সেই মাতৃ (- মুংচাজ’ বৰ্ণালী আম্ফি মান্তা )

“সেইটো লাইনৰ ট্ৰেইন ইয়াৰপৰা নাযায়, গতিকে ইয়াৰপৰা টিকেটো দিয়া নহয়৷ আপোনালোক কামাখ্যা ষ্টেছন যাওক, তাৰপৰা পাব”…টিকেট কাউণ্টাৰৰ মানুহজনৰ কথা শুনি সম্বন্ধীয় ভনীজনী আৰু মই মুখলৈ চোৱা-চুই কৰাত লাগিলোঁ, এতিয়া কি কৰোঁ ?

আমি যাম “নিউ মিছামাৰি”৷ বাছত গ’লে সোনকালে আৰু সুবিধাৰ হয় যদিও, বাছত গ’লে ভনীজনীয়ে নগাঁও হৈহে যাম বুলি কোৱাত মোৰ লাগিল লেঠা৷ ট্ৰেভেলাৰ বা উইংগাৰত বহাৰ পিছতেই মোৰ গাটো ইচাট-বিচাট লাগি যায়…যোৰাবাটত কাষত বহা গৰাকীৰ সৈতে খুন্দা-খুন্দলি খাই কোনোমতে নিজক বেলেগৰ কোলাত পৰাৰ পৰা বচাওঁ যদিও সোণাপুৰৰপৰা মোৰ দমকলৰ বকেট পৰে…মানে বমি আৰম্ভ হৈ যায়৷

পৰাপক্ষত মই বাছ ভ্ৰমণৰ পৰা আতঁৰত থাকোঁ ৷ আজিয়ো সেইবাবে বাছেৰে তিনি ঘণ্টাৰ বাটত পাঁচ ঘণ্টাৰ ট্ৰেইন যাত্ৰা কৰিম বুলি পল্টন বজাৰ ৰে’লৱে ষ্টেচনত আহি উপস্থিত হ’লোঁ৷ পিছে ভাগ্য বেয়া আছিল, আমি জনা নাছিলোঁ যে লখিমপুৰ অভিমুখী ট্ৰেইন ইয়াৰপৰা নাযায়৷ আগতীয়াকৈ খা-খবৰো লোৱা নহ’ল ইফালে বিশেষ কামৰ বাবে আমি আজিয়েই গৈ পাব লাগে৷ দুয়ো প্লেট্‌ফৰ্মৰ ভিৰটোক যেনেকৈ পাৰোঁ ঠেলিয়াই গতিয়াই অট’ ষ্টেণ্ডলৈ দৌৰ মাৰিলোঁ ৷
“দুইশ টকা নিদিলে নাযাওঁ কিন্তু বাইদেউ”…অ’টো চালকে খাটাং কৈ দিলে৷ ভনীজনী জক্‌জকাই উঠিল…এইকণ বাটতে কিয় দিম হে ইমান, এশ টকা ল’ব৷ অ’টো চালকে মূৰ জোকাৰিলে…নহ’ব মানে৷ দহমিনিটমান দুয়োটাৰে বাক-বিতণ্ডা চলিল ইফালে সময় উৰি গৈ আছে৷ অৱশেষত ডেৰশ টকাত থেৰো-গেঁৰো কৰি অ’টো চলিল৷ সেইকণ বাটতে পঞ্চাছ টকা লোকচান হোৱাৰ দুখত ভনীজনীয়ে তাক চৌধ্য গোষ্ঠী উজাৰি গালি পাৰি গ’ল ৷ পাৰিলে তাক পিছৰ আসনৰ পৰাই দুই ভুকু দিয়েই…মিটাৰ নলগোৱা বাবে তাক পুলিচত দিম বুলিও কৈ দিলে৷ সিও ছাগলী খোৱা জিভাৰে তাইকো কিবাকিবি কৈ থাকিল ৷

rail

ঠেকেচনিৰ মাজেৰে উৰি উৰি অ’টো ৰ’লগৈ কামাখ্যা ষ্টেচনৰ সন্মুখত…ভাড়া দিয়েই তাইক হাতত ধৰি চোঁচৰালোঁ ষ্টেচনৰ ভিতৰলৈ, নহ’লে তাই অ’টো দাদাটোকো ক’লাৰত ধৰি টানি আনিব৷

