সৃষ্টিশীলতাৰ বিৰুদ্ধে এক কী-বৰ্ড অপশাব্দিক আলাপ (- গুৰু গোবিন্দ বৰতামুলী)
ক- অমুক উপন়্যাস খন পঢ়িলে নেকি ?
খ- নাই পঢ়া। বোধকৰো নপঢ়োও।
ক- কিয়?
খ- সেইটো মোৰ কথা।
ক- নহয় মানে, সেইটো হয় বাৰু। কিন্তু এইখন এক তামাম ভাল হৈছে, একদম অগতানুগতিক। কাহিনীটোও হৃদয়স্পৰ্শী।
খ- তই পঢ়িলি ?
ক-পঢ়ি আছো।
খ- গুদ। মই অসমীয়াতহে কওঁ। কিবা বুজিলি?
ক- নাই বুজা।
খ- ঘৰত অভিধান আছেনে নাই ?
ক- আছিল এখন। কিন্তু বিচাৰি পোৱা টান হ’ব কিজানি?
খ- গৰু, সেই ৰেকডালৰ সিফালে চা। চন্দ্ৰকান্ত এখন থাকিব লাগে। চাই ল’ ।
ক- অঁ, পাইছোঁ। গই-উ গু, দন্তীয়া নে মুধনীয়া ?
খ- দন্ত্য।
ক- এইয়া, পেজ নাম্বাৰ দুশ নিৰান্নবৈ। গুণী [সং.] বিণ. গুণবান। ২। বিণ. কলাবিদ্। ৩। তন্ত্ৰমন্ত্ৰত পাৰ্গত। আৰু তাৰ পিছৰটো গুদ [সং.] বি. মঅ.. ধেইত আপুনিওযে নহয়! দিনক দিনে অবাইচ হৈ গৈ আছে! ডাঙৰীয়া, আপুনি কলেজ হোষ্টেল এৰাৰ সময়ত জন্মপোৱা ছোৱালীয়ে নতুন প্ৰজন্ম আদৰিব পৰা হ’ল। অলপতো লেকাম লগাওক। গোটেই জীৱন এইটো ঢঙতে থাকিব নে ?
খ – কিহৰ অবাইচ ঐ ! বিলাতী ভাষাত ক’লে হজম হৈ যায়, গাধ সৰ্বস্ব নে কি সেইটো! দেশীয় ভাষাতহে জগৰ লাগে! এইটো কিন্তু দেৱভাষাত, এতেকে পূজা মন্ত্ৰ নিচিনাকৈ শিৰণত কৰি আশীষ ল’বই পাৰ। মোক এটা কথা ক’ চোন, কিমানটা মানুহে সাত্ত্বিক ভাষা সাধাৰণতে মানে দৈনন্দিন কাম কাজত ব্যৱহাৰ কৰে? হাৰে, মই পাহৰিয়ে গৈছিলো, তই যে পৰিসংখ্যাৰ ছাত্ৰ আছিলি! এইটোকে লৈ পৰিসাংখ্যিক জৰীপ এডাল চলাই দিব পাৰ। তাৰ পিছত …. ইমানটা যাদৃচ্ছিক নমুনাৰ আধাৰত কৰা পাৰিসাংখ্যিক অধ্যয়নৰ পৰা …… এনেকুৱা টাইপ এটা লিখনি। অসমীয়াত তইয়েই যি সঠিক ডেটা দিয় কিজানি! সেইকাৰণেই কতো নিটিক। আজি পেপাৰত দেখিলো সাংবাদিকৰ জীৱনৰ সংগ্ৰামক লৈ নাটক এখন হৈছে। ভাল কথা। তোৰ দৰে পাব্লিকবোৰৰে কাহিনী হ’ব। চালিনে নাই৷
ক- নাই দাদা। অলপ বিজি আছিলোঁ। নদী বান্ধৰ সমন্ধে লেটেষ্ট এনালাইচিছ এটাত লাগি আছো। অলপ বেলেগ ধৰণৰ এনালাইচিছ এটা। অহা সপ্তাহ মানলৈ ৰেডি হ’ব লাগে। এইটোত লাগি থাকোতে এটা কথা দেখিলোঁ।
খ- কি অশ্বডিম্বটো দেখিলি অ’? নদীবান্ধ-চান্ধবোৰৰ ইচু বিলাক অলপ দিনৰ পৰা চেপেটা লাগি আছে দেখোন! এতিয়ানো কোনে তোৰ এনালাইচিছত পাত্তা দিব। তই যে কেতিয়াও সময়ত শৰ মাৰিবলৈ নিশিকিলিয়েই!
ক- তেনেকে নকবচোন! বিষয়টোৰ গুৰুত্বলৈ চাই, ৰেফাৰেঞ্চ খুচৰি, ডেটা কালেক্ট কৰি, এনালাইচিছ কৰি, প্ৰকৃত কথাখিনি উলিয়াবলৈ সময় লাগিবই দিয়কচোন। অঁ, মই কোৱা কথাটো আছিল অসমীয়া নেটিজেন প্ৰজন্মৰ সজাগতা। দুৰ্নীতিৰ বিষয়তে হওক, নদী বান্ধৰ বিষয়তে হওক বা অন্যান্য সামাজিক ইচুতে হওক ৰাইজৰ সজাগতা কিন্তু মনকৰিব লগীয়া। তৰ্ক-বিতৰ্ক,বাদ-বিবাদ, যুক্তি-অযুক্তিৰ ভাল যুঁজ এখন ই-জগততো চলি আছে।
খ- খুব ভাল কথা। পিছে কেৱল ‘ই’ হৈয়েই থাকিব নে কেতিয়াবা ‘এই’জগতো পাবহি ? …..