স্বাধীনতাৰ বিলাপ (ধ্ৰুৱজ্যোতি শৰ্মা)
স্বাধীনতাৰ বিলাপ
বেয়া নাপাব
কাইলৈ “স্বাধীনতা দিৱস” উদযাপন কৰিব নোৱাৰিম৷
উত্তোলন কৰিব নোৱাৰিম ত্ৰিৰংগা পতাকাখনো
বজাৰৰ জুইত ত্ৰিৰংগাই ইতিমধ্যে অৱৰোহন কৰিছে
ঢুকি নোপোৱা অৱস্থানত।
অৱশ্যে পথাৰখন মুকলি ৰাখিছোঁ
য’ত এদিন নুমাই গৈছিল
বহুকেইটা প্ৰজ্বলিত শিশু
আয়ে উলিয়াই ৰাখিছে
এখন ফুলাম গামোছা
কাইলৈ তাকেই উৰাম
কণ কণ ল’ৰা-ছোৱালীহঁতক কাইলৈ শুনাম
জাতীয় সংগীত।
কম লাচিত, চিলাৰায়ৰ সাধু
সেয়াই হ’ব আমাৰ স্বাধীনতা।
পিতাও হেনো কাইলৈ কামলৈ নাযায়
তেৱোঁ গাব এফাকি স্বাধীনতাৰ ঘোষা
ভনীয়ে ঘৰত লুচি ভাজিব
আইতাই তামোল কাটিব
ককাইদেৱে গামোছাৰ তলত গাব
“অ’ মোৰ আপোনাৰ দেশ’।
আমি মনা স্বাধীনতাত প্ৰয়োজন নহব
প্ৰতিৰক্ষা কৰ্মীৰ
কতো পিলপিলাই ঘূৰি নুফুৰিব
সাম্ৰাজ্যবাদৰ সেনানী
কতো চেকগেট নবহিব
অথবা নাথাকিব বাৰঘন্টীয়া বন্ধ
ৰেড এলাৰ্টে জুৰুলা নকৰিব
হালোৱা ককাইক।
কাহিলিপুৱাই আমি মুকলি কৰি দিম আমাৰ মনক
মনৰ আব্দাৰত
এটা দিন ঘূৰিম-ফুৰিম
খেলা কৰিম সপোনৰ লগত।
কাইলৈ নবহিব কোনো প্ৰতিবাদী সভা
আদালতত প্ৰয়োজন নহ’ব
কোনো পাপৰ বিচাৰৰ
কোকৰাঝাৰত উচ্চাৰিত নহ’ব
Devide Assam 50-50
অথবা শুনা নাযাব
আমাক কমতাপুৰ লাগে।
বতাহৰ সোঁতত লহৰিত
ফুলাম গামোছাৰে প্ৰতি ঢৌত
উৰি ফুৰিব আমাৰ মন
ডিফুৰ পৰা কোকৰাঝাৰলৈ
গোসাইগাঁওৰ পৰা হামৰেনলৈ।
হে সুহৃদ সুধীবৃন্দ,
আপোনালোক সাজুনে
আমাৰ এই স্বাধীনতালৈ
সজাই তুলিবলৈ এটি চৰকাৰী বন্ধৰ দিন
নিজৰ পৰা নিজক স্বাধীন কৰিবলৈ !!