টিকেট কাউণ্টাৰত সোমাই এইবাৰ আৰু মূৰ গৰম হ’ল…“নাহৰলগুন“খন এইমাত্ৰ ষ্টেচন এৰিছে, “মুৰ্কংচেলেক“ খন আছে আৰু আধাঘণ্টাৰ পিছত৷ দুটা টিকেট কাটি বহি পৰিলোঁ৷ নিৰ্দিষ্ট সময়ত ট্ৰেইন আহিল, উঠি পৰিলোঁ…উফ্‌ফফ এতিয়া যেতিয়াই গৈ পাওঁ পাই থাকিম৷
সন্মুখৰ আসনত এহাল বয়সীয়াল বঙালী দম্পতী …মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই আমাৰ দুয়োজনীৰে লগত চিনাকি হ’ল৷ ট্ৰেইনে গতি ল’লে, মানুহহালৰ লগত কথা পাতি লক্ষ্য কৰি যাত্ৰাৰ আমনি আঁতৰাব খুজিলোঁ ৷ তিৰোতাজনী বৰ সাদৰী, আমাক তেওঁৰ নিজৰ টোপোলাৰপৰাই খোৱা বস্তু আগবঢ়াই থাকিল৷ সাধাৰণতে ট্ৰেইন-বাছ যাত্ৰাত কোনোবাই যচা বস্তু বা নিজেও কিনি নাখাওঁ যদিও মানুহগৰাকীৰ সাদৰখিনিক ওফৰাবৰ সত নগ’ল…অসমীয়াৰ মন৷
মন কৰি থাকিলোঁ মানুহগৰাকীয়ে মানুহজনক মাজে খুচি খুচি বহাৰ পৰা উঠাই দবাটোতে এপাক ঘূৰাই আনে৷ মোৰ প্ৰশ্নবোধক দৃষ্টি বোধহয় মানুহজনে বুজি পালে, মোলৈ পোনে পোনে চাই ক’লে…“বুইছা মাজনী! বৰমাৰে মোক এক ছেকেণ্ডো অকলে নেৰে, ল’ৰা-ছোৱালী নাইতো৷ দুয়ো দুয়োৰে সন্তান, সাৰথি৷ যমৰ দুৱাৰদলিলৈ চুক্তি মোৰ এওঁৰ লগত৷” কথাখিনি কৈ ঘৈণীয়েকৰ ফালে চাই হাঁহি দিলে মানুহজনে৷

যুগ্ম জীৱনৰ সুখৰ হাঁহিটোত কিয় জানো হাঁহিব নোৱাৰিলোঁ ৷ লাঁখুটি বুলি সাৰথি কৰা কোনোবা এজন যদি আগতীয়াকৈ হেৰাই যায়? ইজনৰ চকুলো চাবলৈও কোনো নাথাকিব৷ বুকুখন বিষাই উঠিল৷

মানুহজনৰ ইউৰিক এচিদৰ অসুবিধা আছে, একেৰাহে বহি থাকিলে ভৰি ফুলি যায়৷ সেইবাবে খুচি-বিন্ধি হ’লেও মানুহগৰাকীয়ে গিৰিয়েকক এপাক খোজকঢ়ায়৷
মানুহজনে একেই হাঁহি মুখত লৈ মোক ক’লে…বৰমাৰে গাভৰুতে বৰ ধুনীয়া আছিল৷ বহুতৰ লগত যুদ্ধ কৰি বিয়া পাতিছিলোঁ, সেইবোৰে এতিয়াও এওঁক কাঢ়ি নিয়ে বুলি য’তে যাওঁ লগত টানি নিওঁ৷

এতিয়াও ধুনীয়া হৈ থকা মানুহগৰাকীয়ে লাজ পাই গিৰিয়েকৰ পেটতে খোচা এটা মাৰি দিলে…আস্‌ কথাখিনিয়ে,দৃশ্যটোৱে মন ভৰাই তুলিলে৷
ভনীজনীক কাণে কাণে ক’লোঁ-‘এনেকুৱা মৰম কৰা বুজি পোৱা ভিনিয়েৰে এটা বিছাৰি দেছোন তেতিয়াহে বিয়া হ’ম৷’ তাই ফুচফুচাই হাঁহি উঠিল৷

