স্বাস্থ্য কথা : পানী লগা, চৰ্দি-জ্বৰ আদিৰ নিৰাময়ৰ বিধান (ডা০ ভূপেন শইকীয়া)
পানীলগা, চৰ্দি-জ্বৰ, হুৰহুৰীয়া শুকান কাঁহ, ডিঙি চেৰচেৰাই থকা,মাত ভঙা,নাক বন্ধ হোৱা, কাণ দুখন ঘোপ মাৰি বন্ধহৈ থকা – এইবিলাকৰ অনুভৱ নোহোৱাকৈ থকা লোক খুউব কমহে ওলাব৷ অসুখ দেখাত সামান্য যদিও ই একঅতি বিৰক্তিকৰ অনুভৱ ৷ অসুখত ভোগাজনৰ কাম আৰু সময়ৰ ক্ষতি হয় আৰু ৰোগে কামত মনোযোগ দিয়াত বাধাৰ সৃষ্টি কৰে৷
কথিত আছে পানী লগাৰ দৰবনাখালে ভাল হবলৈ ৭ দিন সময় লাগে আৰু দৰব ব্যৱহাৰ কৰিলে এসপ্তাহতভালহয়৷ তেনেহ’লে কিহৰ বাবেনো এই লিখনি, চিন্তা চৰ্চা ? আচলতে মানুহে সাবধানে চলিলেও কেতিয়াবা নহয় কেতিয়াবা ৰোগাক্ৰান্ত হবলগীয়াহয়৷ কিন্তু ৰোগত আক্ৰান্ত হোৱাৰপিছত তাৰ পৰা হোৱা কষ্টসমূহ চিকিৎসাৰদ্বাৰা লাঘব কৰিব পাৰে, যাৰদ্বাৰা ব্যক্তিজনৰ কামৰ ক্ষতি কম হব৷
মানুহৰ শৰীৰ হ’ল বহুতবোৰ বেক্টেৰিয়া আৰু ভাইৰাচৰ আশ্ৰয়স্থলী৷সিহঁতি দিনৰ পিছত দিন, মাহৰ পিছত মাহ আমাক একো অপকাৰ নকৰাকৈ আমাৰ শৰীৰত আশ্ৰয় লৈ থাকে৷ কিন্তু অসমীয়াত এটা প্ৰবাদ আছে – হলা গছত বাগীকুঠাৰসকলোৱে মাৰে৷ ঠিক তেনেদৰে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক্ষমতাকমিগলে,শৰীৰকোনো কাৰণত দূৰ্বলহলে -সেই সুপ্তবেক্টেৰিয়াআৰু ভাইৰাচ সমূহৰবাবে অনুকুল পৰিবেশৰ সৃষ্টি হয়, ফলত তাহাঁতি সক্ৰিয়হৈ মানৱ শৰীৰৰ অনিষ্ট সাধিব আৰম্ভ কৰে৷গতিকে আমি কিদৰে আমাৰ ৰোগপ্ৰতিৰোধ ক্ষমতাবঢ়াবপাৰো, তাৰ চৰ্চাকৰাইহ’ল এই লিখনিৰ উদ্দেশ্য৷
আৰু এটা জৰুৰী কথা৷ এনে শ্বাস- প্ৰশ্বাসজনিত ৰোগবিলাক সাধাৰণতে অতি সংক্ৰমণশীল হয়, অৰ্থাৎ সহজতে এজনৰ পৰা আন এজনলৈ ৰোগ সোঁচৰে৷ সাধাৰণতে ৰোগ বিয়পে প্ৰদূষিত বায়ুমণ্ডলৰযোগেদি৷ ইয়াকচিকিৎসা বিজ্ঞানৰ ভাষাত Droplet Infection বুলি কয়৷ৰোগীয়ে কাঁহিলে, হাঁহিলে,হাঁচিয়ালে,থুই-খেকাৰ পেলালে বেক্টেৰিয়াআৰু ভাইৰাচ বায়ুৰ কণিকাত বাস্পআৰু বতাহৰ লগত মিহলিহৈ উটি-ভাঁহি থাকে আৰু আমি নেদেখাকৈয়ে অইন নিৰোগী মানুহৰ শৰীৰত প্ৰবেশ কৰে৷গতিকে এনে ড্ৰপলেট সংক্ৰমণক বাধা দিবলৈ হলে – ৰোগী, পৰিয়ালৰ মানুহআৰু সংস্পৰ্শত অহা সকলোৱে প্ৰতিৰোধক মুখা পিন্ধিব লাগে৷ ৰোগী বন্ধ কোঠাত নাথাকি বায়ু চলাচল কৰা মুকলি পৰিবেশত থাকিলে ভাল৷ সেয়েহে চিনেমাহল বা আনযি কোনো প্ৰেক্ষাগৃহ এনে সংক্ৰমণশীল ৰোগৰ উৎপাদনথলী হব পাৰে৷
