স্বাধীনতাৰ অসুখ!! (মিতালী বৰ্মন)
আজি স্বাধীনতাৰ জন্মদিন! জন্মদিনৰ দিনা তাই ভাবিছে, কোনদিশে আমাৰ স্বাধীনতা? প্রকৃতার্থত স্বাধীনতাক স্বাধীনতাৰ মাপকাঠিৰে চাবলৈ শিকিলোঁনে? নে আঙুলিৰ পাবত গন্তি কৰিব লাগিব, স্বাধীনতাক স্বাধীনতাৰ মাপকাঠিৰে নোচোৱাৰ কিমান দিন হ’ল!
দেউতাকৰ চাকৰিসূত্রে তিনিবছৰমান জাগীৰোডতো আছিল সিহঁত। তাতেই আৰম্ভ হৈছিল সিহঁতৰ আনুষ্ঠানিক শিক্ষা, জাগীৰোড পেপাৰ মিলক’ল’নিৰ বিদ্যালয়খনত। ২৬ জানুৱাৰী বা ১৫ আগষ্টৰ দিনা সকলোৱে পুৱা সাত বজাৰ আগতে বিদ্যালয়ত উপস্থিত হয়। প্রধান শিক্ষক মহোদয়ে পতাকা উত্তোলন কৰে আৰু পতাকাখন খোল খোৱাৰ লগে লগে সৰি পৰে সেইখনৰ ভিতৰত বান্ধি থোৱা ফুল!স্বাধীনতাৰ সোৱাদ পাই, মুক্তিৰ আনন্দত বতাহৰ তালে তালে পতাকাখনে নাচোন ধৰে।সকলোৱে “জন-গণ-মন” গায়। তাৰ পাচত সিহঁতক লৈ যোৱা হয় জাগীৰোডৰ কাগজ কলটোলৈ।কাগজ কলটোলৈ সেই দুটা বিশেষ দিনত বহুতো সেনা-জোৱান আহে। তেখেতসকলে টেলিকাগজেৰে বান্ধি মিঠাই, বুন্দিয়া-ভূজিয়া, চিংৰা আদি বিতৰণ কৰে। খুব মধুৰ আছিল সময়! কোনো শংকা নাই, কোনো সংশয় নাই। সিহঁতো স্বাধীনতাৰ মুকলি আকাশতউৰা পতাকাখনৰ দৰেধুনীয়া হৈ পৰিছিল।
দেউতাকৰ বদলি হোৱাত এখন নতুনঠাই আহি পালেহি। ঠাইখনহে সলনি হ’ল কিন্তু শিশু মনটো হোৱা নাছিল। নতুন বিদ্যালয়ত নামভর্তি, নতুন নতুন লগ-সমনীয়া। আকৌ আহিল ২৬ জানুৱাৰী, ১৫ আগষ্ট!সকলো ঠিকেই থকা যেন লাগিছিল। তাই অলপ ডাঙৰ হ’ল, প্রাথমিকৰ পৰা হাইস্কুললৈ যাব পৰা হ’ল। লাহে লাহে ঠিকেই থকা যেন লগা কথাবোৰ সলনি হ’ল। বেমাৰত পৰিলেও স্কুল খতি নকৰা আঁকৰী ছোৱালীজনীয়ে বিশেষ আহ্বানৰ “বন্ধ”ৰ দিনাও স্কুললৈ যাবলৈ ওলায়। কি জানে তাই? বিশেষ আহ্বানৰ “বন্ধ” মানে কি বা কিয় দিয়া হৈছে বিশেষ আহ্বানৰ “বন্ধ”! তাইক এইবোৰৰ প্রয়োজন নাই। মাথোঁ এটাই কথা বিদ্যালয়লৈ যাবলৈ নাপালে খুব আমনি পায় তাই! লাহে লাহে তাইৰ আমনি লগা দিনবোৰ বাঢ়ি আহিল। বাতৰি কাকতবোৰৰ শিশু শিতান পঢ়ি ভাল পোৱা তাই দেখিলে বাতৰি কাকতবোৰে কঢ়িয়াই অনা ক’লা ৰং আৰু ধোঁৱা! আৰু একালৰ হেঁপাহৰ ২৬ জানুৱাৰী আৰু ১৫আগষ্টৰ দিন দুটা? ওহো, সেই দুটা দিনত বিশেষকৈ বাহিৰলৈ ওলোৱা সপোনৰো অগোচৰহৈ পৰিল। স্বাধীনতাৰ দিনত গৃহবন্দী! এয়াই কি স্বাধীনতা? টি.ভি.ত দেখুওৱা পতাকা উত্তোলনৰ সময়ত থিয় হৈ টি.ভি.টোৰ সন্মুখত “জন-গণ-মন” গোৱাটোৱেই কিস্বাধীন হোৱাৰ একমাত্র সাক্ষ্য? এয়াই নেকি স্বাধীনতাৰ নিচা?
