স্মৃতিৰ শৈশৱ- অষ্টমৰ অন্য এক আকৰ্ষণ…(ধ্ৰুৱ জ্যোতি শইকীয়া)

মোৰ শৈশৱৰ ভাল লগা দিনবোৰৰ ভিতৰত, আটাইতকৈ ভাল লগা সময় আছিল যেতিয়া সপ্তম শ্ৰেণী পৰ্যন্ত থকা বান্ধোনৰ পৰা মুক্তি লাভ কৰোঁ। কিঞ্চিতমান স্বাধীনতাৰ সোৱাদ যুক্ত অষ্টম শ্ৰেণীৰ দিনবোৰ। “অৰ্থই অনৰ্থৰ মূল” বাক্য শাৰীক সাৰোগত কৰি মা-দেউতাই আমাক প্ৰায় সপ্তম শ্ৰেণী পৰ্যন্ত ‘পকেট মাণি’ বোলা, বৰ্তমানৰ শৈশৱৰ অধিকাৰ বা স্বাধীনতাকণৰ পৰা বঞ্চিত কৰি ৰাখিছিল। অৰ্থাৎ কিবা লাগিলে কবি আনি দিম, শিক্ষাৰ্থীৰ প্ৰয়োজন কিতাপ, বহী, কলম, পেঞ্চিলৰ বাদে কি থাকিব পাৰে – এয়া মা-দেউতাৰ মনৰ কথা। তেতিয়া ভুল যেন লাগিলেও আজি নিজে তেওঁলোকৰ স্থানত ঠিয় হৈ অনুভৱ কৰোঁ, তেওঁলোকে হয়তো ঠিকেই ভাবিছিল।
যাহওক, মই অষ্টম শ্ৰেণীত ইংৰাজী মাধ্যমৰ পৰা অসমীয়া মাধ্যমলৈ স্ব-ইচ্ছাৰে পৰিৱৰ্তন কৰি লওঁ। প্ৰথম অৱস্থাত অসমীয়া শুদ্ধকৈ লিখাটো দূৰৰে কথা, নিজে লিখি নিজে বুজি নোপোৱা অৱস্থা, অইনে কেনেকৈ পঢ়িছিল নাজানো। মোৰ আখৰবোৰক তেতিয়া কাউৰী ঠেঙীয়া নুবুলি, কুকুৰ ঠেঙীয়া বুলিছিলোঁ নিজেই। ইংৰাজী আৰু অংকত ভাল আছিলোঁ, গতিকে কোনো ৰকম অষ্টম শ্ৰেণীৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈ, নাম ভৰ্তি কৰাৰ অনুমতি পাইছিলোঁ।
ইংৰাজী স্কুলৰ কঠোৰ শাসনৰ পৰা মুক্ত হৈ, মুক্তি পাইছিলোঁ পূৰ্বতে দৈনিক কঢ়িয়াবলগীয়া হোৱা ষ্টিলৰ দুই-খলপীয়া টিফিনটোৰ পৰাও। সেই সুবিধাতে পাওঁ জীৱনৰ অন্য এক বিৰল অভিজ্ঞতা, দুপৰীয়া টিফিন খাবলৈ পোৱা দহটা টকা, জীৱনৰ প্ৰথম ‘পকেট মাণি’।

