সৈনিক (-লক্ষ্য জ্যোতি নাথ)
সৈনিক
(অসম সন্তান তথা একালৰ সহকর্মী ভাৰতীয় নৌসেনাৰ শ্বহীদ নৰোত্তম দেউৰীৰ নামত গল্পটো ঊছৰ্গা কৰিলো)
য’ৰ ত’ৰ মানুহেৰে গাওঁখন ভৰি পৰিছে, সকলোৱে গাওঁখনলৈ সোমাই অহা ৰাস্তাটোলৈ চাই কোনোবা অহালৈ অপেক্ষা কৰি আছে। হাতত কেমেৰা লৈ দুই-এটা নিউজ চেনেলৰ মানুহো দেখা গ’ল মানুহৰ ভিৰৰ মাজত। ঘৰখনৰ কন্দা-কটা, বিননিবোৰ গাঁওখনৰ সিটো মূৰলৈকে শুনা গৈছে। অৱশেষত গাঁওখনলৈ সেনাৰ গাড়ী দুখন সোমাই আহিল; আগৰ গাড়ীখন ফুলেৰে সু-সজ্জিত। গাড়ীখন আহি ঘৰখনৰ সন্মুখত ৰ’ল, সেনাৰ মানুহবোৰ নামিল। গাঁওখনৰ মানুহবোৰে গাড়ীখন চাৰিওফালে বেৰি ধৰি জুমি জুমি চাবলৈ ধৰিছে। সেনাৰ ছজন সৈনিকে স-সন্মানেৰে তিৰংগাৰে আৱৰিত কফিনটো কান্ধত লৈ ঘৰখনৰ পিনে আগবাঢ়িছে। ঘৰখনত যেন আৰু হুলস্থূল হৈছে। কান্দোনৰ বিননিয়ে আকাশ-পাতাল তাল-ফাল লগাইছে। হয় আজি ঘৰলৈ সিদ্ধাৰ্থ হাজৰিকা আহিছে। অঃ সিদ্ধাৰ্থ হাজৰিকা নহয় শ্বহীদ সিদ্ধাৰ্থ হাজৰিকা।
মাকে ঘৰখনৰ পিৰালিত বহি পুত্ৰলৈ অপেক্ষা কৰি আছে।
: মা আমাৰ আচাৰ অলপ বৈয়াম এটাত ভৰাই দিবিচোন, নেমু দুটামান আৰু বিহ জলকীয়া দুটামানো ভৰাই দিবি; তাত গৈ এইবোৰ পাম নে নাই বা খাবলৈ…
: হ’ব দে তই কোৱাৰ আগতেই মই বেগত ভৰাই থৈছোঁ, ক’ব লাগেনে মোক ভাতৰ লগত টেঙা নহ’লে, জ্বলা খাবলৈ ভয় কৰিলেও বিহ জলকীয়া অকণ কাঁহীৰ চুকত নহ’লে তোৰ পেটলৈ ভাতকেইটা নাযায় বুলি। আৰু বেগটোৰ কাপোৰৰ কাষতে তই ভাল পাৱ যে নাৰিকলৰ লাড়ু আৰু তিল পিঠাকেইটামান ভৰাই থৈছোঁ, ট্ৰেইনত ভোক লাগিলে খাবি।
: এই মা, এইবোৰ তই কিয় কৰিলি বাৰু ! কালি ৰাতি ইমান দেৰি এইবোৰ কৰি আছিলি মানে ন…
: অ’, তই যাবিগৈ যে, তই নহ’লে বিহুত এইবোৰ কোনে খাবলৈ কৰিম ক’চোন…
: মা মই আহিম নহয়, বিহুত তই ভজা পিঠা খাবলৈ আহিম মই…
মাকৰ সেই কথাবোৰ মনত পৰিছে, বুকুত চপৰিয়াই চপৰিয়াই হিয়া ঢাকুৰি মাকে কান্দিছে “তই সঁচায়ে গুচি আহিলি মাৰে ভজা পিঠা খাবলৈ…”
: অই, মাইনা মাইনা… অঃ তই ইয়াত অকলে অকলে কিয় বহি আছ, মোৰ যাবলৈ হ’ল নহয়, কান্দিছ’ কিয় তই !!
