সুৰুঙা….. –বিনু ফুকন

সুৰুঙা…..
–বিনু ফুকন

হয় কেতিয়াবা এনেকুৱা

দুৱাৰ খিৰিকীবোৰ বন্ধ থাকিলেও

সৰু সুৰুঙাৰে সোমাই আহিব পাৰে

ৰিব্ ৰিব্ কৈ এছাটি বতাহ

সূৰুযৰ কিৰণেও
জুমি চাব পাৰে
কোঠাৰ সাজ সজ্জা

নিয়ৰৰ কণিকাইও

সেমেকাই তুলিব পাৰে বন্ধ কোঠা

জোনৰ জোনাকেও বিলাব পাৰে

সুকোমল আভা

ঠিক সেইদৰেই,

সৰু সুৰুঙাৰে চাব পাৰি

বিশাল আকাশৰ জোন তৰা

আৰু সাগৰৰ গভীৰ নীলা

মেঘ আৰু তৰাৰ গোপন খেলা

সুবিস্তীৰ্ণ পথাৰ আৰু অৰণ্যৰ
দৃষ্টিনন্দন সেউজীয়া

সোণাৰুৰ হালধীয়া ফুল

আৰু এজাক ফুটুকী পখিলা

সাতৰঙে বুলোৱা ৰামধেনু

নতুবা হৃদয় বিদাৰক

বুভুসু জনতাৰ কৰুণ কাতৰতা৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!