সৰলতাত অমিয়া বৰষে – বিকু বৰা

মূল হিন্দী-ৰাকেশ কাম্বলে

এজন মানুহে বৰফৰ ফেক্টৰীত কাম কৰিছিল৷ এদিনাখন কাম ছুটী হোৱাৰ পিছত আন কৰ্মচাৰীসকল ঘৰাঘৰি যাবৰ সময়তে ফেক্টৰীটোৰ কেইটামান মেচিনত বিজুতি ঘটিল৷ তাকে দেখি সেই মানুহ জনে কিন্তু ঘৰলৈ নগৈ মেচিন কেইটাহে মেৰামতি কৰিবলৈ লাগিল৷ তেওঁ যে ভিতৰত কামত ব্যস্ত হৈ আছিল, এই কথাটো কোনোৱে গম পোৱা নাছিল, গতিকে সচৰাচৰ কৰাৰ দৰেই ফেক্টৰীৰ লাইট অফ কৰি দিয়া হৈছিল আৰু দৰ্জা বিলাকো বন্ধ কৰি দিয়া হৈছিল৷ গতিকে মানুহজন কোঠাটোৰ ভিতৰত আপোনা-আপুনি আবদ্ধ হৈ পৰিল আৰু বন্ধ কোঠাটোৰ ভিতৰত বৰফৰ ঠাণ্ডাৰ প্ৰভাৱত তেওঁৰ মৃত্যু হোৱাটো নিশ্চিত আছিল৷ অন্যহাতেদি তেওঁ ওলাই আহিবলৈকো কোনো উপায় নাছিল৷

এঘণ্টা মানৰ ভিতৰত অতি আচৰিত ভাবে ফেক্টৰীৰ দুৱাৰখন খোল খালে আৰু তেওঁ দেখিলে যে এজন সুৰক্ষা কৰ্মী হাতত টৰ্চ লৈ দৰ্জাৰ সন্মুখত থিয় হৈ আছে৷

এতিয়া সুৰক্ষা কৰ্মীজনে তেওঁক বাহিৰলৈ উলিয়াই আনিলে আৰু সৌভাগ্যক্ৰমে তেওঁৰ জীৱনটো দুৰ্ঘটনাৰ পৰা বাছিল৷ ফেক্টৰীৰ বাহিৰলৈ আহি সুৰক্ষা কৰ্মীজনক মানুহজনে সুধিলে, “মই ভিতৰত আবদ্ধ হৈ আছোঁ বুলি আপুনি কেনেকৈ জানিলে? “

তেতিয়া সুৰক্ষা কৰ্মী জনে ক’লে, “এই ফেক্টৰীটোত যিমান জনে কাম কৰে, তাৰ ভিতৰত কেৱল আপুনিহে সদায় আহোঁতেও মাত এষাৰ লগায় আৰু ঘৰলৈ যোৱাৰ সময়তো মাত এষাৰ মোক দি যায়৷ আজি পুৱা আপুনি কামলৈ আহোঁতে মোক মাত এষাৰ দিলে আৰু যাবৰ সময়ত আপোনাৰ পৰা মাত এষাৰ নোপোৱাৰ কাৰণে আপুনি যে ফেক্টৰীৰ পৰা ঘূৰি যোৱা নাই, এই কথাটোত মোৰ সন্দেহ উপজিল আৰু এইবাবেই মই ফেক্টৰীৰ দৰ্জা খুলি চাব লগাত পৰিলোঁ৷ “

বন্ধুসকল, কাৰোবাক সামান্য সন্মান দিলে আমাৰ একো ক্ষতি নহয়৷ বৰং উপকাৰহে হয়৷ এতেকে, সৰলতা গুণটো মানুহ মাত্ৰৰে থকাটো উচিত৷ এই সৰলতা গুণে মানুহক কৃতজ্ঞ কৰে আৰু কৃতজ্ঞতাৰ প্ৰতিদান হিচাবে মানুহৰ পৰা বিপদত সঁহাৰি পোৱা যায়৷ ■■

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!