সূর্য্যোজ্বল ৱিকিপিডিয়াৰ বাটত (চন্দন চিৰিং ফুকন)

এটা কবিতা:

সূর্য্যোজ্বল ৱিকিপিডিয়াৰ বাটত

চন্দন চিৰিং ফুকন

আঙুলিৰ দলঙেৰে নামি আহে
অযুত আখৰৰ সমদল
প্রতিডোখৰ অস্থিৰ মজ্জাগত বর্ণমালা
ধীৰে ধীৰে বাঢ়ে অসমীয়াৰ আয়ুসৰেখা
এখন এখনকৈ খুলি দিওঁ
বুঢ়া লুইতে নিজহাতে টুকি ৰখা
ইতিহাসৰ সাঁচিপতীয়া পৃষ্ঠাৰ দুৱাৰ
মোকলাই দিওঁ প্রতিজন জিজ্ঞাসুৰ বাবে
নগা পাহাৰৰ বুকুৰ সাঁচতীয়া কথাৰ ভঁৰাল
তাজমহলৰ পৰা মহাচীনৰ শৈল প্রাচীৰলৈকে
অৰণ্যগর্ভা আফ্রিকাৰ পৰা আৰৱীয় ঐতিহ্যলৈকে
সামৰি আনো তলুৱাত
গঙ্গা টেমছ নীলনদীৰ পাৰৰ পৰা
বুটলি বুটলি সাজোঁ তথ্যৰ মৌকোঁহ
অসমীয়া ৱিকিপিডিয়াৰ পাতত চিঞাহী বুলাই
ভুমুকিয়াই চাওঁ সংস্কৃতিৰ খোটালি
নিলগাই দিওঁ গোলকীয় সভ্যতাৰ আঁৰকাপোৰ
আৰু পৃথিৱীৰ প্রতিটো কোণৰ পৰা গাওঁ
অসমীয়া ভাষাৰ সূৰুযমুখী গীত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!