সোণ হৰিণ ( দেৱাশিস ঠাকুৰীয়া )
জুপুৰী ঘৰটোৰ পানী-পচাৰে
মই উটুৱাই দিওঁ
মাটিকলহৰ ক’লা পিণ্ড!
নিগনিৰ হেঁপাহৰ ভৰালটোৰে বগাই আহে আকাশীলতা,
মৰা কলগছেৰে সাজি উলিয়াও বানপানী খেদা ভুৰ!
বাহঁনিডৰাৰ শিপাত চিতাখন জ্বলি উঠাৰ দিন ধৰি
আখলত বৰষুণ পৰিল,
শুকান খৰিবোৰত
পানীজ্বলা উঠিল!
বকুল সৰা বাটটোৰে খোজ দিওঁতে মোৰ দুভৰিত শিলে বিন্ধিলে, হেৰাই থাকিল
বুকুৱে বুকুৱে শিপাই যোৱা সেন্দূৰীয়া বাটবোৰ!
হাউলি পৰা আঁহতৰ ডাল এটাত ওলমি থাকে
নিছিঙা গাঁঠিৰ গো-মালা, বতাহত নিচান হৈ উৰি থাকে পাঁচ আঙুলিয়া চৈ…! ! !