স্মৃতি – হিমাংশু ভাগৱতী

ল’ৰালিত হাতত ঘড়ী নাছিল বাবে তেখেতে সময়বোৰ নিজৰ মতে সজাব পাৰিছিল৷

ডেকা কালত চখতে হাতলৈ অহা ঘড়ীটোৰ নিৰ্দেশ তেখেতে কেতিয়াবাহে মানি লৈছিল৷

লাহে লাহে ঘড়ীৰ বৃত্তটোতে তেখেতৰ সকলো আবদ্ধ হ’ল, পৃথিৱীখন চকু তুলি চোৱা নহ’ল৷

ফটোখনৰ তলত তেখেতৰ ল’ৰাজনে আজি বন্ধ ঘড়ীটো সজাই থ’লে৷ ল’ৰাজনৰ মনত দেউতাক বুলিলে ঘড়ীটোৰ বাহিৰে বেলেগ একো সোঁৱৰণি নাছিল৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!