স্বদেশৰ বীৰ অভিনন্দন – গীতিকা শইকীয়া
উইং কমাণ্ডাৰ অভিনন্দনে পাকিস্তান অধিকৃত কাশ্মীৰত পাকিস্তানৰ আৰ্মিৰ দ্বাৰা আটক হোৱাৰ আগতে পোনপ্ৰথমে নিজৰ লগত থকা সকলো নথি-পত্ৰৰ কিছুমান মুখত লৈ কামুৰি গিলি তথা কিছুমান মোহাৰি-ফালি নষ্ট কৰি পেলাইছিল। এয়া কোনো ভাৰতীয় মিডিয়াৰ বাতৰি নহয়, এয়া খোদ পাকিস্তানৰ আটাইতকৈ বেছি চাৰ্কুলেচন থকা তথা সন্মানীয় বুলি খ্যাত “দি ডন”ৰ ২৮ ফেব্ৰুৱাৰী দিনাৰ বাতৰিত প্ৰকাশ হৈছে৷
কিমান সাহস থাকিলে, দেশৰ প্ৰতি সমৰ্পণৰ মনোভৱ থাকিলে এনে কাম কৰিব পাৰি বাৰু! উইং কমাণ্ডাৰ অভিনন্দন এনে এজন বীৰ, যি নিজতকৈও দেশক আগত ৰাখে৷ শত্ৰুৰ শিবিৰত পৰিছেগৈ, নিজৰ মৃত্যুক চকুৰ আগত দেখিও স্বদেশৰ কোনো তথ্য যাতে শত্ৰুৰ হাতত নপৰে, নিজে কৰ্মৰত বায়ুসেনা বাহিনীৰ কোনো ধৰণৰ সূত্ৰ যাতে শত্ৰুৱে পাব নোৱাৰে, জীৱনৰ সেই চৰম দুৰ্দশাৰ সময়তো উইং কমাণ্ডাৰ অভিনন্দনে যি এক নিৰ্বিঘ্নতাৰে তাৰ ব্যৱস্থা কৰিলে সেই কাৰ্যৰ তুলনা আন একোৰে লগত কৰিব নোৱাৰি।
দেশৰ এনে এজন নিঃস্বাৰ্থ বীৰক কেৱল ধন্যবাদ দিয়াটো কেতিয়াও সমীচিন নহয়।
পাকিস্তানৰ “দি ডন”ত প্ৰকাশিত এই বাতৰিটোৰ মতে পাকিস্তান অধিকৃত কাশ্মীৰৰ আজাদ জিলাৰ এল অ চিৰ পৰা মাথোঁ সাত কিলোমিটাৰ দূৰত্বত থকা হৌৰান গাঁৱৰ এজন বাসিন্দা ৰাজ্জাক চৌধুৰীয়ে বুধবাৰে পুৱা ৮.৪৫ মান সময়ত তেওঁৰ ঘৰৰ পদূলীত ৰৈ থাকোঁতেই হঠাতে আকাশত প্ৰচণ্ড শব্দৰে ধোঁৱা আৰু জুইৰ শিখা দেখি তেওঁ বুজি গৈছিল যে দেশ দুখনৰ মাজৰ পৰিবেশ আৰু বেছি উত্তেজনাপূৰ্ণ হৈ পৰিছে।
ৰাজনৈতিক আৰু সামাজিক দিশত কাম-কাজ কৰা ৫৮ বছৰীয়া চৌধুৰীয়ে ভালকৈ চাই দেখিলে যে আকাশত উৰি থকা দুখন যুদ্ধ বিমানত জুই লাগিছে, তাৰে এখন অতি তীব্ৰ বেগত এল অ’ চিৰ ওচৰ পাইছে আৰু আনখন আকাশত উৰি থকা অৱস্থাতে প্ৰচণ্ড শব্দেৰে বিস্ফোৰণ হৈ প্ৰচণ্ড গতিবেগত আহি মাটিত পৰিছেহি৷
বিধস্ত হৈ ভূ-পতিত হোৱা যুদ্ধ বিমানখনৰ টুকুৰাবোৰ অন্ততঃ এক কিলোমিটাৰতকৈও বেছি দূৰলৈ সিঁচৰতি হৈ পৰিছে।
“দি ডন”ৰ বাতৰিত এই সমগ্ৰ বিষয়টোত ভাৰত-পাকিস্তান দুয়োখন দেশৰ উগ্ৰজাতীয়তাবাদী ভাৱধাৰাৰ প্ৰদৰ্শনৰ বিপৰীতে উইং কমাণ্ডাৰ অভিনন্দনৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি থকা এজন স্থানীয় লোকৰ ভাষ্য প্ৰকৃতাৰ্থতেই গুৰুত্বপূৰ্ণ।
