সৰু সৰু ঘটনা (নিতুল বৰা)

(১)
এৰি অহা বছৰ কেইটাৰ মাজৰে এটা দিনৰ কথা। তেতিয়া ৰঞ্জিত, মই আৰু ৰিপুঞ্জয় আমি তিনিওটা তেজপুৰত একেটা ভাড়া ঘৰৰ ৰুমতে থাকো, সিহঁত দুটা চাকৰি সূত্ৰে আৰু মই পঢ়াৰ সূত্ৰে আছোঁ, সিহঁত দুয়ো তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত চাকৰি কৰে, প্ৰতি শনিবাৰে ৰঞ্জিত ঘৰলৈ আহে আৰু সোমবাৰে ৰাতিপুৱা যায়গৈ।ৰিপুঞ্জয় আকৌ সদায় ঘৰলৈ নাহে, কেতিয়াবাহে আহে, মোৰ আকৌ তেনেকৈ অহা নহয়, মাহত কেতিয়াবা এদিন, আহিলেও ৰাতিতো থাকি পাছৰ দিনাই উভতো। আমাৰ তিনিওৰে ঘৰো ওচৰা-ওচৰি, সেয়ে এটা আহিলেই সকলো খৱৰ পাওঁ বাকী দুটাই। আমি একেলগে ডাঙৰ হোৱা, ৰিপুঞ্জয় বয়সত অলপ সৰু যদিও এতিয়া কথাই-বতৰাই সমবয়সীয়া যেনেই হলগৈ।

সেইদিনা আছিল শুক্ৰবাৰ, ৰঞ্জিতে অফিচৰ পৰা বাহিৰে বাহিৰে ঘৰলৈ বুলি গুচি গল, ৰিপু্ঞ্জয় অফিচৰ পৰা ৰুমলৈকে অহাৰ কথা, সি অফিচৰ পৰা আহোতেই ৬ মান বাজেই, মোৰ সেইদিনা ক্লাচ নাছিল বাবে ৰুমতে আছোঁ, তেনেকুৱাতে সি আহি পালেহি। ৰিপুঞ্জয়ক আমি চমুকৈ ৰিপুন বুলিহে মাতিছিলোঁ। সি আক সন্ধিয়া হ’লে কেতিয়াবা অফিচৰ পৰা আহোতে বাটতে ক’ৰবাত বা কেতিয়াবা লগৰ ল’ৰাৰ ৰুমতে এটুপি খাই আহে, সেইদিনাও যে সি এটুপি খাই আহিছে, বেচিকৈ নহয় দেই, অলপহে খাই আহিছে, খোজকাটল ঠিকেই আছে, কথাৰো অদল-বদল হোৱা নাই, মই জনাই নাছিলো সি যে খাই ফিটিং হৈ আহিছে। চব ঠিকেই আছে…!!