আমাৰ স্কুলৰ গাতে লগাকৈ আছিল স্কুলৰ বিশাল খেলপথাৰখন। অৱশ্যে আজিকালি প্ৰায়বোৰ স্কুলতে খেলা-ধূলা চৰ্চাৰ কোনো যতন নোহোৱাই হ’ল। স্কুলৰ জিৰণিৰ ঘন্টা পৰাৰ লগে লগে আমি দৌৰিছিলো খেল-পথাৰলৈ। কেতিয়াবা ফুটবল, কেতিয়াবা ক্ৰিকেট- মুঠতে দৌৰা-দৌৰিৰ পৰা ৰাষ্টাৰে পাৰহৈ যোৱা মহাবিদ্যালয়ৰ ছোৱালী চোৱালৈ আমাৰ ঘন্টাযোৰা ব্যস্ততা। সেই সময়ত আমাৰ বাবে ঘড়ী আছিল বিলাস। ঘড়ী ডাঙৰ মানুহে পিন্ধে, সেয়ে ঘড়ী আমাৰ বহুতৰে হাতত নাছিল। কিন্তু সময়ৰ উমান হ’লে ঠিকেই পাইছিলো। কোনোদিনেই স্কুল পোৱাত পলম হোৱা নাছিলো, নাইবা খেলা-ধূলাৰ অন্তত আমাৰ টিফিন খোৱাৰ সময়কণো সঠিককৈ জানিছিলো, অৰ্থাৎ শ্ৰেণী আৰম্ভণিৰ ঘন্টা পৰাৰ আগে আগে আমি খেলধূলা সামৰি, টিফিন খাই, হাত-ভৰি ধুই নিজৰ শ্ৰেণীত উপস্থিত হৈছিলোঁ।

ভাল লগা কথাবোৰ মনলৈ আহিলে যিটো কম বুলি লিখিবলৈ আৰম্ভ কৰোঁ, সেইটো ক’ৰবাতে থাকি যায়। আপোনালোকে স্কুলত পঢ়ি থকা কালত টিফিনত কি খাইছিল, মনত পৰেনে? আমাৰ আকৰ্ষণ আছিল, আমাৰ স্কুলৰ খেলপথাৰৰ লগতে লাগি থকা বৰা-দাৰ ছালি হোটেলখন। ছালি হোটেল বোলাৰ কাৰণ হোটেলখনৰ বাহ্যিক অবয়ৱটো। এখন খেৰৰ ছালি, চাৰিখন বাঁহৰ নিলিপা বেৰ, এখন পুৰণি বেঞ্চ আৰু এখন ডেক্স।
খাবলৈও বৰ বিশেষ আয়োজন নাছিল। পনীয়া গাখীৰৰ চাহ, গজা, খুৰ্মা আৰু আমাক টানি নিয়া সেই বিশেষ উপকৰণ। চাহ দিয়া আইনাৰ গিলাচত মিহিকৈ পিঁয়াজ, বতৰত ধনীয়া কুটি, তাতে ওপৰৰ পৰা অকণমান নেমু চেপি, এখন চামুচসহ আমাক যতনাই দিয়া সেই বিশেষ স্বাদ। ঘুগুনি, মটৰ মাহ সিজাই, সেই লোভ লগাগৈ আপ্যায়ন কৰা বৰা-দাৰ হোটেলৰ ঘুগুনি! তেতিয়াৰ এটকাত এগিলাচ পোৱা আমাৰ দুপৰীয়াৰ আহাৰ। কেতিয়াবা দুই-তিনি গিলাচলৈকে খাই খঁক পূৰণ কৰিছিলো। ঘৰত ৰান্ধিলেও সেই সোৱাদ কোনোদিনে পোৱা নাছিলো। বৰা-দাৰ ঘুগুনি আছিল স্পেচিয়েল, ডাঠ আৰু এটাও টান মটৰ নথকাকৈ নিমখ-মছলাৰ সুন্দৰ সুস্বাদু সংমিশ্ৰণ।
আজিও, যেতিয়াই ঘৰত ঘুগুনি ৰন্ধা যায়, মই সেই স্মৃতি সজীৱ কৰোঁ। এটা গিলাচত ঘুগুনি লৈ, তাৰ ওপৰত মিহিকৈ পিঁয়াজ, ধনীয়া কুটি, অকণমান নেমু চেপি, এখন চামুচেৰে স্কুলত খোৱাৰ দৰে খাওঁ। সেই বিশেষ সোৱাদ নাপালেও, এক্ষন্তেকলৈ কাষত পাওঁ  শৈশৱৰ সেই মধুৰতম সময়!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!