সুতুলি পিঠা – বৰ্ণালী পবিত্ৰ শৰ্মা

উপকৰণসমূহ:-
জহা চাউলৰ পিঠাগুৰি দুকাপ
বৰাচাউল পিঠাগুৰি ডেৰকাপ
বেকিং পাউডাৰ একচামুচ
গুৰ একাপ
তিল আধাকাপ ভাজি গুৰি কৰা
তিল এচামুচ গোটা
ৰিফাইন একাপ

প্ৰণালী: তিল ধুই শুকুৱাই ভাজি গুৰি কৰি লৈছো৷ মিহিকৈ কটা গুৰ সানি পুৰৰ বাবে মিশ্ৰণটো তৈয়াৰ কৰি লৈছোঁ৷এখন কেৰাহীত একাপ গুৰ আধাকাপ পানী দি গলাই লৈছোঁ৷ এটা পাত্ৰত জহাচাউল, বৰাচাউলৰ গুড়ি লৈ একচামুচ বেকিং পাউদাৰ দি সানি লৈ গলাই লোৱা গুৰৰ পানী কম কমকৈ দি সানি আটামৰাৰ দৰে মাৰি লৈ সৰু সৰুকৈ লাৰু কৰি ঘিলাৰ দৰে কৰি মাজত তিল গুৰৰ পুৰ দি সুতুলিৰ আকৃতি দিছোঁ৷ সুতুলিৰ ফুটাৰ দৰে দেখিবলৈ বাবে গোটা তিল কেইটামান ঠায়ে ঠায়ে দি দিছোঁ৷
কেৰাহীত ৰিফাইন তেল গৰম কৰি দুই তিনিটাকৈ দি ভালকৈ দুই ফালে ভাজিলোঁ৷

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

বহুত বহুত ধন্যবাদ জনালোঁ

Copying is Prohibited!