সি মোক কলে, চাহ একাপ খাই দুয়োটা বজাৰৰ পৰা আহো বলক, পাচলি কেইটামানকে আনোগৈ…..মই বোলো ঠিক আছে, তই হাতমুখ ধো, মই চাহ বনাও,…………দুয়োটাই দুকাপ চাহ বাকি ললো, দুই এটা কথাৰ মাজেৰে মইও লাহে লাহে ওলাইছো কাপোৰ সলাই। সি হাতত বজাৰ কৰা জোলোঙাটো ললে আৰু মই তাৰ লগে লগে খোজ ললো। বাটত যাওঁতে সি মোক লাহেকৈ ক’লে আজি বস্তু এটা আনিম দেই, আপুনি গালি নাপাৰিব..? বোলো কি বস্তু…অ’….? সি ক’লে এহ বৰ মন গৈ আছে, তাতে আজি বতৰটোও ঠাণ্ডা যে, সেয়ে আপুনি যদি একো নকয় মই সৰুভাইটি এটা আনি ওচৰৰে পঙ্কজৰ ৰুমতে খাই আহি আপোনাৰ লগত ভাত খাই শুই থাকিম, হুলস্থুল নকৰোঁ নহয়…মই যদি কিবা মাতলামি কৰোঁ আপুনি মোক ভালকৈ কোৱাব ! মই বোলো ঠিক আছে খাবলৈ বিচাৰিছ খা, কিন্তু চাবি দেই পাছত কিন্তু গন্দগোল কৰিলে কথা বেয়াহৈ যাব এতিয়াই কৈ দিছোঁ। নাই নাই আপুনি চিন্তাই নকৰিব মই সেইবোৰ একো নকৰোঁ। এনেকৈ কথা পাতি পাতি দুয়োটা গৈ বজাৰ পালোগৈ, বজাৰ মানেনো কি পুৰুৱা চাৰিআলিতেই সকলো পোৱা যায়, সেয়ে তাৰ পৰাই আমি বজাৰ-সমাৰ কৰোঁ। পৰুৱা চাৰিআলিৰ চুকটোতে এখন মদৰ দোকান আছে, সি মোক কলে বলক দুয়োটা গৈ সৰু ভাইটি এটা কিনি আনো, আপুনি মোৰ কাষতে ৰৈ থাকিলেই হ’ব। মই বোলো কি..? মই যাব লাগে..? মদ খাবি তই আৰু আনিবলৈ যাম মই ? তোৰ লগত সেইখনলৈ গৈ মই নিজকে মদাহী বুলি চিনাকি দিলেহে হ’ব, চিনাকি কিয়া দিব লাগিছে, তোৰ কাষত থিয় হলেই মোকো চিনি পাবই সকলোৱে। চকু ঘোপাকৈ চাই ক’লো মই নোৱাৰোঁ দেই…মই যাব নোৱাৰোঁ…খাবলৈ মন যেতিয়া যেনেকৈ আ-ন আনগৈ। মই নাখাওঁ যেতিয়া আনিবও নোৱাৰোঁ, মোক তোৰ নিচিনা পাইছ ? মদৰ বটল আনিবলৈ কবলৈ ক’ত সাহস পালি…???? এইবুলি কবলৈহে পালো সুৰ-সুৰকৈ নিজেই দোকানৰ ফালে খোজ ল’লে। মই দোকানৰ ফালে পিঠি দি ওচৰৰে চেলুন এখনৰ বাহিৰত থকা বেঞ্চি খনত বহি ললো, ওচৰৰে চানাৱালাটোৰ পৰা চানা কেইটামান লৈ গলিয়াই তালৈ ৰৈ আছোঁ, ৫ মিনিট গল, ১০ মিনিট গ’ল, সি দেখোন নাহেহে নাহে মদৰ দোকানৰ পৰা, সেইফালে চাবলৈও ভাল নালাগে,কিজানি মোকেই মানুহে মদ আনিবলৈ দিয়া বুলি ভাবে……..অলপ সময়ৰ পাছত দেখিলো বাটেদি যোৱা মানুহ বোৰে উভতি ঘুৰি ঘুৰি চাই গৈছে, মই ভাবিলোঁ কিয় ইমানকৈ ঘুৰি চাইছে গৈছে মানুহ বোৰে বাৰু ?………তাৰ পাছত মইও যেতিয়া ঘুৰি চাওঁ দেখো সি দেখোন দোকান খনৰ সন্মুখত নাই, আৰে কলৈ গ’ল ? ইফালে সিফালে চালো কতো নাই, দোকানীয়ে বটল হাতত লৈ তাক বিচাৰি চাইছে নেদেখি….তাৰ পাছত দেখিলো তলত সি ষ্টেপত পৰি কৱ নোৱাৰা অৱস্থাত পৰি আছে, অহ ইয়াৰ আক কি হ’ল, মুৰ-চুৰ ঘুৰাই গ’ল বুলি ভাবি, একে জাপে গৈ তাৰ ওচৰ পালোগৈ, ঐ তোৰ কি হ’ল ৰিপুন……….? সি অৰ্ধচেটন অৱস্থাত কৈছে মোৰ নিচা হৈছে, বহুৱাই দিয়কচোন, তাক দাংকোলাকৈ আনি চেলুনৰ বেঞ্চিখনত বহুৱাই দিলোহি, চেলুনৰ পৰা পানী অলপ আনি গালে-মুখে চতিয়াই দিয়াতহে তাৰ অলপ ভাল লাগিল, মই ভাবিলোঁ এইকথাই কথা নহয়, তাৰ পাছত ওচৰৰ চানাৱালাটোৰ পৰা নেমু অকনমান আনি তাক খুৱাই দিলো, তাৰ নিচা ফাটি গ’ল, তাক বহিবলৈ দি মই ফটাফট বজাৰ কৰি ৰুম পালোঁহি। ৰুমত আহি পাৰো মানে হেঁপাহ পলুৱাই গালি পাৰিলোঁ তাক। বোলো তইতো মৰিবি মৰিবিয়েই লগতে মোকো মাৰিবি।

