সুধাকণ্ঠ.. (-ধৰ্মজ্যোতি ভট্টাচাৰ্য্য)
সুধাকণ্ঠ..
-ধৰ্মজ্যোতি ভট্টাচাৰ্য্য৷
বিশ্বৰ সন্তান তুমি
কণ্ঠত সংগীতৰ ধ্বনি
ক’ত সাঁতোৰা নাই তুমি?
লুইত, গংগা, পদ্মা, ভল্গা, মিছিছিপি
তেজপুৰৰ পদুম পুখুৰী৷
আটলাণ্টিক প্ৰশান্তৰ সোঁতৰ মাজত
নিজকে বিলীন কৰি
তুমি হোৱা শিল্পী যাযাবৰী৷
তোমাৰ চিফুং বাঁহীৰ সুৰত
মইনাজানে নাচে
পত্ৰলেখাই পত্ৰ লেখে
চিলঙলৈ গধূলি নামে
শকুন্তলাই লাজ লাজকৈ হাঁহে৷
প্ৰতিধ্বনিত মুখৰ হৈ পৰে আৱেগৰ উচুপনি৷
বজ্ৰ কণ্ঠৰে গীত গাই তুমি……..
দিগন্ত কঁপোৱা….
সাগৰক নচুওৱা…….
অনামিকাক সজোৱা………
শীতৰ সেমেকা ৰাতিত তুমি
লিয়েং মাকাওক ৰিঙিয়াই মাতা৷
তোমাৰ মৃত্যুত আজি……
সাগৰ নিৰাশ….
মৌন আকাশ……
তথাপিও চৌদিশে তোমাৰেই প্ৰকাশ৷
তোমাৰ সৃষ্টিৰ তুলনা নাই…………..
তোমাক প্ৰণামিছোঁ হে সংগীত সূৰ্য৷