ওদালগুৰিত ট্ৰেইনখন অলপ সময়ৰ বাবে ৰ’ল…ঠিক তেতিয়াই এজাক মানুহ হুৰমুৰাই সোমাই আহিল দবাটোলৈ৷ আহিয়েই যিয়ে যেনেকৈ পাৰে ধাহি-মুহি বহি পৰিলহি৷ মানুহজাকৰ গাৰ দুৰ্গন্ধত থাকিব নোৱাৰি তেতিয়াহে লক্ষ্য কৰিলোঁ…ষ্টেচনত, ট্ৰেইন লাইনৰ কাষত পৰি থকা অঘৰী মানুহ এজাক৷ উঠাই আনিছে লগত অঘৰী সংসাৰৰ লাম-লাকটুবিলাক৷ মানুহ যিমান ভঙা চৰু-ফটাকানিৰ টোপোলা সিমান৷ তিৰোতাকেইজনীৰ সোঁৱে-বাঁওয়ে এবছৰীয়া-দুবছৰীয়াৰ জাক৷ বুকুত-কাষলতিৰ চেপত দুগ্ধপোষ্যকেইটাৰ ফেৰেউ ফেৰেউ৷ গোটেইজাকে দুইমিনিটমানতে হুলস্থুলীয়া দুৰ্গন্ধময় পৰিৱেশ এটাৰ সৃষ্টি কৰি পেলালে আমি একো উৱাদিহেই নাপালোঁ ৷ দবাটোত থকা বাকী মানুহবিলাক সন্ত্ৰস্ত হৈ নিজৰ বস্তু-বাহানিবিলাক ক’ৰবাত কিবা হৰলুকি হৈ যায় বুলি কাষতে গোটাই ল’লে৷ গোন্ধত যিয়ে থাওকতে যি এডুখৰি কাপোৰ পালে তাৰে মুখত সোপা দি ল’লে৷ মইয়ো ডিঙিত থকা স্কাৰ্ফ খনৰেই মুখত সোপা দি ল’লোঁ…সিহঁতে এইটো কথাত ফুৰ্তি পাই এনেকুৱা ভাৱ দি নিজৰ মাজতে খুব হাঁহিলে যে চাফা গাৰ চাফা কাপোৰৰ তথাকথিত সভ্য মানুহবিলাক আজি আমাৰ গোন্ধৰে লেতেৰা হৈছে অশান্তি পাইছে৷ আসন খালী থাকিলেও কোনেও সিহঁতক কাষত বহুৱাবলৈ মান্তি নহ’ল…দাবি-ধমকি শুনি সিহঁতে দবাৰ মজিয়াতে নিজৰ সংসাৰ মেলি ল’লে৷ এইবাৰ হে পয়মাল আৰম্ভ হ’ল…গোটেই মজিয়া অধিকাৰতো কৰিলেই, মানুহ অহা-যোৱাৰ বাট, টয়লেটৰ মুখ সকলোতে বিছনা পাৰি ল’লে৷ এতিয়া বাকী মানুহৰ আসনৰ পৰা ভৰি নমাবলৈও জেগা নাই, টয়লেট যোৱাটো বহু দূৰৰে কথা৷

মাজতে আৰু এটা ষ্টেচনত ট্ৰেইনখন ৰ’ল…ভিতৰৰ পৰা বন্ধ দুৱাৰত বাহিৰৰ পৰা থিয়গোৰ পৰিল৷ এজনে খিৰিকি খুলি দিয়াতহে গ’ম পালোঁ অকল আমাৰ দবাটোতে নহয়, এনেকুৱা জাক জাক আৰু তিনিটা দবাত উঠিছে৷ সকলোৰে একেই গতি৷ এইটো দবালৈ অক্সিজেন বিচাৰি আহিছে…খিৰিকিৰে ভুমুকিয়াই একেই দশা দেখি বেলেগ দবালৈ দৌৰ দিলে ল’ৰাজন৷

ট্ৰেইন আকৌ চলিল…দম্পতী হালৰ মানুহগৰাকীয়ে চাদৰৰ আচঁলৰে নাক-মুখ ঢাকি আধা আঁচল গোন্ধৰ পৰা বচাবলৈ গিৰিয়েককো সোপা দিলে৷ ভয়তে নাহাঁহিলোঁ…গোন্ধটো দাঁত সৰকি ডিঙিৰ গুৰি পাই বুলি৷ নিজকে কুচি-মুচি চুক এটাত বহি গ’লোঁ৷

দলটোৰ পুৰুষকেইটা নিচাগ্ৰস্ত অৱস্থাত…তিৰোতা-পোৱালি ক’ত আছে খা-খবৰ নাই৷ দবাটোত সুমুৱাৰে পৰা মজিয়াত লুটি খাই আছে৷ উঠাই দুই চাত্‌ লগাই দিবৰ মন গ’ল, অকমৰ্ণ্যৰ দল৷

হয়তো ঢেকীয়াজুলি পাইছোঁ…দলটোৰ পুৰুষকেইজনে বন্ধ কৰি থোৱা দুৱাৰকেইখনত প্ৰথমে কৰা ঘাঁত পিছত একেলেথাৰিয়ে পৰা গোৰে কঁপাই তুলিলে৷ খুলি দিবলৈ সিহঁতক দেওপাৰি উঠি যাব পৰা নাই…ইফালে বাহিৰৰ পৰা গোৰৰ প্ৰকোপ বাঢ়িয়েই গৈ আছে৷ উপায় নাপাই এজনে দীঘল জাঁপ দুটামান দি সিহঁতক চেৰাই দুৱাৰৰ ছিটিকনি পাত খুলি দিলে৷