: দাদা তই নাযাবি, নালাগে তই চাকৰি কৰিব, তই গুচি গ’লে মই কাৰ লগত কাজিয়া কৰিম ! দাদা তই নালাগে যাব…
: হেত এইজনী নাকান্দিবি ৰচোন, তই এতিয়া ডাঙৰ হ’লি আৰু এনেকে কান্দিব নাপায় নহয়। মই আহিম নহয় বিহুত তেতিয়া কাজিয়া কৰিম তোৰ লগত, বিহুত কি আনিম ক তোলৈ…
: একো নালাগে মোক, তই আহিলেই হ’ল। হু এইডাল হাতত পিন্ধাই দি চাওঁ…
: এহ ৰাম আজি ৰাখী-বন্ধন নহয় নহয়।
: নহ’লেও তই ভালকে থাকিব পিন্ধাইছোঁ, কেতিয়াও নুখুলিবি…
সিদ্ধাৰ্থৰ ভনীয়েক মাইনাই খবৰটো পোৱাৰ পৰাই “দাদা ঐ তই ক’লৈ গুছি গ’লি মোক অকলে এৰি, মই কাৰ লগত কাজিয়া কৰিম…” বুলি চিঞৰি চিঞৰি কান্দি আছে। ককায়েকৰ মৃতদেহৰ কফিনটো দেখি তাই পাগল হৈ পৰিছে, এক বুজাব নোৱাৰা পৰিবেশ !!
: দেউতা এইখন এপ’ইণ্টমেণ্ট লেটাৰ আহিল চোৱাচোন।
: এপ’ইণ্টমেণ্ট আহিল, ঠিকে আছে কিন্তু…
: দেউতা… তুমি সলনি নোহোৱা আৰু, মোৰ চাকৰি হৈছে আৰু তোমাৰ মনটো মৰা।
: তই এনেকুৱা চাকৰি লৈছ, তোক কেনেকে ইমান দূৰলৈ পঠাওঁ ক’চোন! ক’ত থাকিব লাগিব, কিমান কষ্ট হ’ব জাননে তই !!
: একো কষ্ট নাই দেউতা, ভাৰতীয় সেনাৰ দৰে এটা সন্মানীয় চাকৰি পাইছোঁ মই। সকলো যদি পঢ়ি শুনি ডক্টৰ, ইঞ্জিনীয়াৰ, ৰাজনৈতিক নেতা হয় দেশ খন কোনে চাব কোৱাচোন। তাতে তুমি এল পি স্কুলৰ শিক্ষকতাৰ পেঞ্চনৰ টকা কেইটাৰে ঘৰখন কেনেকৈ চলাবা কোৱাচোন… ইমান সেনা আছে কেইটানো মৰে…
: চুপ… অমংগলীয়া কথাবোৰ মুখলৈ নানিবি, সিদিনালৈকে চাইকেলৰ আগত লৈ ফুৰিছোঁ, এতিয়া বাপেৰক বুজাবলৈ আহিছ… কেতিয়া যাব লাগিব তই?
