সেমেকা অনুভৱ (জ্যোতিপ্ৰকাশ নাথ)
জ্যোতিপ্ৰকাশ নাথ
নিশাটো আবেগিক হৈ পৰিছে
এজাক বৰষুণ আহো আহো কৰিছে
বানপানী হ’ব যেন লাগিছে!
সেমেকা ঘাঁহনিত তিতিবলৈ মন গৈছে
কিবাছোন উদাস উদাস ভাব
জোনবাইজনীয়েও দেখোন উচুপিছে
বিবসনা মোৰ লুণীয়া ব্যক্তিত্ব
বৰ্ণিল সমাজিকৰ মৰীচিকা খেদি
হায়ৰাণ হৈ ককবকাব লাগিছে
অ’ মোৰ সুৰীয়া সপোন
নাযাবি আঁতৰি নাযাবি আঁতৰি
মাথো পোনাই দে মোৰ সেমেকা বাট!