সোণসেৰীয়া এক বিদ্ৰোহৰ নাম — ‘অভিযাত্ৰী’ অনামিকা বড়া

গ্ৰন্থৰ নামঃ অভিযাত্ৰী
লেখকঃ নিৰুপমা বৰগোহাঞি
প্ৰকাশনঃ ষ্টুডেণ্ট ষ্ট’ৰছ
প্ৰথম প্ৰকাশঃ১৯১৩ (জাৰ্ণাল এম্পৰিয়াম)
নৱেম্বৰ, ২০১৯(ষ্টু.ষ্ট.)
মূল্যঃ২৯০ টকা
মুঠ পৃষ্ঠাঃ ৩৯৯

“নাৰী পুৰুষতকৈ কোনো গুণে কম নহয়”, “আজিৰ নাৰী ঘৰৰ চাৰিবেৰত সোমাই থকা কাম কৰা যন্ত্ৰ নহয়”, “আজিৰ নাৰী মহাকাশলৈ গৈছে, চন্দ্ৰলৈ গৈছে” প্ৰভৃতি বাক্যৰে আধুনিক সাহিত্যই বৰ্তমানৰ সমাজৰ প্ৰতিচ্ছবি বহন কৰাৰ কথা আমি সকলোৱেই জানো। কিন্তু এই সোণসেৰীয়া সাহিত্য লিখিব পৰা হোৱালৈ স্ত্ৰী-শিক্ষাৰ বাটটো একেদিনাই কটা হোৱা নাছিল। ইয়াৰ অন্তৰালত আছিল গোটাচেৰেক ব্যক্তিৰ অমানুষিক পৰিশ্ৰম আৰু সংগ্ৰাম। সেই সংগ্ৰামৰ আগৰণুৱা অসমীয়া বুলিলেই যিগৰাকী মহীয়সীৰ নাম আমি সগৌৰৱেৰে সোঁৱৰো, তেৱেঁই হ’ল সকলোৰে চিৰপৰিচিত চন্দ্ৰপ্ৰভা শইকীয়ানী।

স্বাধীনতাৰ বহু দশক পূৰ্বেই পুৰুষতান্ত্ৰিক সমাজৰ শতেক বাধাৰ প্ৰাচীৰ বীৰদৰ্পে অতিক্ৰমি ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ছোৱালীবোৰক বিদ্যালয়মুখী কৰি তোলা অগ্ৰগামী সত্ত্বা চন্দ্ৰপ্ৰভা শইকীয়ানী। শিক্ষা বৃত্তিৰ সমান্তৰালকৈ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা শইকীয়ানীয়ে ব্যক্তিগত জীৱনৰ দুখ-দুৰ্দশা, বিৰহ-অপযশ, সমাজৰ ককৰ্থনাক কৰিছিল কোনো সময়ত আওকাণ, কোনো সময়ত প্ৰতিবাদ। কোনো সময়ত আকৌ বিচক্ষণতাৰে অন্ধবিশ্বাস,অন্যায়ৰ বিৰুদ্ধে আগবাঢ়ি যুঁজ দি জয়ী হৈহে ক্ষান্ত লভিছিল। হাৰ নমনা একপ্ৰকাৰৰ জেদী মন এটাৰে জীৱনৰ বাট বোলা চন্দ্ৰপ্ৰভা এগৰাকী অদ্বিতীয় অভিযাত্ৰী।

সেইগৰাকী মহীয়সীৰে বহুৰঙী জীৱন-কাহিনীৰে ভৰা এখন (হয়তো চন্দ্ৰপ্ৰভা শইকীয়ানী বিষয়ক প্ৰথমখন অসমীয়া উপন্যাস) অৱশ্য পঠনীয় উপন্যাস হৈছে নিৰুপমা বৰগোহাঞিৰ ‘অভিযাত্ৰী’। ব্যক্তিগত জীৱনৰ এক অভাৱনীয় অধ্যায়ৰ বাবে বহু সময়ত সমাজৰ অপবাদ-ইতিকিঙে জীৱন দুৰ্বিসহ কৰিলেও চন্দ্ৰপ্ৰভা শইকীয়ানী অবিচলিত হৈ আছিল। উল্লেখযোগ্য, সামাজিক দায়বদ্ধতাৰ পৰা কোনোদিন পিছ নুহুহকা নাৰীগৰাকীক লৈ লিখা কিতাপখনৰ অন্যতম দিশ হৈছে, সাৰ্থক শিৰোনাম ‘অভিযাত্ৰী’।

চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰী, দুই বাই-ভনী। বাট কুৰি বাই মেখেলা চাদৰ পৰিধান কৰি খাল-বিল পাৰ হৈ স্কুললৈ যোৱা ছোৱালী দুজনীৰ অদমনীয় জ্ঞানান্বেষী স্পৃহাক সেই সময়ৰ সমাজত থাকি পিতৃ-মাতৃয়ে কেনেকৈ লালন কৰিছিল ভাবিলে বিস্ময় হোৱাটো স্বাভাৱিক। প্ৰশ্ন হয় নিৰক্ষৰ হৈও কিমান বেছি জ্ঞানী হ’লে দহোবন শিকাৰ সামাজিক আহ্বানক প্ৰত্যাহ্বান জনাই মাতৃয়ে ছোৱালী সন্তানক বিদ্যালয়লৈ পঢ়িবলৈ পঠিয়াব পাৰে, মাহীয়েকৰ ঘৰত থাকি পঢ়িবলৈ পঠিয়াব পাৰে। কিমান বুজন আৰু মৰম থাকিলে জীয়েকৰ দুখ-কষ্ট সহিব নোৱাৰি দূৰণিৰ বিদ্যালয়ত পঢ়া বন্ধ কৰি পুনৰ জীয়েকৰ মনোকষ্ট লক্ষ্য কৰি নতুনকৈ বিদ্যালয়ত পঢ়াৰ সুবিধা কৰি দিব পাৰে। এইবোৰৰ উত্তৰ অনুভৱ কৰিবলৈ পাত মেলিব লাগিব ‘অভিযাত্ৰী’ৰ, কাৰণ আজিৰ যুগত সাধাৰণ হৈ পৰা স্ত্ৰী-শিক্ষাৰ আৰম্ভণি আছিল এক বুজাব নোৱৰা কষ্টকৰ সংগ্ৰাম, যি সংগ্ৰামক নিৰুপমা বৰগোহাঞিয়ে বিচক্ষণ কলমেৰে উপন্যাসখনৰ পাতত নিপোটল ৰূপত দাঙি ধৰিছে।

‘অভিযাত্ৰী’ উপন্যাস হ’লেও সমগ্ৰ ঘটনাৱলী সত্যৰ ওপৰত প্ৰতিষ্ঠিত। দুই এঠাইত কল্পনাৰ আশ্ৰয় ল’ব লগা হ’লেও সত্যৰ পৰা আঁতৰি নহাৰ কথা লেখিকাই আৰম্ভণিতে “Facts are stranger than fiction” বুলি এষাৰ ধুনীয়া উপমা দি বুজাইছে।

সাহসী চন্দ্ৰপ্ৰভা নাৰী-শিক্ষাৰ প্ৰচলনতে ক্ষান্ত নাথাকি স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি কাৰাবাস খাটি, মহিলা-সমিতি গঠন কৰি, সমাজৰ বৈষম্যমূলক বহু নিয়ম উভালি অসমৰ নাৰীসমাজক নতুন জীৱন দি যোৱা প্ৰথমগৰাকী মহিলা। এই যাত্ৰাপথত তেওঁ বিভিন্ন ক্ষেত্ৰত যিসকল পুৰুষ-নাৰীৰ সহযোগিতা লাভ কৰিছিল সকলোকে যথাযোগ্য প্ৰশংসা, শ্ৰদ্ধা তথা কৃতজ্ঞতা জ্ঞাপন কৰাৰ মানৱীয় গুণ পাহৰা নাছিল চন্দ্ৰপ্ৰভাই। প্ৰতিক্ষণে নিঃস্বাৰ্থভাৱে কেৱল সমাজৰ, দেশৰ-দহৰ উন্নতিৰ কথাকে চিন্তা কৰি দেহে-কেহে কষ্ট কৰি গ’ল । আনকি বাপেকৰ মৰমৰ পৰা বঞ্চিত কণমাণি পুত্ৰ সন্তানকো পিতৃ-মাতৃৰ ওচৰত থৈ চাইকেল চলাই সভা-সমিতিৰে ৰাইজক সজাগ কৰি ঘূৰি ফুৰিছিল ইখনৰ পিছত সিখন গাঁও। নিঃস্বাৰ্থ সেৱাৰ প্ৰতিদানত ব্যক্তিগত সুখকৰ জীৱন এটাও চন্দ্ৰপ্ৰভাই নাপালে, নাপালে সংসাৰ সুখ, নাপালে পত্নীৰ স্বীকৃতি, নোৱাৰিলে দূৰ কৰিব ঘৰুৱা দৰিদ্ৰতাক। শত-সহস্ৰজন অসমীয়াৰ মৰম-বিশ্বাস-সাহস কিন্তু আমৃত্যু লাভ কৰিলে তেওঁ। ৰাইজৰ প্ৰশংসাইও তেওঁক সৰ্বসাধাৰণৰ মাজৰ পৰা সলনি কৰিব নোৱাৰিছিল। জঞ্জালময় জীৱনটোত সৰু-সুৰা লেখা বাদ দিও তিনিখন উপন্যাস লিখিব পৰাকৈ সাহিত্য-চৰ্চা কৰিবলৈ সময় আৰু মানসিক শক্তি কেনেকৈ লাভ কৰিছিল সেইয়াও এক পৰম বিস্ময় আৰু এই সমগ্ৰ বিস্ময়ৰ কৰণি ‘অভিযাত্ৰী’ পঢ়িলে প্ৰতিজন পঢ়ুৱৈয়ে এবাৰ হ’লেও নিজকে প্ৰশ্ন কৰিবই যে “এইগৰাকীয়েইনে আমি জনা চন্দ্ৰপ্ৰভা? বাস্তৱ জীৱনো এনে হ’ব পাৰেনে?” কোৱা বাহুল্য, এই নিৰুপম কিতাপখন ৰচনা কৰাৰ বাবেই নিৰুপমা বৰগোহাঞিলৈ আপোনা-আপুনি কৃতজ্ঞতা উথলি উঠে।