ৰাজ্জাক চৌধুৰীয়ে বুধবাৰৰ পুৱা দেখা সেই দৃশ্যৰ বৰ্ণনা মন কৰিবলগীয়া। তেওঁ আকাশত ইতিমধ্যে জুই লাগি যোৱা সিখন যুদ্ধ বিমানৰ পৰা ওলোৱা এটা পেৰাছ্যুট লাহে লাহে মাটিলৈ আহি তেওঁৰ ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বৰ ভিতৰতে মাটিত পৰা দেখা পালে। তেওঁ দেখিলে পেৰাছ্যুটটোৰ পৰা এজন ব্যক্তি ওলাই আহিছে।
“দি ডন”ৰ পৰা যোগাযোগ কৰোঁতে হৌৰাণ গাঁৱৰ পৰা ৰাজ্জাক চৌধুৰীয়ে কৈছিল যে তেওঁ পেৰাছ্যুটটোৰ পৰা সুস্থ শৰীৰেৰে এজন পাইলটক ওলাই অহা দেখিছিল। ৰাজ্জাকে লগে লগেই গাঁৱৰে কিছু যুৱকক ফোন কৰি কথাখিনি কৈ বিধস্ত যুদ্ধ বিমানৰ ভগ্নাৱশেষবোৰত হাত নিদিবলৈ কৈ পাকিস্তানৰ সেনাৰ বিষয়ববীয়া আহি পোৱালৈকে কেৱল পাইলটজনক আটক কৰি ৰাখিবলৈ ক’লে।
পাইলটজনৰ হাতত পিষ্টল এটা আছিল, তেওঁ যুৱকসকলক সেই অঞ্চলটো ভাৰত নে পাকিস্তানৰ অংশ হয় সুধিছিল। প্ৰশ্নটো শুনি ইতিমধ্যে তাত গোট খোৱাবোৰৰ এজনে যথেষ্ট বুদ্ধিমত্তাৰে এয়া ভাৰতৰে অংশ হয় বুলি উত্তৰ দিছিল। এই কথা শুনি উইং কমাণ্ডাৰজনে ভাৰতৰ জয়গানৰ শ্লোগান দিয়ে আৰু লগতে ঠাইখিনি ভাৰতৰ কোন অংশ হয় সেইটোও জানিবলৈ বিচাৰে। তেতিয়া কিছুমান ল’ৰাই ঠাইখিনি কিল্লান বুলি কয়। পাইলটজনে তেওঁৰ কঁকালত বেয়াকৈ দুখ পাইছে বুলি কৈ অলপ পানী খাব বিচাৰে।
কিন্তু অভিনন্দনৰ ভাৰতৰ জয়গানৰ শ্লোগান কিছুমান আবেগিক হৈ পৰা যুৱকে সহজভাৱে ল’ব নোৱাৰিলে আৰু তেওঁলোকে পাকিস্তান জিন্দাবাদ ধ্বনি দিবলৈ ধৰিছিল। তেতিয়া অভিনন্দনে হাতত থকা পিষ্টলটোৰে শূন্যতে এজাঁই গুলীবৰ্ষণ কৰে আৰু তাকে দেখি যুৱকসকলে ওচৰে-পাঁজৰে পোৱা শিলগুটি বুটলি অভিনন্দনলৈ দলিয়াবলৈ ধৰে।
ৰাজ্জাকে জনোৱা মতে পাইলটজনে লগে লগে উভতনি দিশেৰে হাতৰ পিষ্টলটো যুৱকসকললৈ টোৱাই দৌৰিবলৈ ধৰে আৰু যুৱকসকল তেওঁৰ পিছে পিছে দৌৰিবলৈ ধৰে।
দ্ৰুতগতিত হোৱা এই ঘটনাখিনিত, অভিনন্দনে যুৱকসকলক ভয় খুৱাবলৈ শূন্যতে আৰু কেইবাজাঁয়ো গুলী চলায়, কিন্তু যুৱকসকলক ভয় খাই থমকি ৰোৱা দেখা নগ’ল। তেতিয়া কাষতে থকা এটা পুখুৰীত অভিনন্দন জঁপিয়াই পৰে আৰু পানীৰ মাজতে তেওঁ পকেটৰ পৰা কিছুমান কাগজ আৰু মানচিত্ৰ উলিয়াই লৈ তাৰে কিছু মোহাৰি কামুৰি খাই গিলি থয় আৰু কিছুমান পানীত ডুবাই নষ্ট কৰি দিয়ে।