(২)

এজন সহজ-সৰল ল’ৰা, সহজ মানে একেবাৰে চিধা আৰু, আমাৰ লগত সৰুৰে পৰা একেলগে ডাঙৰো হোৱা আৰু একেলগে চাকৰিতো সমাইছো আমি, নাম তাৰ চিত্তৰঞ্জন, আমি তাক চিত্ত বুলিলেহে ভাল পায়। চাকৰি কৰেহে কৰে, যি নাকৰ পোনে পোনে যাব আৰু নাকৰ পোনে পোনেই ঘৰলৈ আহিব, ইমানেই সহজ সি যে আজি ইমান বছৰে একেলগে কাম কৰা ছোৱালীকেইজনীৰ মুখলৈ চায়েই কথা পাতি পোৱা নাই, মানে খুবেই লাজ কৰে, আমি ল’ৰা কেইটাৰ কোনো যদি নাথাকো তেনেহলে সেইদিনা ছোৱালীকেইজনীৰ ওচৰত তাৰ ফাটমেলা বসুমতি পাতালে লুকাও অৱস্থা হয়।

এদিন চৰকাৰী কামত সি তাৰ ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে গৈছিল নগাঁৱৰ কাকী অঞ্চললৈ, লগত আছিল কেইবাজনো ঠিকাদাৰ, আহোতে ঠিকাদাৰ কেইজনে তাক ক’লে আজি মানুহ এঘৰলৈ লৈ যাম আপোনাক, সিও একো নাভাবি ক’লে হ’ব, কাম চব চাই ঘুৰি আহোতে সিহঁত আটাইকেইটা মানুহ এঘৰত সোমাল, ঠিকাদাৰ কেইজনে আগতিয়াকৈ মানুহ ঘৰত খৱৰ দি থৈছে, তেওঁলোকৰ ঘৰত কেইবাজনীও ছোৱালী আছে, তাৰে এজনী তালৈ দিয়াৰ মন, মানে সেইদিনা চলে-বুদ্ধিৰে ছোৱালী দেখুৱাব তাক, পছন্দ হ’লে বিয়াৰ কথা পাতিব। সি এইবোৰৰ একো ভুকে নাপায়। সিহঁতক আঠে-বেথে বহিবলৈ দিলে, কিছুসময়ৰ পিছত সি কথাৰ মাজতে গম পালে মানুহ ঘৰৰ কাণ্ড-কাৰবাৰ অলপ বেলেগ, ভিতৰত অঙহী-বঙহীৰে ভৰি আছে, ছোৱালী সাজিকাচি থকাও উমান পালে, সি গম পাই গ’ল, ভাবিলে ইহঁত ঠিকাদাৰ কেইটাই তাক আজি ফচালে বুলি, সি মনতে এটা বুদ্ধি পাঙিলে।