চন্দ্ৰপ্ৰভাৰ ভগ্নী ৰামেশ্বৰী, পিছলৈ ৰজনীপ্ৰভা, আছিল অসমৰ প্ৰথমগৰাকী মহিলা এম বি বি এছ। কিন্তু ইমান এটা গৌৰৱৰ অধিকাৰিণী হৈও ৰজনীপ্ৰভাৰ জীৱনটো শেষলৈ কৰুণতম বিষাদত পৰিণত হৈছিল। সেই বিষাদ-গাথাঁও বৰ্ণনা কৰা আছে কিতাপখনত। প্ৰকৃততে চন্দ্ৰপ্ৰভা-ৰজনীপ্ৰভা দুই ভগ্নীৰ জীৱন এগৰাকীক এৰি আনগৰাকীৰ বিষয়ে আলোচনা কৰিব নোৱাৰাকৈ বান্ধ খাই থকা। কেৱল চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ৰজনীপ্ৰভা শইকীয়ানীৰ জীৱন-কাহিনী বুলি নহয়, ‘অভিযাত্ৰী’ গ্ৰন্থখন অসমৰ স্বাধীনতাৰ আগৰ, স্বাধীনতা আন্দোলনৰ আৰু স্বাধীনোত্তৰ কালৰ ঘটনা-প্ৰৱাহৰো বিশাল দস্তাবেজ। অনেক মহীয়সী নাৰীৰ পৰিচয় কৰোৱাই দিয়াতো গ্ৰন্থখনৰ ভূমিকা অতুলনীয়। সেইবাবেই এইখনক একমাত্ৰ জীৱনীমূলক উপন্যাস নহৈ বুৰঞ্জীমূলক উপন্যাস বুলিও ক’ব পাৰি।

সঁচা কাহিনী এটাক তথ্যৰ বিভ্ৰান্তি নোহোৱাকৈ উপন্যাসৰূপে তুলি ধৰাটো নিশ্চিতভাৱে এক দুৰূহ কাম। নিৰুপমা বৰগোহাঞিয়ে এই দুৰূহ কামটো সম্পন্ন কৰিবলৈ যথেষ্ট কষ্ট আৰু সময় লৈছিল। ফলশ্ৰুতিত কৰ্মফল সুস্বাদু হৈছে।

ক্ষুদ্ৰাতিক্ষুদ্ৰ বাধা-বিঘিনিৰ পৰা আৰম্ভ কৰি চৰম মানসিক হতাশা-অস্থিৰতাৰে পূৰ্ণ জীৱন এটাতো থাকিব পাৰে অফুৰন্ত শক্তি যি শক্তিয়ে সলনি কৰিব পাৰে সমাজৰ মানচিত্ৰ, যি শক্তিৰ পোহৰে আলোকিত কৰিব পাৰে আন শত-সহস্ৰজনৰ তিমিৰ পঁজা। ঠিক এনে এক ইতিবাচক বাৰ্তা বহনকাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনক অনুভৱ কৰোৱা ‘অভিযাত্ৰী’ অসমীয়া ভাষা-সাহিত্যৰ এক অমূল্য সম্পদ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments