স্মৃতিত জীৱনৰ চকা ছন্দা ছাঁ – চিম্পী শইকীয়া
ঘূৰি ঘূৰি একেটা বাতৰিকে স্ক্ৰল হৈ হৈ ওলাই আছে টেলিভিচনৰ স্ক্ৰীণত৷ চকুপানীবোৰ ভাপ হৈ চছমাযোৰ ধোঁৱা কোৱা হৈ যায়৷ আশী সূতাৰ চাদৰখনেৰে মচি লৈ চকুহাল জপাই চকীখনত হেলান দিওঁ৷ জীৱন…. কি আশ্চৰ্যকৰ!
এই যে কণমানিটো স্কুলত খেলি থাকোঁতেই পিচল খাই পৰিছে বেৰখনত৷ বেৰখন খহি পৰিছে তাৰ গালে মুখে৷ দুদিন হস্পিতালত থাকি ল’ৰাকণ নোহোৱা হৈছে৷ মাক পিতাকৰ একমাত্ৰ সন্তান, বয়স ১১৷ আস! কিছুমান কথা ভাবিবলৈও কষ্ট৷
যোৱা কেইবাদিনো জীৱনৰ কথাকে লিখিবলৈ চেষ্টা কৰিছো৷ লিখিছো, ফালিছো আৰু ফলা কাগজেৰে মজিয়া ভৰাইছো৷ জীৱনৰ কথা লিখিবলৈ লওঁতে বাৰে বাৰে মৃত্যুৱে আগভেটি ধৰিছে৷ দেৱালত ফুলৰ মালা পিন্ধি ওলমি থকা মৰমৰ মুখবোৰে মাতি মাতি আমনি কৰিছে৷ ৰাতি শুই থকা সন্তানৰ মুখখন চাই উচুপিছো৷ বিদ্যালয়ত থ’বলৈ গৈ হাতখন জোৰকৈ খামুচি ধৰিছো৷ আৰু তাৰপিছত ভাবিছো, কিছু কথা লিখি নেপেলালে হয়তো এই ছটফটনিৰ শেষ নহ’ব৷
কিছুমান যাতনা সময়ৰ লগে লগে বাঢ়ি যায়৷ কিছুমান কমি থাকে, টোপনি যায় আৰু সুবিধা পালেই মূৰ দাঙি উঠি কাহানিও নুশুকুৱা ঘাঁত নিমখ এজেবা পেলাই দিয়ে৷ জীৱনে বহু কথাই শিকায়৷ কেতিয়াবা দিয়ে, কেতিয়াবা লৈ গুছি যায়৷ কেতিয়াবা জীৱন মানেই এটি ৰঙা বেলি, উজ্জ্বল৷ কোনোবাখিনিত জীৱন অস্পষ্ট, ধূসৰ৷ সমুখত কি আছে মনিব নোৱাৰাকৈ ব্লাৰ৷ শিপা বিচাৰি যিমান খান্দো জীৱনক, সিমানেই দেখোন দুখে ৰেপি ৰেপি কাটে৷ নিথৰ দুপৰ একোটাত পাৰ চৰাইৰ মাতে বুকুখন মুচৰি পেলোৱাৰ দৰে অব্যক্ত এই বেদনা৷
এই সময় ইমান অস্থিৰ৷ সেউজ পাহাৰৰ চপলা নিজৰা চাবলৈ গৈ শেষ হৈ যায় কোনো পুত্ৰ, ভাতৃ অথবা প্ৰেমিক৷ ঘনে ঘনে নিখোঁজ হয় তেঁজাল যৌৱন৷ কফিনত মূৰ গুজি পৰি থাকে পত্নী, মাতৃ সন্তান৷ মুগা সাজ পিন্ধি যোৱা ব’হাগত নাচি থকা অকমানিজনী হেৰাই যায় জীৱনৰে যুঁজ কৰি ভাগৰি৷ হাঁহিটি গধুৰ শিল হৈ ৰৈ যায় আমাৰ বুকুত৷
বকুলতলত লৰালৰিকৈ কোৰেৰে মাটি চবিয়াই তুলসী পুলি এটি ৰোৱে কোনোবাই৷ কোনোবাই পানী ছটিয়াই, কোনোবাই ঘপ্ ঘপ্ কৈ কাটে বাঁহ৷ কোনোবাই ধৰি আনি শুৱাই দিয়ে তেজ মঙহৰ এটি শৰীৰ৷ জীৱনত মৃত্যুৰে প্ৰথমটো মুখামুখি৷ বকুলতলৰ শৈশৱত প্ৰথমটো হেৰুৱাই পেলোৱাৰ আঘাত৷ এটি জীৱন ইমান সহজতে কেনেকৈ শেষ হৈ যায় তাৰ উত্তৰ পাওঁ পাওঁ মানেই আৰু কেইবাবাৰো বকুলতলত তুলসী পুলি ৰোৱা হ’ল৷ ইমান ততাতৈয়াকৈ যে বকুলতল উদং হৈ পৰিব কোনে ভাবিছিল?
চোকা ৰ’দৰ দুপৰীয়া এটাত তেজপাত এসোপা বাছি থকা সেউজীয়া শাৰী পিন্ধা ধক্ ধক্ কৈ বগা ছোৱালীজনী৷ কাৰ্চিন’মা, কেমোথেৰাপিত ক’লা পৰা শৰীৰটি চোতালত শুৱাই থওঁতে গোৱা প্ৰাৰ্থনাটিত জীৱনৰ পৰম সত্যৰ অনুভৱ…
“অথিৰ ধনজন জীৱন যৌৱন….“
কপালত নীলা সিৰ দুডাল জিলিকি থকা সেই মুখখন, দুচকুত এসোপা ৰং সানি নিজে শেঁতা ছবি এখন হৈ পৰা সেই দুৰন্ত প্ৰাক্ যৌৱনপ্ৰাপ্ত জীৱনটো৷ মনত পৰে৷ আৰু মনত পৰিলেই ফিকা হৈ পৰে জীৱনটো সেইখিনিতে৷
সন্ধিয়া হঠাতে নামি অহা বৰষুণজাকত ঘামি যোৱা গাড়ীৰ আইনাৰে জুমি চাই দেখো, ফুটপাথত বহি থাকে দুয়োখন ভৰি নোহোৱা চুঁচৰি চুঁচৰি যোৱা সেই মানুহজন৷ জীয়াই থকাৰ কি দুৰ্বাৰ হেঁপাহ৷ সেয়াওতো এক জীৱন৷ কতবাৰ যে জীৱনক নকৈ আৱিষ্কাৰ কৰিছো৷ কতবাৰ আবাহনী মন্ত্ৰ গাইছো, কতবাৰ আহুতি দিছো নিজক৷ মোহৰ জানো শেষ আছে তথাপিও? শেষ আছে জানো দুখ শোক ৰোগ ব্যাধিৰ? হেৰাই যোৱা মুখবোৰে নাজানে হেৰুওৱাবোৰৰ বুকুৰ ধূ ধূ শূন্য জীৱনৰ কি পীড়া! অকালতে সৰি পৰা ফুলকলিৰ আধৰুৱা জীৱনে টোপনি যাবলৈ নিদিয়াকৈ অস্থিৰ কৰি ৰাখে৷ ৰ’দ আৰু বৰষুণ, আন্ধাৰ আৰু পোহৰ সকলো যেন জীৱন আৰু মৃত্যুৰ চকা ছন্দা ছাঁয়া৷ সিপাৰে কি আছে দেখা নোপোৱা বাটৰ কেঁকুৰিবোৰ যেন জীৱনৰ জটিল সময়৷
তথাপি এই যাতনা, অসহায় সময়তো এগছি চাকি অক্ষয় হৈ জ্বলি থাকে কৰবাত৷ আস্থা আৰু বিশ্বাসৰ, প্ৰত্যয়ৰ৷ খবৰ পাওঁ, দহবছৰে সন্তানৰ বাবে হাহাকাৰ কৰি থকা দম্পতীৰ কোলা শুৱাবলৈ আহে এটি দেৱশিশু৷ হয়তো এইবোৰ কাৰণতে জীৱন অনুকূলে উভতি আহিব পাৰি৷ বকুলতলত এখামোচ বকুল ফুল বুটলি বুকুলৈ চপাই লওঁ৷ বিদ্যালয়ৰ বাৰাণ্ডাত এটি সৰল প্ৰাৰ্থনা৷ হেৰুওৱাৰ যাতনাবোৰ সহিব পৰাকৈ সকলোকে শকতি দিবলৈকে চকুহাল জপাই দিওঁ৷ বহুদিনৰ মূৰত এচেৰেঙা ৰ’দ ওলায় ডাৱৰৰ মুখত৷ অতবোৰ অসহনীয় খবৰৰ পিছতো ইমান আয়োজন, ইমান উদ্ যাপন জীৱনৰ৷ ঠিক দোকমোকালিৰ সপোন এটাৰ দৰেই জীৱন ধুনীয়া, আমি দেখাতকৈও বহু বেছি ধুনীয়া!
চিম্পী শইকীয়া