সৌদামিনী গাঁথা – ৰাজশ্ৰী ধনদিয়া
(১)
‘অসূৰ্যস্পৰ্শা’৷
অৰ্থটো কি ভালদৰে জনাৰ আগতেই শব্দটোৰ প্ৰেমত পৰিবলৈ শিকিছিল সৌদামিনীয়ে৷ মনৰ একোণত হেঁপাহ এটাই উকমুকাই উঠিছিল নিজৰ আওপুৰণি নামটো সলনি কৰি অসূৰ্যস্পৰ্শা ৰাখিবলৈ৷ স্কুলৰ বহী কিতাপবোৰত পুৰণি খবৰ কাগজেৰে চামৰা লগাই উঠি গোট গোট আখৰেৰে তাইৰ দেউতাকে ‘এলান্ধু কলীয়া’ যেন লগা তাইৰ নামটো লিখি দিছিল, ‘সৌদামিনী’৷ উৎসুকতাৰে দেউতাকৰ কাষতে মূঢ়াটোত বহি দুয়োখন গালত হাতেৰে ভেজা দি ৰৈ থকা কণমানিজনীৰ মনটো ক’লা পৰি গৈছিল, আকৌ সেইটো নাম! একো কৰিব পৰা নাছিল তাই৷ লেমৰ চিমনিটোৰ শলিতাডাল কমোৱা-বঢ়োৱা কৰি তাই ঠিক কৰিছিল যে ডাঙৰ হ’লে তাই নিজৰ নামটো সলাই ল’ব৷ দেউতাকে কৈছিল, “অসূৰ্যস্পৰ্শা হ’বলৈ মন নকৰিবি আইজনী৷ ৰ’দে-বৰষুণে ধুৱাই নিয়া মাটিৰ মানুহ হ’ব লাগিব তই৷ তোৰ এচেৰেঙা পোহৰেই চমকনি তুলিব লাগিব আমাৰ সৰু পৃথিৱীখনত”৷ কিন্তুু সৌদামিনীক যে মাকৰ মুখত শুনা অসূৰ্যস্পৰ্শা ৰাজকুমাৰীজনীৰ কাহিনীয়ে হাত বাউল দি মাতি থাকে৷ তাইৰ এধানি মনটোৱে বিচাৰে তাইক কোনেও চুব নোৱাৰক, আনকি বেলিটোৱেও৷
“আগলতি কলপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে”, মাকে সুৰ লগাকৈ চিলনীৰ জীয়েকৰ গীত জুৰে৷ কণমানি বুকুখনত আৰু এটা দুখে আহি খোপনি পুতিবলৈ লয়৷ সেয়া চিলনীৰ জীয়েক হ’ব নোৱাৰাৰ দুখ, তাতোকৈ ডাঙৰ দুখ সৌদামিনীৰ চুলিখিনি যে চিলনীৰ জীয়েকৰ নিচিনা কঁকাললৈকে বৈ পৰা নহয়! কান্ধলৈকে পৰা কেঁকোৰা চুলিখিনিত মাকে জহৰ বন্ধৰ প্ৰতিটো দুপৰীয়াই তেল পিছল কৰি দুডাল বেণী আটি আটি গুঁঠি দিয়ে৷ জহৰ দুপৰীয়াবোৰত খলকনি লাগে৷ চুলি বান্ধি হোৱাৰ পাছতো তাই মাকৰ কোলাত মূৰ থৈ শুনি থাকে, পুৰণি- পুৰণি গোন্ধাই থকা পেৰাটোৰপৰা এটা এটাকৈ ওলাই অহা জীয়া সাধুকথাবোৰ৷ ঢেকীশালত তেজেৰে তুমৰলি হয় তেজীমলা, ইপিনে সৌদামিনীৰ চকুলোৱে মাকৰ উৰুটো তিয়াই পেলায়, চম্পাৱতীৰমাহী আইৰ জীয়েকলৈ বেথা ওপজে তাইৰ, কিহৰ খকত নো সেই বদমাছ তিৰোতাজনীয়ে নিজৰ জীয়েকক অজগৰটোলৈ বিয়া দিব লাগে! তাইৰ খং উঠে, সব অজগৰ একেই নহয় কিয়৷ কেতিয়াবা লাউৰ মাজত সোমাই অহা বুঢ়ীৰ বুদ্ধিত হাত তালি মাৰি উঠে! কাঁইটত কলিজা সেকি ৰাজকুমাৰীক জীয়াই তোলা কেতেকী চৰাইজনীৰ কষ্টত ফেঁকুৰি উঠে তাই, স্বাৰ্থপৰ ৰজালৈ খং উঠে৷ কপাহী মেখেলাইদি তাইৰ চকুলো বৈ গৈ মাকৰ উৰু তিতি যায়৷ মাকে হুমুনিয়াহ এৰে, স্বগতোক্তি কৰে, “শিলৰ দৰে টান কৰ আইজনী বুকুখন৷ চনকা চনকে এৰাই যাবলৈ নিদিবি আই”৷ তাইৰ মনটো ক’লা পৰা দেখি তাঁতশালৰ পৰা সেউতী উঠি আহে, “সৌদা আহ, ৰবাব টেঙা নিমখ জলকীয়া দি খাম”৷ পেহীয়েকৰ লগত বহি টেঙা খাই থাকোঁতে সৌদামিনীৰ মনত পৰে, বকুলৰ লগত বৰ পুখুৰীত বৰশী বাবেলৈ যোৱাৰ কথা আছিল৷ তাই মাকক মাতষাৰ দিয়েই নঙলা খুলি দৌৰ মাৰে বৰপুখুৰীৰ পাৰলৈ৷ তাই গৈ পোৱালৈ বকুলৰ বৰশীত উঠা গৰৈ মাছকেইটাই পুখুৰীৰ পাৰৰ ঘাঁহনিত ধৰফৰাই থাকে৷ সৌদামিনীয়ে কেতিয়াও বৰশী বাই মাছ নধৰে৷ তাই মাথোঁ পাৰত বহি চাই থাকে, বকুলে কি দৰে কৌশল কৰি মাছৰ টোপ দিয়ে, পুঙাটোত নিবিষ্ট হৈ থাকে তাৰ দৃষ্টি, তাই কিবা এটা কওঁ বুলি উচপিচাই থাকিলেও সি তাইলৈ নাচায়, মাথোঁ মুখত আঙুলি ৰাখি ইছাৰা কৰে, “মনে মনে! পুঙাটো লৰিছে৷ “ বকুলে বৰশীৰ পুঙাত লাগি ধৰা মাছটো ঘাঁহনিত পেলাই দিওঁতে চটফটনিটো দেখি সৌদামিনিৰহে বুকুখন ধৰফৰাই উঠে৷ বকুলে দেখা পালে “পেন্দুৰী” বুলি জোকাব, সেয়েহে তাই আন কথালৈ মন দিবলৈ যত্ন কৰে৷ তাইৰ দুচকুত বৰপুখুৰীৰ পদুম কেইপাহত ধৰা দিয়ে এজনী পাটগাভৰুৱে৷ চিলনী জীয়েকৰ গাখীৰত সেন্দূৰ মিলোৱা মুখখনি৷ গছৰ ফেৰেঙণিৰপৰা তাইক সদাগৰে বুকুলৈ তুলি আনিছিল৷ সেই সদাগৰজনৰ দৰেই সুন্দৰ এজন জলদেৱতা যদি ওলাই আহে বৰপুখুৰীৰ মাজৰপৰা! বকুলে মাত দিয়ে, “অ’ই, মাছ দুটামান লবিনে? ” তাই সাধুকথাৰ পৃথিৱীখনৰপৰা ঘূৰি আহিল, “নালাগে দে৷ ” হাতপাতি নলয় তাই সি আগবঢ়াই দিয়া গৰৈ কেইটা৷ নামঘৰত ডবা কোবোৱাৰ আগে আগেই সৌদামিনীয়ে আৰু বকুল ঘৰলৈ দৌৰ মাৰে৷ নহ’লে যে দেউতাক মাকে তাইক বৰ বেয়া পাব৷ গোহালিত জাক দি থকা দেউতাকৰ সমুখেদি কলৰ পানীৰে হাত-ভৰি ধোওঁতে তাই বাহিৰৰপৰাই গম পায় মাকে গোঁসাই ঘৰত চাকি দিয়াৰ যো-জা কৰিছে৷ ধূনাৰ গোন্ধে আমোলমোল কৰা কোঠাবোৰত সেউতী পেহী ঘূৰি ফুৰিছে বিচনীখন লৈ৷ সৌদামিনী মাকৰ লগত গৈ থাপনাৰ সমুখত বহেগৈ৷ মিঠাতেলকণ চাকিটোত ঢালি লৈ শলিতাডালৰ আগটো দুয়োটা আঙুলিৰে চেপি ধৰে মাকে, তাৰপাছত আঙুলিৰ আগত লাগি থকা তেলকণ চুলিত মোহাৰি থয়৷ সৌদামিনীয়ে মাকৰ এই কামটো খুব মনোযোগেৰে উপভোগ কৰে৷ সেই সময়কণত তাইৰ এনেকুৱা ভাব হয় যে তাইৰ মাকেই যেন গোটেই পৃথিৱীখনৰ ভিতৰত শান্তি আৰু চেনেহৰ একমাত্ৰ প্ৰতিমূৰ্তি, মাকৰ নামটো যে কি শুৱলা, “ঘৰশুৱা”৷ নামে-কামে মিলি পৰা মাকৰ সৌম্য মুখনি সেই সন্ধিয়াৰ কৰুণ পোহৰত তাই উজ্জ্বলি উঠা দেখা পায়৷ মাটিৰ ধূপদানীটোত ধূপকাঠী দুডাল গুজি দি সৌদামিনীয়ে হাতযোৰ কৰি চকু মুদি, মাকৰ সুৰতে সুৰ মিলাই গাবলৈ চেষ্টা কৰে, তুমি চিত্ত বৃত্তি মোৰ…৷
সৌদামিনীৰ সেই শৈশৱ মাকৰ কুঁহিপতীয়া চাদৰ খনৰ দৰেই আছিল, য’ত বানে গৰকা নৈপৰীয়া গাঁও এখনৰ পৰা উঠি আহি কপালৰ ঘাম মাটিত পেলাই সেউজ সুন্দৰ চহা জীৱন এটাৰে নিজৰ মনৰ মানুহজনী আৰু ভনীয়েকক লৈ দিনবোৰ পাৰ কৰা দেউতাকৰ প্ৰেৰণাই কঠীয়া সিঁচিছিল, য’ত নিজৰ মানুহজনৰ কষ্টসহিষ্ণুতাক পাথেয় হিচাপে লৈ আগবঢ়া মাকে তাইক মাটিৰ মানুহ কৰি গঢ়ি তোলাৰ সপোন দেখিছিল, য’ত সেউতীৰ দৰে কামে কাজে নিপুন গাভৰুজনীৰ উপস্থিতিয়ে প্ৰাণ ধালিছিল৷ এই সকলোৰে মাজত সৌদামিনী আছিল সাধুকথাৰ ৰাজকুমাৰীজনীৰ দৰে, কিন্তুু কিছু ভাবুক আৰু ব্যতিক্ৰম৷
(আগলৈ)