কিছুসময় পাৰহৈ গ’ল, কি কৰিব, কেনেকৈ কৰিব ভাবি আছে……..তাৰ পিছত লগৰ কেইটাক সি কলে মই অলপ বাহিৰৰ পৰা আহোঁ দেই ৰবা তোমালোক। তাৰ পিছত যে সি বাহিৰলৈ সৰু পানী চোৱাৰ চলেৰে গ’ল আৰু ঘুৰি নাহিল। ৰাস্তাৰ কাষতে ঘৰ আছিল বাবে সি পোনেই ৰাস্তালৈ ওলাই টেম্পু এখন উঠি লংকা চহৰৰ ফালে পলাই দিলে, লগে লগে তাৰ মবাইল অফ কৰিবলৈও নাপাহৰিলে। লংকা পাই সি লগে লগেই নগাঁও অভিমুখী এখন বাছত উঠি নগাঁও পালেহি, আহি সি মোক ঘটনাৰ আদ্যপ্ৰন্ত কলেহি, উস! জানা আজি ভাল বাচি আহিলোঁ, নহলে চাগৈ মোক ছোৱালী গটাই দিলেই হয়। আমি লগৰ বোৰে তাৰ কথা শুনি হাঁহিত ৰব নোৱাৰিলোঁ, তাৰ খঙ যে উঠিছিল গম পাইছিলোঁ। ইফালে তাক বিচাৰি ঠিকাদাৰ কেইটা হাহাকাৰ, কত আৰু পাই তাক, ছোৱালী সাজিকাচি থকাতে থাকিল।

(৩)

মাঘবিহুৰ দুদিন মানৰ পাছৰ ঘটনা, ঘটনাৰ নায়কো সেইদিনা চিত্তই আছিল। সি সেইদিনাও ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে যাওঁক লংকাৰ বামুন গাঁও অঞ্চললৈ। সেইদিনা মই যোৱা নাই। সি সেইদিনা অফিচৰ চৰকাৰী গাড়ীখন লৈ গৈছে, লগত আছে চৰকাৰী দ্ৰাইভাৰ জন।

দিনটো ঘুৰি ফুৰি ভাগৰত গৈ এঘৰ অসমীয়া মানুহৰ ঘৰত সোমালগৈ পানী খোবৰ বাবে। গৈ কলিং বেলটো টিপি দিয়াত এজনী বোৱাৰী ওলাই আহিল, সেইঘৰতো দুজনী গাভৰু ছোৱালী আছিল। মানুহ গৰাকীয়ে কাক বিচাৰিছে বুলি সুধি সিহঁতক বহিবলৈ দিলে, সিহঁতে কলে আমি অফিচৰ কামত আহিছিলো- খুবেই ভাগৰ লাগিছে আমাৰ সেয়ে পানী খাবলৈ বুলি সোমালো, যদিহে বেয়া নাপাই পানী অলপ দিব নেকি…? মানুহ গৰাকীয়ে দুয়োকে দুগিলাচ পানী আনি দিলে, আৰু কলে বিহুৰ দিন গতিকে জা-জলপান এমুঠিকে খাই যাওঁক বুলি, সিহঁত ভোকত আছিল বাবে মনে মনে ভালেই পালে, গতিকে না কৰাৰ কথাই নাই। কিছু সময়ৰ পাছত মানুহ গৰাকীয়ে ছোৱালী এজনীৰ সৈতে সিহঁতক জা-জলপান আঠে-বেঠে খুৱালে, তাৰ পাছত তামোলৰ বটাটো আগবঢ়াই তেতিয়াহে সুধিলে কৰ পৰা আহিছে, কি কৰে আদি কথা। চিনাকি পৰ্বৰ মাজতে নিজৰ জীয়েককো চিনাকি কৰাই দিলে। সিহঁতেও কিছু সময়ৰ পাছত বিদাই লৈ গাড়ীত বহিল।