হুৰমুৰাই টিকেট চেকাৰ দুজন আৰু তিনিজন ৰে’লৱে পুলিচ উঠি আহিল৷ আহিয়েই ইমানপৰে কিয় দৰ্জা খোলা নাছিল বুলি উধাই মুধাই গালি পাৰিলে…কৈফিয়ৎ দিয়াত অঘৰী দলটোৰ পুৰুষকেইটাক চুলিত ধৰি চৰিয়াই বহুৱাই দিলে৷ এটাৰ ইমান নিচা নে ট্ৰেইন যাত্ৰাত এনেধৰণৰ মাৰ খোৱাত অভ্যস্ত নুবুজিলোঁ…অৰ্ধমিলিত চকুৰে হাত যোৰ কৰি বিৰবিৰাই হাঁহি উঠিল তাকে দেখি দুগালত পুলিচে আৰু দুচৰ বেছিকৈহে লগালে৷

এইবাৰ দলটোৱে অলপ ভয় খালে…লাম-লাকটুবিলাক গোটাই চুকত থুপ খালে সোপাই৷ উশাহবিলাক এতিয়াহে ভিতৰলৈ সোমাব সাহস কৰিলে৷ পুলিচকেইটা দবাৰ পৰা নামি গ’ল…লগতে ধমকি দি গ’ল এইবাৰ বিছনা পাৰিলেই কোবাম বুলি৷ দলটো তভক মাৰি অলপ ক্ষান্ত হ’ল৷ ট্ৰেইনে গতি লোৱাৰ লগতেই আকৌ বেমেজালি৷ এইবাৰ মজিয়াত নবহি আসনত ঠেলি হেঁচুকি বহিবলৈ চেষ্টা কৰিলে…যাত্ৰীসোপাই চিঞৰ-বাখৰ কৰি উঠিল ঘিণত৷ কাষলতিৰ তলৰ কেঁচুৱাটোক বুকুত সাবটি তিৰোতা এজনী গোন্ধৰ সন্ত্ৰাস লৈ আমাৰ ফাললৈ আগুৱাই আহিল৷ কাপোৰৰ সোপাৰ ওপৰতেই আকৌ হাতদুখন দি নাক মুখ সোপা দিলোঁ৷ আমাৰ কাষ পালে, ভনীয়ে খপ্‌কৈ আসনৰ খালীখিনিত নিজৰ বেগটো থৈ দিলে৷ মানুহজনী কাওবাও কৰি উঠিল…মা অ’, পোৱালিকণৰ জ্বৰ৷ পিয়াহত সি কান্দিয়েই আছে৷ দেচোন অলপ বহিব…তাক গাখীৰ খুৱাই টোপনি নিয়াও৷

ভাষা শুনি চমকি উঠিলোঁ, অথনিৰ বক্ৰোক্তিৰ আঁৰত ক’ত লুকাই আছিল এই নম্ৰ কণ্ঠ, সভ্য ভাষা?

ভনীজনী কিন্তু কোনোপধ্যেই মান্তি নহ’ল, কাষত মানুহজনীক বহুৱাবলৈ৷ কিছুসময় কাকূতি-মিনতি চলাৰ পিছতো যেতিয়া কাম নিসিজিল, তিৰোতাজনীয়ে কেঁচুৱাটো এখন হাতেৰে বুকুত চেপি এখন হাতেৰে তাইৰ বেগটো মজিয়াত পেলাই বহি পৰিল৷
দুচকুত দপকৈ জ্বলি উঠা একুৰা জুঁই…

ভনীজনীক মানা কৰিলো মাত দিবলৈ৷ তিৰোতাজনীলৈ চালোঁ…দবাত থকা পুৰুষক আওকান কৰি পোৱালিটোক বুকুৰ গাখীৰ দিয়াত ব্যস্ত৷ এৰা! এইয়াই সেই মাতৃ…সন্তানক হেজাৰ বিপদৰ মাজতো এগৰাহ তুলি ধৰা মাতৃ৷ প্ৰয়োজনত সমাজৰ স’তে যুঁজিব পৰা মাতৃ, তথাকথিত সমাজৰ লজ্জাক দলিয়াই সন্তানক আৱৰি ধৰা মাতৃ৷ প্ৰণাম! ! !

পাঁচ ঘণ্টা যাত্ৰাৰ বিৰতি ঘটাই দম্পতীহালক মাত লগাই নামি পৰিলোঁ৷

সেই তিৰোতাজনীক দুমাহৰ পিছত এদিন দেখিছিলোঁ ফাঁচী বজাৰত বুকুৰ কেঁচুৱাটোৰ সৈতে…দুচকুত একেই দপ্‌কৈ জ্বলি উঠা জুঁইকুৰা৷ ৷ ৷

***

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!