সুধাকণ্ঠ — জুপিতৰা সৃজনী

 

সূৰ্যৰ দৰে যি উজ্জ্বল

ৰ’দৰ দৰে যি প্ৰসাৰিত
বতাহৰ দৰে যি যাযাবৰ
নৈৰ দৰে যি নিৰ্মল
তেওঁ সুধাকণ্ঠ…..
ৰ’দৰ প্ৰখৰতাত বাটৰুৱাই বিচাৰি ফুৰা
এক ছাঁয়াময় শীতলতাৰ নাম তুমি
লুইতৰ বিশাল বক্ষৰপৰা
মনৰ প্ৰশান্ত মহাসাগৰলৈ বিয়পি পৰা
এক নীলিম গভীৰতাৰ নাম তুমি..
জীৱনৰ ধুমুহাৰে বিৱৰ্ণ
ভাগৰুৱা আত্মাৰ নিৰাপদ আশ্ৰয় তুমি
বিমূৰ্ত নিশাৰপৰা শাৰদী পুৱালৈ
উপচি পৰা ঋতুৰ সঠিক ঠিকনা তুমি..
জীৱনৰ নিষ্ঠুৰ সংগ্ৰামত ইপ্সিত

এষাৰি মৰমৰ মাত তুমি
শীতৰ সেমেকা ৰাতি খেতিয়কৰ বাবে
তুঁহজুই একুৰাৰ উম তুমি..
আলফুল মেঘ এটুকুৰাত ভাঁহি ভাঁহি
শাৰদীয় খিৰিকীমুখত বহি থকা
ভালপোৱাৰ জোনবাই তুমি
জীয়াই থকাৰ সাহ তুমি
দুৰ্বলজনে বিচাৰি ফুৰা

এক দৃঢ়তাৰ আৰু সাহসৰ নাম তুমি
চকুত জ্বলি থকা দীপ্তিময়তাৰ নাম তুমি..
মৃত জোৱানলৈ যাচিব খোজা অশ্ৰুত মিহলি
এক সেমেকা অনুভৱ তুমি
দেশৰ দুৰ্দিনত নি: পালি দিয়া
ডেকা গাভৰুৰ তেজত বোৱাব খোজা এক আহ্বান তুমি..
অভিনয় হ’ব খোজা জীৱনক
দিঠকলৈ অনুবাদ কৰিব খোজা
শক্তিশালী শব্দগুচ্ছৰ সাৰাংশ তুমি…
যি শব্দ তুমি আকাশৰ বিশালতাৰ পৰা
ইচ্ছাৰ হাকুটিৰে পাৰি আনা
যি শক্তি তুমি প্ৰচণ্ড ধুমুহাৰ পৰা
নিৰ্ভীকতাৰে আদায় কৰা…
হে সুধাকণ্ঠ
তোমাৰ শব্দবোৰ কলিজাত সামৰি
সময়ে ৰচি যাব তোমাৰ বাবেই বহু কবিতা আৰু গান
তোমাৰ বাবেই আঘোনে উপচাই পেলাওক ধান
তোমাক সুঁৱৰি শত সহস্ৰ বাৰলৈ উচুপিব

এই জাতি
তোমাৰ গানেই ওঁঠত লৈ যুগ যুগলৈ
জ্বলি উঠিব ফিৰিঙতি..
সুধাকণ্ঠ
তুমি মানৱতাৰ এক গান
তুমি অসমীয়াৰ মান
তোমালৈ শতবাৰ প্ৰণাম..

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!