গাড়ী চললি, আমাৰ দ্ৰাইভাৰে তাক ভালকৈ জানে, সি যে হোজা প্ৰকৃতিৰ বুলি। সেয়ে সি তাক ভয় খুৱাবলৈকে কিছুদুৰ যোৱাৰ পাছত কলে—চিত্ত দা, আজি যে সোমাই আহিলোঁ মানুহ ঘৰৰ মানুহজনী কিন্তু বৰ সুবিধাজনক নহয় দেই, আপুনি আকৌ ছোৱালী আছে বুলি কেতিয়াবা অকলে নোসোমাব সিহঁতৰ ঘৰত। সি বোলে কিয় কি হলনো…? মইতো তেনেকুৱা একো দেখা নাপালো। দ্ৰাইভাৰে পুনৰ কলে—এহ আপুনি সেইবোৰ ক’ত লক্ষ্য কৰিছে, মইহে চাই আছো সিহঁতৰ কাৰবাৰবোৰ। আজি যে জলপান উপযাছি খুৱালে মোৰ বোধেৰে আপোনাক চৰকাৰী চাকৰি কৰা বুলি গম পাই কিজানিবা কিবা আহুদি-চাহুদিয়েই কৰি দিলে জলপানৰ লগত কি ঠিক। আপুনিতো এবাৰো নাভাবি সোপাই ফটাফট খাই দিলে, ভাবিবলৈ বা মই কোৱালৈ বাটেই নাচালে। চিত্তই বোলে অ হয় নেকি..? তুমি মোক খোৱাৰ সময়ত হাক দিব নোৱাৰিলা, দ্ৰাইভাৰে বোলে—কতনো আপুনি মোলৈ ৰ’ল, ভোকতে নাকে-মুখে খালে, মোৰো বেয়া লাগিল একো নকলো আৰু, এতিয়া যদি আপুনি ঘৰগৈ পায় মানে ছোৱালীও গৈ আপোনাৰ ঘৰ সোমায়গৈ তেতিয়া কি হ’ব….? চিত্তৰ বুকু চিৰিং কৈ মাৰিলে—অহ কথাটো ভবাই নহল নহয়, চেহ, ঘৰত গম পালে মোৰ ফালে অধ্যা পৰিব দেখোন। সি অলপ সময় মনে মনে ৰল। তাৰ পাছত দ্ৰাইভাৰক কলে—ঐ ঐ তুমি গাড়ীখন ৰাস্তাৰ কাষতে অলপ ৰখোৱাচোন। দ্ৰাইভাৰে বোলে কিয়..? ৰখোৱাচোন তুমি…গাড়ী ৰখালে, চিত্ত গাড়ীৰ পৰা অকনো পলম নকৰি নামি গল, ৰাস্তাৰ কাষলৈ গৈ সি লগে লগে মুখত তাৰ আঙুলি পাৰে মানে ভিতৰলৈ সুমুৱাই অক অক কৰি গোটেই জলপান খিনি বমি কৰি উলিয়াই পেলালে, তাৰ পিছত সি গাড়ীলৈ ঘুৰি আহি দ্ৰাইভাৰক কলে এতিয়া আৰু চিন্তা নাই, বলা এতিয়া। দ্ৰাইভাৰে দেখি তবধ মানিলে…বোলে কি কৰিলে আপুনি এয়া..? চিত্তই কলে কিয় তুমি কোৱা নাছিলা আহুদি কৰিব পাৰে বুলি সেয়ে চব আঙুলি ভৰাই বমি কৰি দিলো। দ্ৰাইভাৰে গোটেই বাটটো অকলে অকলে হাঁহি হাঁহি ঘৰলৈ আহিল।

(৪)

