স্বাধীনতাৰ সংজ্ঞা (শশীমাই শইকীয়া দত্ত)

স্বাধীনতাৰ সংজ্ঞা

শশীমাই শইকীয়া দত্ত

স্বাধীনতাৰ সংজ্ঞা মানে মুক্ত
মুক্ত আকাশ মুক্ত বতাহ মুক্ত নদীৰ গতিপথ…
মুক্ত মনেৰে চৰাই উৰে, মুক্ত ডেউকাৰ সতে
কৰিব নোৱাৰে গতিৰুদ্ধ!
কিন্তু মানুহৰ স্বাধীনতাৰ সংজ্ঞা
মানে অবাধ শোষণ, নিষ্পেষণ
মুক্ত ভাৱে নাৰী ধৰ্ষণ, হত্যা অপহৰণ
এইবোৰেই নে?
মানুহে এনে ভীতিৰ পৰা স্বাধীনতা বিচাৰে
এনে নীতিৰ পৰা স্বাধীনতা বিচাৰে
স্বাধীনতাৰ বিচাৰে অন্য সংজ্ঞা
যি সংজ্ঞাৰ অৰ্থ আজিও বিচাৰি নাপাও চৌদিশে…
আজি সেই দিন
য’ত নেকি মানুহে মুক্তকণ্ঠে ক’ব নোৱাৰে কথা
ঘূৰিব নোৱাৰে, ফুৰিব নোৱাৰে
খোজে খোজে ভয়, নিৰাপত্তাৰ বাধা।
এয়ে নেকি স্বাধীনতা, এয়াই নেকি গণতন্ত্ৰৰ ভেটি
য’ত গজি আছে সন্ত্ৰাসৰ বীজ, লহপহকৈ
সকলোৰে মনত ভয়-ভীতিৰে ভৰি থকা
সমাজত সঁচাই পোৱা যায়নে স্বাধীনতাৰ স্বাদ!
 

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
5 years ago

ভাল লাগিলে আপুনি ইমান ধুনিয়াকৈ বুজাই দিয়াৰ বাবে

5 years ago

ভাল লাগিলে ধন্যবাদ

Copying is Prohibited!