সেই শিলিখা গছ জোপা (যামিনী অনুৰাগ)
তেতিয়া মই সম্ভৱতঃ তৃতীয় বা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ । বন বিভাগৰ সামাজিক বনানিকৰণ আচনিৰ অধীনত তেতিয়া প্ৰায়েই বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰা হৈছিল । আমাৰ বিদ্যালয়তো এই আচনিৰ অধীনত বৃক্ষৰোপনৰ কাম মাজে মধ্যে চলি থাকিছিল । বিদ্যালয়ৰ বৃহত্ চৌহদটোৰ চাৰিসীমা আৰু পিছফালৰ মুকলি অংশত আমি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গছ পুলি ৰোৱাৰ এক অলিখিত প্ৰতিযোগিতা আৰম্ভ হৈ গৈছিল ! মোৰ মনত পৰে, এবাৰ এটা শিলিখা পুলি মোৰ হাতত পৰিছিল, আৰু মই সেই পুলিটো ৰুইছিলো মূল প্ৰৱেশদ্বাৰৰ পৰা সোমায়েই সোঁফালে থকা ঠাইখিনিত । লাহে লাহে সময় বাগৰিছিল, আমিও বিদ্যালয়ৰ ওপৰ শ্ৰেণী পাইছিলোগৈ । এদিন লক্ষ্য কৰিলো, সেই তাহানিতে মই ৰুৱা সেই শিলিখা জোপাত ডাল ভৰি শিলিখা লাগি আছে । মনটো ভাল লাগি গ’ল । কিবা এটা প্ৰাপ্তিৰ অনুভৱে মনটো ভৰাই তুলিলে । শৈশৱতে ৰুৱা সেই কণমানি পুলিটো আজি পুলি-পোখা মেলি এজোপা পূৰ্ণাংগ গছলৈ পৰিণত হৈছে । গছজোপাৰ তলত গৈ থিয় দি তলস’ৰা শিলিখা এটা বিচাৰি চাই মুখত দিলো । শিলিখাৰ কেহাঁ সোৱাদটোও বৰ মিঠা মিঠা যেন অনুভৱ হ’ল ।
দিনবোৰ বাগৰিল, শৈক্ষিক চাৰিসীমাৰ পৰা পাৰ হৈ এদিন জীৱিকাৰ তাড়নাত কণমানি চহৰখন এৰি আতৰি আহিলোঁ, অহা-যোৱা বোৰ সীমিত হৈ পৰিবলৈ ধৰিলে । বহুদিনৰ বিৰতিৰ মূৰত এদিন বিদ্যালয়ৰ চৌহদত ভৰি থলোঁ, বহু সলনি হ’ল, আগৰ সেই আপোন যেন লগা বিদ্যালয়ৰ চৌহদটো বহু মুকলি হ’ল, আশে পাশে দোকান-পোহাৰৰ সংখ্যা বাঢ়িল, দোকান পোহাৰৰ ৰং-ৰূপ সলনি হ’ল । দুচকুৱে বাৰে বাৰে শেই শিলিখা জোপা বিচাৰি ফুৰিছিল, নাই, সেই ঠাইখিনি য’ত শিলিখাৰ পুলিটো ৰুইছিলো, য’ত থিয় হৈ শিলিখাৰ সোৱাদ লৈছিলো, সেই ঠাই ডোখৰ তেনেই মুকলি হৈ আছে, ঘাঁহ-বনবোৰো চিকুনাই নিমজ কৰি থোৱা আছে । কিছু সময়ৰ বাবে মানস চকুত ভাঁহি উঠিল শিলিখা জোপাৰ ছবি, স্বপ্নাৱিষ্টৰ দৰে থিয় দি থকিলো কিছুপৰ ! চকুৰ সমুখেৰে পাৰ হৈ গ’ল সেই গছ পুলি ৰোৱাৰে পৰা সেই শিলিখা লগাৰ মূহুৰ্তলৈ মোৰ স্মৃতি বিজড়িত প্ৰতিটো ছবি । শিলিখা জোপা নেদেখি মনটো সেমেকি উঠিল । এক বুজাব নোৱাৰা বেদনাই বুকুখন হেচাঁ মাৰি ধৰিলে । শৈশৱ হেৰাই গ’ল, শৈশৱৰ স্মৃতি বিজড়িত বহু মূহুৰ্তও হেৰাই গ’ল, সেই শিলিখা জোপাও হেৰাই গ’ল ক’ৰবাত আৰু তাৰ লগে লগে যেন লৈ গ’ল কিছু বুজাব নোৱাৰা অনুভৱ, আৰু বহুপৰ বুকুখন ভাৰাক্ৰান্ত হৈ থাকিল । আজিও মাজে মাজে মনত পৰে আৰু শিলিখা জোপা যেন জীৱন্ত হৈ আকৌ মোৰ ওচৰত ধৰা দিয়েহি মোৰ শৈশৱ হৈ ।