সৰু আলু দৈৰ সৈতে টেঙা, মিঠা, জ্বলা- ৰিম্পী বৰুৱা ভৰদ্বাজ

সৰুৰে পৰাই খেতি বাতিত মোৰ ৰাপ আছে৷ মোৰ বিয়াৰ আগতে মাৰ ঘৰৰ বাৰীখন যথেষ্ট ডাঙৰ হোৱাৰ হেতুকে খেতি কৰিবলৈ সুবিধা পাইছিলোঁ৷ আটাইতকৈ আনন্দ লাগিছিল আলুৰ খেতি কৰি৷ আলু খাই যিদৰে ভাল পাইছিলো আলু খেতি উঠায়ো বহুত আনন্দ লভিছিলোঁ৷ আটাইতকৈ সৰু আলুবোৰ গোটোৱাৰ দায়িত্ব আছিল মোৰ আৰু ভনী দুজনীৰ৷ ঘৰৰ আলুৰে মায়ে বিবিধ বিবিধ ব্যঞ্জন ৰান্ধিছিল৷ বিয়াৰ পিছত শহুৰৰ ঘৰত ঠাইৰ অভাৱত খেতি কৰাৰ হেঁপাহৰ মুদা মৰিল৷ পিছে মোৰ স্বামী চাকৰি সূত্ৰে ২০১১চনত গুৱাহাটিলৈ বদলি হৈ আহিল৷ গুৱাহাটিৰ সমীপৱৰ্ত্তী আজাৰাত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰকাণ্ড চৌহদ৷ প্ৰতিটো কোৱাৰ্টাৰতে আগফাল পিচফাল মিলি প্ৰকাণ্ড বাৰী একোখনকৈ৷ মন নাচি উঠিল৷ তেতিয়াৰে পৰা নিজৰ কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই সৰু সুৰাকৈ খেতি অলপ কৰিবলৈ ল’লোঁ৷ এইবাৰ অন্যান্য কিবা কিবিৰ লগতে আলুৰ খেতি অলপ কৰিছিলোঁ৷ সময় দিব নোৱাৰাৰ বাবে বহুত বেছি ভাল নহ’ল৷ সেই খেতিৰ আলুৰ পৰাই পুৰণি দিন ৰোমন্থন কৰি ব্যঞ্জন এবিধ ৰান্ধিলোঁ৷ আপোনালোকলৈও আগবঢ়ালোঁ মোৰ হাতৰ ব্যঞ্জন, ৰান্ধি চাবচোন সময় সুবিধা পালেঁ৷

সৰু সৰু আলু অলপ বাচি ভালকৈ ধুই অলপ নিমখ দি সিজাব৷ ঠাণ্ডা হ’লে বাকলি গুচাই লৈ অলপ কাটা চামুচেৰে খুচি দি নিমখ আৰু হালধি সানি মিঠাতেলত ভাজিব৷ দুটা বিলাহী, এটুকুৰা সৰু আদা আৰু কেঁচা জলকীয়া দুটা মিক্সিত মিহিকৈ পিহি ল’ব৷ আলু ভজা তেলতে গোটা জীৰাৰ ফোৰণ দি, পিহি লোৱা বিলাহীৰ পেষ্টটো দি তাতে নিমখ, হালধি, জিৰাগুৰি, ধনীয়াগুৰি, গৰম মচলা আৰু এচামুচ চেনি দি ভালকৈ ভাজি দৈ অলপ দি ভালকৈ মিহলি হৈ যোৱাকৈ ভাজিলৈ আগতে ভাজি থোৱা আলুখিনি দি আৰু অলপ ভাজিব৷ সামান্য পানী দি গেছ কমাই থুপথুপীয়া হোৱালৈ উতলাব৷ গৰমে গৰমে ভাত বা ৰুটিৰ লগত পৰিবেশন কৰিব৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!