তুমি গমেই নেপাবা৷ ৷
.
.
তোমাক কোনে ক’লে অ’ ছোৱালী,
বন্ধ কোঠাত সুবাস নেথাকে বুলি?
সাজু হৈ আহিবাচোন কাষলে মোৰ,
মায়াময় সুগন্ধি বিলাম মই৷ ৷