যুৱকসকলে বাৰে বাৰে তেওঁক পিষ্টলটো পেলাই দিবলৈ ধমকি দি থাকে আৰু তেনেতে এজন যুৱকে তেওঁৰ ভৰিত গুলীয়াই দিয়ে। অৱশেষত তেওঁ পুখুৰীৰ পৰা পাৰলৈ আহে আৰু তেওঁক হত্যা নকৰিবলৈ কয়। যুৱকসকলে তেওঁৰ দুয়োখন হাত বান্ধি পেলায়। কিছুমানে খঙতে লপা-থপাও দিয়ে আৰু আন কিছুমানে তেনে নকৰিবলৈ বাধা দি থাকে।
তেনেতে পাকিস্তান আৰ্মিৰ বিষয়ববীয়া আহি সেই ঠাইত উপস্থিত হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰি খঙত ফাটি পৰা যুৱকসকলৰ পৰা ৰক্ষা কৰে। ৰাজ্জাকে কয় যে ভগৱানক ধন্যবাদ যে ইমানখিনিৰ পিছতো যে খঙত ফাটি পৰা যুৱকসকলে তেওঁক হত্যা নকৰিলে৷ কাৰণ অভিনন্দনে সিহঁতক যথেষ্ট কষ্ট দিছিল। আটক কৰা পাইলটজনক তাৰপাছত এখন মিলিটেৰী কনভয়ৰ যোগেদি ভিম্বাৰ জিলাত থকা আৰ্মিৰ কাৰ্যালয়লৈ লৈ যোৱা হয়।
পাকিস্তানৰ এই বাতৰিকাকতখনত প্ৰকাশ পোৱা এই খবৰটোৰ পৰা এইটো নিশ্চিত হয় যে উইং কমাণ্ডাৰ অভিনন্দনে শত্ৰুৰ দেশত স্থানীয় মানুহৰ হিংসাত্মক পৰিবেশৰ মাজতো বিহ্বল হৈ নপৰিল। ধৰি লৈছিল যে তেওঁ হয়তো পুনৰ স্বদেশলৈ উভতি আহিব নোৱাৰিবও পাৰে। হয়তো পত্নী, সন্তান, পিতৃ-মাতৃ আদি নিজ পৰিয়ালৰ কাকোৱেই কেতিয়াও আৰু দেখা নেপাবও পাৰে৷ কিন্তু তেওঁৰ কাৰ্যৰ পৰা তেওঁৰ মনত যে কেৱল স্বদেশৰ কথাই আহিছিল সেইটো স্পষ্টকৈয়ে বুজিব পাৰি।
যথেষ্ট ধৈৰ্য্যৰে লগত থকা কাগজ-পাতি সকলোবোৰ নষ্ট কৰি পেলাইছিল যাতে শত্ৰুসেনাই আহি তেওঁৰ পৰা একো তথ্য উলিয়াব নোৱাৰে। পানীৰ পৰা যদি শত্ৰু পক্ষই কিবা প্ৰকাৰে তথ্য-পাতিবোৰ উলিয়াব পাৰেই এই ভাব হোৱা বাবেই চাগৈ অভিনন্দনে গুৰুত্বপূৰ্ণ নথি-পত্ৰবোৰ কামুৰি খাই পেলাইছিল। ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅতো দেখা গৈছিল যে অভিনন্দনে কেৱল নিজৰ পৰিচয়ৰ বাহিৰে একো কোৱা নাছিল।
এইটো সঁচা কথা যে তেওঁলোকক প্ৰশিক্ষণৰ সময়তে এইধৰণৰ পৰিস্থিতিৰ বাবে প্ৰশিক্ষণ দিয়া হয়। তথাপিও বাস্তৱ ক্ষেত্ৰত তেনে পৰিস্থিতিৰ সন্মুখীন হ’লেহে বুজি পোৱা যায় সেয়া কিমান কঠিন। এই কঠিন কাৰ্যকেই সাহসেৰে উইং কমাণ্ডাৰ অভিনন্দনে কৰি দেখুৱালে।
বীৰ বীৰেই! বীৰৰ কোনো সংজ্ঞা নাথাকে। উইং কমাণ্ডাৰ অভিনন্দনে তাকেই প্ৰমাণ কৰিলে। চেল্যুট জনাইছোঁ।