আৰু অলপ ডাঙৰ হ’ল তাই। ক’লা ৰং আৰু ধোঁৱা লগা কাগজবোৰ তাই নাচায়। সিহঁতৰল’ৰালিত পাৰ কৰা এটা দিনৰ দৰে যেতিয়া এদিন মুক্তিৰ আনন্দত পতাকাখন উৰি আছিল, সেই পতাকাখনত অকণি অকণি দেহৰ তেজৰ চেকা লাগি ধৰিছিল। স্বাধীনতাৰ প্রৌজ্জ্বল দুচকুত তেজৰ চকুলোৱে পাৰ ভাঙিছিল। তেজৰ চেঁকুৰা বান্ধিছিল তাইৰ মনত। কিয় চাব তাই তেজ আৰু ধোঁৱা লগা খবৰ, নাচায়। কেনেবাকৈ সেই ধোঁৱাৰ গোন্ধ নাকত লাগিব বুলি দুৱাৰ-ঘৰ বন্ধ কৰি সকলো নিজ নিজ পৃথিৱীত লুকাই পৰে। যেন সেয়াই আটাইতকৈ সুৰক্ষিত আৰু নিৰাপদ ঠাই। সুৰক্ষিত আৰু নিৰাপদ? এই শব্দবোৰ শুনিলে হাঁহিব লাগে নে কান্দিব লাগে নে তাচ্ছিল্য কৰিব লাগে, তাই বুজিনাপায়!
এতিয়া তাইৰ মৰমৰ ঠাইখনত ২৬ জানুৱাৰী বা ১৫ আগষ্ট একো একোটি অঘোষিত বন্ধৰ দিন। বন্ধৰ যন্ত্রণাই কোঙা কৰি পেলোৱা মানুহবোৰো এতিয়া অভ্যস্ত হৈ পৰিছে। সেয়ে সেই দুটা দিনৰ দুদিন আগৰে পৰা বজাৰত জুই লাগে। নাই, নাই, চিন্তাৰ সকাম নাই, সকলো অভ্যস্ত হৈ পৰিছে! দুই/তিনিদিনৰ বাবে যি যি প্রয়োজনীয় সামগ্রী আছে সকলো যোগাৰ কৰি ৰাখিব লাগিব। কাৰণ, ধোঁৱাৰ আকাশত পতাকা উৰিব! সকলোৱে যেন মানি লৈছে স্বাধীনতাৰ দিনৰ গৃহবন্দিত্ব!
বৃহন্নলা সময়!!
তাই শুনিছে, কোনো কোনো ঠাইত হেনো ২৬ জানুৱাৰী আৰু ১৫ আগষ্টত চিলা উৰোওৱা হয়। আবেলিৰ ফৰকাল আকাশ আৰু নানা ৰঙী চিলা! স্বাধীনতাৰ আনন্দত উৰি ফুৰাচিলা! তাইৰো মন যায় ধোঁৱা নলগা এখন মুকলি আকাশত এখন চিলা হৈ উৰি ফুৰিবলৈ, এখন নীল ৰঙী চিলা!
আকাশৰ বিশালতাত হেৰাই যাবলৈ মন যায় তাইৰ এখননীল ৰঙী চিলা হৈ! কিন্তু কেতিয়া? তাইৰ মৰমৰ ঠাইখনত যে এতিয়া স্বাধীনতাৰ অসুখ!! স্বাধীনতাৰ জন্মদিনত স্বাধীনতাৰ অসুখ!!
তাই শুনিছে, কোনো কোনো ঠাইত হেনো ২৬ জানুৱাৰী আৰু ১৫ আগষ্টত চিলা উৰোওৱা হয়। আবেলিৰ ফৰকাল আকাশ আৰু নানা ৰঙী চিলা! স্বাধীনতাৰ আনন্দত উৰি ফুৰাচিলা! তাইৰো মন যায় ধোঁৱা নলগা এখন মুকলি আকাশত এখন চিলা হৈ উৰি ফুৰিবলৈ, এখন নীল ৰঙী চিলা!
– স্বাধীনতা এক প্ৰশ্ন হৈ পৰিছে আমাৰ বাবে, বিশেষকৈ নতুন প্ৰজন্মৰ বাবে|.