বহুদিনৰ আগতে, বহুদিন মানে বহুবছৰৰ আগৰ কথা, তেতিয়া চাগৈ মই কলেজ মানত আছিলো নেকি ঠিক মনত নাই। মামাহঁত আহিলেই সদায় আপত্তি, তহঁত এতিয়া ডেকা হলিহঁত এপাকতো যাব পাৰ আমাৰ ফালে, নে সময়েই নোলাই তহঁতৰ, ক’ত যাবি তঁহত ডাঙৰ মানুহ হলিহঁত, আমি দুখীয়া মানুহ, সদায় একেখন কেচেটকে বজাই থাকে মামাই, অৱশ্যে নোহোৱাও নহয়, হয়তো বহুত বছৰেই হ’ল নোযোৱা, সৰুতে বছেৰেকীয়া পৰীক্ষা শেষ মানেই মামাৰ ঘৰ। মামাহঁতৰ ম’হৰ পিঠিত উঠি ম’হ চৰাবলৈ যোৱা (ম’হৰ পিঠিত বহাৰ লগে লগে টিকাত নোমবোৰে বিন্ধিলে বস্তা এটা পাৰি দিছিল আমাক), কুঁহিয়াৰ খোৱা, জংঘলত বগৰী বিচাৰা, লংকাজানত বালিৰ মাজে মাজে ঘুৰণীয়া শিল বিচৰা, বুট খেটিৰ মাজত বহি লৈ কেঁচা বুট গছৰ বুটবোৰ টকালি টকালি খোৱা, পৈনত পকা তেতেলী খোৱা, পুখুৰীত সাতুৰি-নাদুৰি গা-ধোৱা আৰু যে ক’ত কি নকৰিছিলোঁ। এনেকুৱা এশএবুৰি মামহঁতৰ আপত্তিৰ ওৰ পেলাবলৈকে সেইবাৰ ঠিক এনেকুৱা দিন এটাতে ওলালো মামাহঁতৰ ঘৰলৈ বুলি, কেইযোৰমান ঘৰত পিন্ধা কাপোৰ, এটা হাফ পেণ্ট, আৰু কিবা কিবি কেইটামানৰ সৈতে হাতত এটা সৰু বেগ। মোৰ মামাৰ ঘৰ লংকা, এহ লংকা নহয় নহয়, লংকাৰ পৰাও দুৰ ৫ কি.মি. পিপলপুখীৰ গাঁও।
ঘৰৰ পৰা ওলালেই ১২টামান বাজিলেই, গৈ নগাঁৱৰ পৰা লংকা বাছ আস্থানলৈ গৈ দেখিলো অলপ আগতে এখন লংকা অভিমুখী গাড়ী গ’লেই, পাছৰ গাড়ীখন প্ৰায় ১ঘণ্টা পলমকৈহে যাব বোলে, উপাইতো নাই, সেয়ে টিকট এটা কাটি ইফাল সিফালকৈ সময়বোৰ পাৰ কৰিব বিচাৰিলোঁ, তেতিয়া আকৌ আজিৰ দৰে যাতায়ত ইমান উন্নত নাছিল, সময় মতে দিনটোত খুউব বেছি চাৰিখন মান বাছ চলাচল কৰিছিল।

এটা সময়ত বাছ চলিল..অত ৰখি, তত ৰখি বাছ গৈ লংকা টাউন পাইগৈ মানে ঠি ৫ বাজো বাজো, দিন চুটি বাবে সন্ধ্যা সোনকালে হয়, হোটেলৰ পৰা মিঠাই কেইটামান লৈ বেগত ভৰাই আগবাঢ়িলোঁ, প্ৰায় একফাৰলংমান গলেহে ওদালিলৈ যোৱাৰ গাড়ী পায়, মামা হঁতৰ ঘৰ গাঁৱত, মই আক গাঁও খুউব ভাল পাওঁ, এখন ৪০৭ গাড়ীত উঠিলো, যাত্ৰীবোৰ পাণ জাপাদি জাপিছে, কোনোমতে গৈছো, তেতিয়া লাহে লাহে আন্ধাৰ হৈ আহিছে, বহু বছৰৰ মুৰত গৈছো বাবে কণ্ডাক্টৰক কৈছো বোলো পিপলপুখুৰীলৈ যোৱা বাটটোতে নমাই দিবা। কিছুসময়ৰ পাছত ঠিক ঠাইতেই গাড়ী ৰখালে হেণ্ডিমেনৰ চিঞৰ–পিপলপুখুৰী ওলাই আহক, গম পালো ঠাইখিনি পালোহি, নামিলো, পিছে পূৱত দেখিলো শৰতৰ জোনটোৱে মোলৈকে চাই হাঁহি আছে, ভাবিলো ইমান দিনৰ মুৰত আহিছো বাবে মোক বাট দেখুৱাই দিব জোনবায়ে। তেতিয়া ফোনৰ সুবিধা নাই বাবে আগতিয়াকৈ খৱৰ দিয়া হোৱা নাছিল।

