সৰস্বতী পূজাৰ দিনা ডিক্ৰঙৰ পাৰৰ ডাইনীজনী (আদিত্য ৰঞ্জন দত্ত)

সৰস্বতী পূজাৰ দিনা ডিক্ৰঙৰ পাৰৰ ডাইনীজনী

  • আদিত্য ৰঞ্জন দত্ত

 

বুকুৰ গোমধানবোৰ সিঁচৰতি কৰিবলৈ নাহিবি আজি।

ডিক্ৰঙৰ পাৰত আজি আকৌ বাজিছে ৰাগ মেঘমল্লাৰ !

তই বলিয়া কৰিবলৈ নাহিবি !

 

মনত আছে সৰস্বতী পূজাৰ নিলাজ হাঁহিবোৰ।

চোমগছৰ তলত তই দিয়া তোৰ যৌৱনৰ কবিতাবোৰে

আজিও জোক হৈ কামোৰে মোক।

 

ডিক্ৰঙখনে বলিয়া কৰিবলৈ জলপৰী এজনী পঠিয়াই দিছিল।

তাই দুখৰ বাঁহী এটা লৈ আহিছিল,

মোৰ কবিতালৈ সুৰ হৈ বৈ আহিছিল সৰস্বতী পূজাবোৰ।

 

কোনোবা এটা ফেব্ৰুৱাৰীৰ নিশা বাঁহীটো নবজা হল।

উশাহবোৰ ঘূৰি নহা হৈছিল মোৰ।

উন্মাদ হৈ অভিমানী সুৰ এটা এৰি তই গুচি গৈছিলি,

চোমনিদৰা পাৰহৈ

ডিক্ৰঙৰ বুকুলৈ।

 

আজিকালি সৰস্বতী পূজাৰ দিনা বাঁহফুল ফুলে মোৰ বুকুত !

এন্দুৰ হৈ তেজ সোহে পুৰণি কবিতাবোৰে।

এলান্ধু জমিছেগৈ হৃদয় নামৰ অনুভূতিবোৰত।

 

ডিক্ৰঙ আজিও বৈ আছে।

এনিশা ডিক্ৰঙতে জাপ দিম,

উশাহবোৰ বিক্ৰি কৰি দিম তোৰ নামত।

 

সেইনিশা বাঁহীটো জলাই তাৰ ছাইখিনিৰে

তোৰ নামৰ ডাইনী খেদিম !

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!