সুন্দৰৰ আৰাধনা(- নিবেদিতা হাজৰিকা)
(জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ চৰণত)
হে জগতৰ গুৰু
কাতৰে প্ৰণামো তোমাক
সনাতন হৃদয়ৰ গৰাকী
তোমাৰ মহিমা অপাৰ ।
কোটি ইন্দুসম জ্যোতিৰে
আকৌ এবাৰ উদ্ভাসিত হোৱা ।
আকাশী গঙ্গাৰ নিৰ্মল জলত
বিকশিত হওক ভকতি কুমুদ
নিৰ্মাণ হওক বিশ্ব ব্যাপি হৰিনামৰ সেতু
মানৱৰ মুকুতিৰ সেন্দূৰীয়া পথ।
আজি এঠাউনি পানীত ককবকাই আছে
কৰুণভাৱে নিঃস্ব,পথভ্ৰষ্ট মানৱ জাতি,
বাটে পথে মুমূৰ্ষু,জীৱিত নৰকংকাল
অলিয়ে গলিয়ে পিয়াপি দি ফুৰিছে
সভ্যতাৰ মুখা পিন্ধা মানৱ বৈৰী দল।
এই দেশ
তোমাৰ এই পবিত্ৰ ধাম
বন্দী এতিয়া
ক্লান্তি আৰু অনিশ্চয়তাৰ নিৰ্মম আন্ধাৰত,
এতিয়া বিশ্বাসৰ প্ৰদীপ নজ্বলে ইয়াত
জ্বলে মাথো জাতি, ধৰ্ম, সাম্প্ৰদায়িকতাৰ নামত
বিভেদ আৰু হিংসাৰ দাবানল।
চাৰিওফালে ছিন্ন মানৱতাই বিধস্ত কৰা
পঙ্গু দেহৰ যন্ত্ৰণাকাতৰ আৰ্ত্তনাদ,
অনুভৱক সমাধিস্থ কৰি
উদভ্ৰান্ত স্বপ্নৰ পিছে পিছে
দৌৰি আছে মানুহবোৰ।
আকৌ সজাবৰ হ’ল সমাজৰ নাটঘৰ
আকৌ খেদিবৰ হ’ল পিশাচী এন্ধাৰ,
কৃষ্টিৰ নাট ঘৰে ঘৰে জ্বলাই দীপালী
সাম্য,শান্তিৰ শীতল ৰহণ ঢালি
আকৌ নুমাবৰ হ’ল ৰণৰ অগনি ।
তোমাৰ বৰ্ণিল জ্যোতিৰে
বিলাই দিয়া জেউতি জ্ঞানৰ যাউতিযুগীয়া
প্ৰচণ্ড জ্যোতিৰে কৰা জগত বিস্ময় ,
বোৱাই দিয়া বাৰিষাৰ ধাৰেৰে একতাৰ নৱৰস
কাব্য নিজৰাৰ
ৰূপে-ৰসে,গন্ধে-গানে
বৰষাই অমৃত মৌ
চিৰ সুন্দৰৰ ।।
bhal lagil
জাতীয় চেতনাৰ অভাব আৰু যাণ্ত্ৰিকতাৰ মাজত হেৰাই যাবলৈ ধৰা জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ চৰণত নিবেদিত কবিতাটি পঢ়ি আপ্লুত হ’লো৷