সেন্দূৰৰ কান্দোন (-ময়ুৰী দত্ত)

সেন্দূৰৰ কান্দোন
-ময়ুৰী দত্ত৷

sindor
এঙেৰুৱা কলিজাৰে ওলমি ৰ’ল দুপৰীয়াটো
সেন্দূৰবোৰে হিয়ালি- জিয়ালিকৈ গালে-
“কাম চৰাইৰ ৰঙা ঠোঁট
তাতে দিলে সেন্দূৰ ফোঁট
দেউতা ঐ…
বতাহত কেচেমা গোন্ধ
নিথৰ চকুহালিত গোট খোৱা মৰমবোৰ তেজ হ’ল
তুলসীৰ তলৰ চাকি গচি নুমাওতে
সেন্দূৰবোৰে কান্দিলে
সেওতালৈ পোনাওতে
শৰতৰ শোকে বাট ভেটি ধৰিলে
সেন্দূৰবোৰে আকৌ কান্দিলে
কাৰোবাৰ ডিঙিৰ গামোচাৰ ৰঙাফুলবোৰ
তেজ নে সেন্দূৰ
ৰঙা গোলাপে উচুপিলে
ৰঙা সূৰুয হেৰালে
সেন্দূৰবোৰে হুকহুকাই কান্দিলে
আন্ধাৰত জিলিকিল পোহাৰখন
মঙহৰ বেপাৰীয়ে মেলিছে
সেন্দূৰৰ বিনিময়ত
তেজ, তেজ আৰু তেজৰ!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!