কবিতা সুখ (অগস্ত্য বৰুৱা) May 14, 2014 0 Comments চেৰেকীৰ পাকত মেৰ খাই থকা দুখবোৰ তেওঁ মেলি দিলে দীঘলীয়াকৈ সময়ৰ বাণিয়ে গাঁঠি দিলে একোটা কুহুমীয়া সপোন দীঘল চাদৰখন লৈ ঘূৰি চালে চেৰেকীটো উকা হৈ পৰিল।। ***********************