স্বাধীনতা (নয়নমণি শৰ্মা ৰিকু)

নয়নমণি শৰ্মা ৰিকু
 
আপুনি ৰ’দে পোৰা বেলিটোৰ কথা জানেনে
আপুনি বাৰু এখন আকাশ নিৰ্মাণ হৈ থকাটো মন কৰিছেনে?
নাজানো বুলি নক’ব
কিয়
আপোনাৰ পিতাকোচোন ৰ’দে পুৰিছিল
আপোনাৰ আয়ে ঢাকি দিয়া নাছিলনে কলৰ পাতেৰে
পিতাইৰ ৰ’দে পোৰা পিঠিখন
আপুনি আসৈ মাতিছে কিয়
ৰজাৰ সৌকাৰ কোব মনত নাই
পাহৰিলে নেকি পথৰুঘাট, গহপুৰ, চৰাইপুঙৰ
বেত্রাঘাতৰ বেথা
আপুনি সেউজীয়া মানে অৱসাদ বুলি ভাবে নেকি
এন্ধাৰত জুৰুলা হোৱা নিশাবোৰত আপুনিও অৱগাহন কৰে
আপুনিও পাঠ কৰে ধূসৰ জোনাকী কবিতা
আপুনিও চিনি পাই বৰষুণ অহা ঋতুবোৰৰ বাট
মনত পেলাওকচোন
নাঙঠ অঙঠাৰ বাবে কুচি-মুচি কেঁকুৰিত
শীতক পুৰি পুৰি ছাঁই কৰা ৰাতিবোৰৰ বেদনা
স্বাধীনতা
দুচকুৰ পতাত ওলমি থকা
তুমি এটি মিঠা কবিতা।।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!