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ যোগাসন আৰু ব্যায়ামৰ ভূমিকা সৰ্বদা স্বীকৃত৷ ইয়াৰ পিছত আহে বনৌষধি বা আন ঔষধৰ ব্যৱহাৰ৷ তুলসীআৰু আদাক একেলগে পিচি লৈ মৌজোলৰ সৈতে মিহলাই কৰা সংমিশ্ৰণ এনে বিভিন্ন কাঁহ-জ্বৰ-চৰ্দিৰ বাবে আজিও বহুতো অসমীয়া পৰিয়ালত ঘৰুৱা চিকিৎসা হিচাবে ব্যৱহৃত হয়৷ তুলসীৰ নিশ্চিত ঔষধি গূণ আছে- যাৰ বাবে ই ঋষি মুনিৰ দিনৰ পৰা সন্মানিত হৈ আহিছে৷ তুলসী গছ হ’লজিনচেং পৰিয়ালৰ৷ জিনচেং গছে শাৰীৰিক, স্নায়বিক দূৰ্বলতা আতৰাই দীৰ্ঘায়ু প্ৰদান কৰাত সহায়কবুলি স্বীকৃতি পাইছে৷ ভিটামিন-চিআৰু এন্টিঅক্সিডেন্ট ঔষধসমূহে প্ৰদূষিত ৰক্ত পৰিশোধনকৰাৰদৰেকামকৰে৷আজিকালি দিনক দিনে এইবিলাকৰ ব্যৱহাৰচিকিৎসা -ক্ষেত্ৰত বাঢ়িআহিছে৷
Septilin নামৰ আয়ুৰ্বেদিক টেবলেট বা চিৰাপ ২৷৩মাহ খালে এনেৰোগ সমূহৰ কষ্টৰপৰিমানকমহোৱাদেখাযায়- দৰাচলতে এনে ঔষধো শৰীৰৰ সুৰক্ষা বৃদ্ধিত সহায়ক হয়৷ মেন্ঠলৰ ভাপ দিনে ২৷৩বাৰ ললে বন্ধ নাক-কাণখোলাত সহায়ক হয়৷ কুহুমীয়া গৰম নিমখ পানীৰে দিনে ২৷৩বাৰ কুলকুলি কৰিলে ডিঙিৰ অসুখৰ কষ্টসমূহৰভালেখিনিউপশমহয়৷
এতিয়া এবিধ লাগতিয়াল প্ৰতিষেধক বা ভেকচিনৰবিষয়ে উল্লেখ কৰিম৷যিসকল ব্যক্তিয়ে বছৰি বছৰি শ্বাসজনিত বিভিন্নৰোগ,এলাৰ্জি, হাঁপানি আদিত ভোগি আহিছে, তেওঁলোকে বিশেষকৈ ইয়াৰ ব্যৱহাৰৰদ্বাৰা উপকৃত হব৷ কিছুমান ব্যক্তিয়ে বৃত্তিগতকাৰণত (যেনেগায়ক,অভিনেতা,শিক্ষক,অধিবক্তা আদিয়ে)ভঙা মাতলৈ জীৱিকা ক্ষতিগ্ৰস্ত কৰিবনোৱাৰে – তেনেলোকৰ বাবেও ই উপকাৰী ৷ ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই আৰু ইকোনো নিয়ন্ত্ৰিত ড্ৰাগছোনহয়৷তথাপিও এজন MBBS ডাক্তৰৰ তত্বাবধানত ইয়াক লবলৈ পৰামৰ্শদিম৷মাত্ৰ১মিলিলিটাৰৰ এইবেজীটোছালৰ তলত লব লাগে (Subcutaneously) – গতিকে বিষ অনুভৱ নহয়৷ Histaglobin নামৰ এইবেজীটো এজনে ১২টাৰ পৰা ২৫টালৈ লব লাগে৷ ৰোগৰ গভীৰতা আৰু ৰোগ কিমানপূৰণি তাৰ ওপৰত নিৰ্ভৰ কৰিবেজীৰ সংখ্যাঠাৱৰকৰাহয়৷ প্ৰথমতে সপ্তাহতদুটা, পিছত ক্ৰমে সপ্তাহত এটা, দুসপ্তাহত এটাকৈ শেষত মাহত এটাকৈ এই ভেকচিন ব্যৱহাৰ কৰা হয়৷ মই যোৱা ৫৷৬ বছৰে বহু ৰোগীক এই ঔষধপ্ৰদানকৰিসুফলপাইছো৷
ডা০ ভূপেন শইকীয়া
20 এপ্ৰিল ২০১২
ড’হা, কাটাৰ
পঢ়ি যথেষ্ঠ উপকৃত হলো ৷