স্বৰ্গদেউ গগৈ,এলিজাবেথ আৰু বহাগ বিহু (যতীন কুমাৰ গগৈ)
বিহু বুলি গগৈক এলিয়ে দিছে
পিটাৰ ইংলেণ্ডৰ চাৰ্ট,
পিন্ধি চাওকচোন আপুনি এবাৰ
লাগিব তামাম স্মাৰ্ট।
লগতে আনিছে ইংলেণ্ডৰ পৰা
ৰিবকৰ জোতা এযোৰ,
আৰু আনিছে এসোপামান
পকা পকা খেজুৰ।
গগৈয়ে ক’লে মিচিকিয়াই হাঁহি
এইবোৰ পিন্ধাৰ দিন গ’ল,
ডলীয়ে দিয়া চাৰ্টটোৱেই নিপিন্ধা
কিমান দিন যে হ’ল।
মন্ত্ৰী হোৱাৰ পাছৰে পৰাই
কুৰ্তা পায়জামা পিন্ধো,
ব্ৰেণ্ডেড পেটিডালো মাৰিবলৈ নাপাওঁ
পায়জামাত ৰচীহে বান্ধো।
ডেকা কালৰ কথা মনত পৰিলেই
নষ্টালজিক হৈ যাওঁ,
আছে যদি আনা কলহৰ পৰা
সাজকে এবাতি খাওঁ।
এলি উঠিল চক খাই,
সাজ কি বস্তু চিনি নাপায়।
সাজ তাজ কি চিনি নাপাও
এইবোৰ খাবলৈ এৰক,
ইংলেণ্ডৰ পৰা ৱাইন আনিছো
তাৰে এপেগ মাৰক।
বাদ দিয়াহে ইংলেণ্ডৰ কথা
এতিয়া অসমীয়াহে তুমি,
অসমীয়াৰ সকলো নিয়ম কানুন
শিকাই দিম তোমাক আমি।
আসামতো খায় আমেৰিকাতো খায়
আপুনিয়েই দেখোন কয়,
নিজেই এতিয়া ৱাইন খাবলৈ
কিয় কৰিছে ভয়।
স্বৰ্গদেউৱে উত্তৰ দিব নোৱাৰি
শিল পৰা কপৌটো হ’ল,
নিজৰ প্ৰ্শ্নৰ উত্তৰ নাপাই
ভেকাহি মাৰি গুচি গ’ল।
বিহুৰ দিনাই বোৱাৰীৰ আগত
নিজৰ গ’ল মান,
মনৰ দুখত শুনিবলৈ ল’লে
পাপনদাৰে গান।
গান শুনি শুনি স্বৰ্গদেউৱে
টোপনিত লালকাল দিলে,
এনেতে কিছু পুৰণি দিনৰ
সপোন দেখিবলৈ পালে।
ডলীৰ ওচৰলৈ গৈছিল এদিন
কপৌফুল গুজিবলে খোপাত,
চেনেহীক দেখি উজুটি খাই
চিগিল চেন্দেল এপাত।
ফুলো পৰিল মানুহো পৰিল
বৰ লাজ পালে,
পদুলিৰ পৰাই ঘৰলৈ বুলি
ভিৰাই লৰ দিলে।
সন্ধিয়া নিজৰ ঢোলটো লৈ
বিহু মাৰিবলৈ আহিল,
চেনেহীক দেখি পদ যোজনা
সকলো পাহৰি থাকিল।
স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ
দোলীয়াই পাতিলে দোলা ,
পাকঘৰতে তেল পিঠা বনাইছে
দকচি খাওগৈ ব’লা।
লগৰ এটাই হাঁহি ক’লে
কি বলকিছ এইবোৰ তই,
আগলৈ তই স্বৰ্গদেউ হ’বি
আশীৰ্বাদ কৰিছো মই।
পিঠাও পাবি টকাও পাবি
থাকিবি তই সুখত,
আমাৰ দৰে সাধাৰণ প্ৰ্জাক
নেপেলাবি তই দুখত।
ৰজা হৈয়েই আমাক পাহৰি নাযাবি
শান্তিত থাকিবলৈ দিবি,
তেতিয়াহে তই সকলোৰে পৰা
মৰম, আশীৰ্বাদ পাবি।
মিছা ক’লে কিডাল হ’ব
এতিয়া সকলো উল্টা হ’ল,
স্বৰ্গদেউৱে যে প্ৰ্জাৰ কথা
সকলো পাহৰি গ’ল।
ৰাজ্যত চলিছে অনিয়ম অনাচাৰ
দুৰ্নীতি দুই নম্বৰী বেপাৰ,
টোপনিতে জোৰকৈ চিঞৰি দিলে
দেট ইজ অলছ’ ইম্পৰ্টেণ্ট মেটাৰ।
টোপনিৰ জালত স্বৰ্গদেউ
চকীৰ পৰা বাগৰি পৰিল
অথনিৰে পৰা ইমান পৰে
সপোনহে দেখি আছিল।।