স্বাধীনতাৰ স্বপ্ন – মৃগাংক শইকীয়া

বিলাসী গাড়ী, সুন্দৰী নাৰী, ফাইভ ষ্টাৰ হোটেলত ডিনাৰ….

ককটেইল সুৰাৰ লগতে ৰোষ্টেড চিকেন…….

ৰাজপথত ভোকাতুৰ অৰ্ধউলংগ শিশুৰ আৰ্তনাদ….

আমি স্বাধীন……..

 

জাপতে ফাট মেলে শিক্ষিত নিবনুৱাৰ চাটিফিকেট…..

আমি স্বাধীন……

 

১৫ আগষ্ট, শ্বহীদৰ পৰিয়াল….

গামোচা, সম্বৰ্ধনা….

দিন- হাজিৰা কৰিবলৈ যোৱাৰ আগতে দাখন ধৰোৱাৰ পৰত শ্বহীদ পৰিয়ালৰ মনত পৰে সেই মিছলীয়া নেতাজনলৈ…..

আমি স্বাধীন…..

 

শীতৰ সেমেকা ৰাতি উৱলি যোৱা ফটাকম্বলৰ তলত লোঘোণীয়া কৃষকৰ পেটৰ জেহাদ……

আমি স্বাধীন …….

—————————————————-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!