সোঁৱৰণিৰ স্তৱক (-নৱ কুমাৰ চমুৱা)

সোঁৱৰণিৰ স্তৱক

নৱ কুমাৰ চমুৱা

 

১.

প্ৰতিটো সুখানুভূতি আৰু প্ৰশান্তিৰ বৰচাপৰিৰ সিপাৰে
জিৰি জিৰিকৈ বৈ আছে মোৰ দুখৰ বৰলুইত

 

সোঁৱৰণিৰ এছাটি বতাহে

চাকৈ চকোৱা হৈ বাৰে বাৰে

মোৰ দুখৰ লুইতত জলকেলি কৰে

২.

অদহে-বদহে ঘুৰি ফুৰা ল’ৰালিৰ পথাৰখনৰ

সোঁৱৰণি এটা

ছোঁ মাৰি আহিছে নীলকণ্ঠ চৰাই এজনী হৈ

 

লেছেৰি বুটলা দিনৰ ল’ৰা এটা আহি

খলকনি তুলিছে মোৰ বুকুৰ দুপৰৰ নিজান চোতাল।

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নিবিড়
5 years ago

ভাল লাগিল।

Copying is Prohibited!