: পালেহিয়ে, ২০ আগষ্ট দেউতা।
: অ’ কালি পেঞ্চনৰ ৫ হাজাৰ টকা উলিয়াই থৈছিলোঁ, ৰে’লৰ টিকট খোৱা-বোৱা আদিত লাগিব নহয়, চাই-চিতি খৰচ কৰিবি। ট্ৰেইনত অইনে দিয়া বস্তু একদম নাখাবি, কাকো বন্ধু নাপাতিবি। সেইয়া আমাৰ গাঁও নহয়। ঠগি দিব তোক, তই ঘৰৰ বাহিৰত থাকি নোপোৱা ল’ৰা, ভয় লাগে মোৰ।
: দেউতা মই এতিয়া ডাঙৰ হ’লোঁ, ভয় নকৰিবা তুমি।
: হ’ব কিমান ডাঙৰ হ’লি মই জানো নহয়; মাৰে বৈ থোৱা গামোছা দুখনমান লৈ যাবি। গা-পা ধুই গা মচিব লাগিব, অসমীয়া কেলেণ্ডাৰ এখনো আনি থৈছোঁ লৈ যাবি। স্প’ৰ্টিংটো পুৰণা হৈছে তোৰ, দেওবাৰে এটা আনি দিম সেইটো পিন্ধি যাবি। ভালকে থাকিবি তাত, ফোন কৰি থাকিবি সময় পালেই…
কেতিয়াও নকন্দা দেউতাকৰো আজি গাল দুখন চকুৰ পানীয়ে তিয়াই পেলাইছে।
সিদ্ধাৰ্থ হাজৰিকাই আৰ্মীত চাকৰি পাইছে, অঞ্চলটোৰ সকলো মানুহে গম পায়। সৰুৰে পৰা অমায়িক, পঢ়া-শুনা খেলা-ধূলাত ভাল আছিল ল’ৰাটো। স্কুলৰ ছাৰ-বাইদেউৰ প্ৰিয় ছাত্ৰ সিদ্ধাৰ্থ। আৰ্মীত চাকৰি পায়ে তাৰে ঝাৰখণ্ডত প’ষ্টিং হৈছিল। তাত মাওবাদীৰ কূটাঘাটমূলক কাৰ্য্য চলি থকা বাবে সিদ্ধাৰ্থ ৯ মাহ ঘৰলৈ আহিব পৰা নাছিল। সেইদিনা তাৰ মনটো বৰ ফূৰ্তি, তাৰ ছুটী মঞ্জুৰ হৈছে, বহাগ বিহুত সি ঘৰলৈ আহিব। ঘৰলৈ অহা ১৫ দিন মান আগত ঝাৰখণ্ডৰ জংঘলত মাওবাদীৰ বিৰুদ্ধে এক অভিযানত গৈছিল সিদ্ধাৰ্থ সহিতে আন ১০ জন সেনা। কালিমা সনা সেই দিনটো দিনটো সিদ্ধাৰ্থৰ বাবে যে অন্তিম দিন আছিল সি জনা নাছিল। সেই অভিযানতেই জংঘলৰ গছৰ ডালত আগৰে পৰা খাপ পিটি থকা মাওবাদীয়ে সিদ্ধাৰ্থৰ লগতে বাকীসকল সেনাকো গুলীয়াই থকা-সৰকা কৰে। পিছদিনা ৰাষ্ট্ৰীয় নিউজ চেনেলৰ লগতে লগতে অসমতো বাতৰি সম্প্ৰচাৰিত হ’ল- “ঝাৰখণ্ডত মাওবাদীৰ গুলীত অসমৰ সিদ্ধাৰ্থ হাজৰিকা সৈতে আন ১০ জন সেনা নিহত, ৫ টাকৈ গুলীয়ে ভেদ কৰিলে শ্বহীদ সিদ্ধাৰ্থ হাজৰিকাৰ কপাল আৰু বুকু।”
বহাগ বিহুলৈ আৰু ১০ দিন আছে। সিদ্ধাৰ্থহতঁৰ মাক-দেউতাক-ভনীয়েক লগতে গাঁওবাসী অপেক্ষা কৰি আছিল বিহুত সিদ্ধাৰ্থ ঘৰলৈ আহিব, মাকে কৰা পিঠা-লাড়ু খাব, গাঁৱৰ সমনীয়াৰ লগত আগৰ দৰে বিহু মাৰিব।
সিদ্ধাৰ্থ আহিল ঘৰলৈ বিহুৰ আগে আগে। কিন্তু এতিয়া সিদ্ধাৰ্থয়ে মাকে কৰা পিঠা-লাৰু খাব নোৱাৰে, সমনীয়াৰ লগত বিহু নাচিবও নোৱাৰে। সিদ্ধাৰ্থ শুই আছে এজন গৰ্বিত সৈনিকৰূপে ভাৰতৰ জাতীয় পতাকাৰে আবৃত কফিনৰ মাজত।
bhal lagil.