স্বাধীনতা আহি আছে(-পংকজ কুমাৰ নেওগ)
নামঘৰ, মছজিদ সকলোতে জাৰি কৰা হ’ল অবৈধ ফটোৱা
“সাৱধান, স্বাধীনতা আহি আছে”,
গাওঁ-চহৰ সকলোতে বিয়পাই দিয়া হ’ল অঘোষিত বন্ধৰ বীজাণু,
বাহিৰৰ আকাশখন চোৱাৰ হেপাঁহ নকৰিব,
যিকোনো মুহুৰ্ততে উদযাপিত হ’ব পাৰে নৰহত্যাৰ অশ্বমেধ
পুষ্টিহীনতাত আক্ৰান্ত দেশৰ লক্ষ লক্ষ শিশু,
তথাপিও স্বাধীনতাৰ আঁতচবাজীত ধৰা যায় কোটি টকাৰ বাজেট
ৰামৰ চোতালত আজি উমলিব নোৱাৰে ৰহিমৰ কেঁচুৱা,
সাম্প্ৰদায়িকতাৰ বিষ বাষ্পই আবৰা আকাশ,
চৰাঘৰত উচুপি ৰয় “অহিংসা পৰম ধৰ্ম”
মাথো, কঠোৰ নিৰাপত্তাবেষ্টনীৰ পৰা নিগৰি নিগৰি ওলাই আহে “জন গন মন…”
কবিতাটো পঢ়ি আপ্লুত হ’লো৷ সমসাময়ীক সমস্যা জৰ্জৰ পৰিস্থিতিত কবিৰ হৃদয়ত যি দুখবোধ হৈছে তাৰ বহি:প্ৰকাশ ঘটিছে…