সেন্দুৰীয়া বিহুগীত : অজয় লাল দত্ত
ব’হাগতে সানি দিম তোক
সেন্দুৰীয়া ৰং,
তই মাথোঁ নেৰিবি তোৰ
গাঁৱলীয়া ঢং।
চেম্পু টেম্পু নালাগে জান
জবা পাতেই চলিব,
কিৰিম চিৰিম নালাগে জান
হালধিৰেই ৰং চৰিব৷
ববকাটৰ চুলিতকৈ
বৰখোপাই শুৱনি,
চুৰিদাৰ সাজতকৈ
চাদৰতেই লাৱনী৷
ব’হাগতে সানি দিম তোক
সেন্দুৰীয়া ৰং,
তই মাথোঁ নেৰিবি তোৰ
গাঁৱলীয়া ঢং।
এচ এম এচো নালাগে জান
দীঘলীয়া চিঠি দিম.
মিচকলো নালাগে জান
বুকু ফালি উঁকি দিম।
চেঁপা হাঁহি নালাগে জান
ৰাংঢালি হৈ হাঁহিবি,
ফৰ্মেলিটি নালাগে জান
চিত-পখিলী হৈ থাকিবি…।
ব’হাগতে সানি দিম তোক
সেন্দুৰীয়া ৰং,
তই মাথো নেৰিবি তোৰ
গাঁৱলীয়া ঢং।
ক’ৰ্টৰ চহী নালাগে জান
ৰাইজতেই সেৱা ল’ম,
গহনাৰো যিহে দাম
কেঁচা সোণেই পিন্ধাই থম৷
বুফে চুফে নকৰোঁ জান
গাঁৱৰ দৰে ভোজেই দিম,
কাটা-চামুচ নালাগে জান
খালী হাতেই বজাই দিম৷
ব’হাগতে সানি দিম তোক
সেন্দুৰীয়া ৰং,
তই মাথো নেৰিবি তোৰ
গাঁৱলীয়া ঢং।
যৌতুকীয়া পালেঙো
নালাগে তই আনিব,
মৰম চেনেহ দিবলৈ
বাঁহৰ চাঙেই আতিব৷
দিনে-ৰাতি কামেৰে
কেথা-কম্বল গোটাই দিম,
কেঁচা ঘামৰ ধনেৰে তোৰ
সোণৰ সপোন গঢ়াই দিম…।
ব’হাগতে সানি দিম তোক
সেন্দুৰীয়া ৰং,
তই মাথো নেৰিবি তোৰ
গাঁৱলীয়া ঢং৷