সেইখিনৰ পৰা মামাহঁতৰ গাঁৱলৈ প্ৰায় তিনি কিলোমিটাৰ বাট, বাটবুলিবলৈ নায়েই…পথাৰৰ ধাননীৰ মাজে মাজে থকা এটা সৰু লুংলুঙীয়া বাটহে, তাৰেই মামা হঁতে চাইকেল মাৰি অহাযোৱা কৰে, কেইখোজমান গৈ হঁঠাতেই মনত পৰিল, ইয়াত ৰাতি হ’লে হাতী ওলাই আহে লামডিং ফৰেষ্ট ৰিজাভৰ পৰা, ৰাতি হোৱাৰ লগে লগেই হাতীৰ জাকে খেতিপথাৰ তহিলং কৰেহি…মামাহঁতে জোৰ লৈ হাতী খেদাই….. গা-টো শিৰশিৰাই উঠিল, ভাবিলো কি হ’ব এতিয়া, (মনতে)আগপাছ নাভাবি আহিছিলি নহয়, মৰ এতিয়া……ইফালে সিফালে চালো কতো এটা জনপ্ৰাণী নাই, সেই অঞ্চলত বিদ্যুত সংযোগ হোৱাই নাই আৰু জনবসতিও পাতল, শিক্ষিত সংখ্যা তেনেই টাকৰ, অভাবী মানুহ বোৰে কেৰাচিনৰ চাকি জ্বলাই কিমান দেৰিলৈ থাকিব, সেয়ে আন্ধাৰ হোৱাৰ লগে লগে ভাত-পানী খাই শুই যায় ল’ৰা-ছোৱালী আৰু মহিলাবোৰ, পুৰুষবোৰ হাতী খেদিবলৈ গাঁৱৰ মুৰত টঙীঘৰৰ ওপৰত বহি থাকে। জয়াল ঠাই খিনি ডাঙৰ গছবোৰ ৰাতি দেখিয়েই ভয় লাগি যায়, ভগৱানকে কেইবাৰ মাতিছো ঠিক নাই, হে প্ৰভু আজি বচাবা আৰু, গনেশবাবাক এইফালে নানিবা আজি……….এইবুলি বহল আলিটোৰে দুখোজমান দি আকৌ ইফালে সিফালে চাওঁ কেনিবা হাতী আহিছে নেকি..? জোনাকৰ পোহৰত কলা কিবা দেখা পালেই খাটাং যে সেইজনা গনেশ বাবা…….যিমান পাৰো কোনো শব্দ নকৰাকৈ আগবাঢ়িলো….নাই কতো একো চোৰোক-চাৰাক শব্দ নাই, মানে গনেশ বাবাৰ দেখাদেখি নাই……….এইবাৰ প্ৰায় নিচিন্ত মনেই ১ কি.মি.মান গলোগৈ, ভয়টোও অলপ কমিল, জোনাকৰ পোহৰ ফটফটীয়া……..মনলৈ গান এটা আহিছিল যদিও কেনেবাকৈ গনেশ বাবাই গম পাব বুলিয়েই মুখত আঙুলি টিপিলো। ইমান যে ধুনীয়া জোনাক ভৰা সেউজীয়া ধাননি দুয়োফালে মাজেদি মই অকলশৰে ভালো লাগিছিল।

…………হাঠাতে কিছুদুৰত জোপোহা গছৰ দৰে লৰি থকা যেন দেখা পালো…মোৰ বুকু চিৰিং কৈ মাৰিলে……ৰৈ দিলো স্তব্ধ হৈ একে ঠাইতে, লৰচৰ কৰা নাই মই….একেথৰে চাই আছো সেই জোপোহাটোলৈ….কিন্তু জোপোহাটো দেখোন ক্ৰমাত ওচৰ চাপিহে আহিছে, বুজিবলৈ বাকী নাথাকিল………পালে আজি মোক, কান্দিমেই নে হাঁহিমেই ভাবি নাপালো, সৰুপানী যায়হে লাগে মোৰ, ইতিমধ্যে গম পালো ভৰিয়েদি গৰম গৰম পানীৰ সোঁত বৈ গৈছে চো-চোৱাই।……….আৰু পলম নকৰি ধাননি মাজলৈ লাহে লাহে চুচুৰি নামি গলো…সিহঁতে মোক দেখা নাই…সেয়ে লাহে লাহে সিহঁত অহা দিশ সলনি কৰি উত্তৰ দিশে চুচৰি গৈ ওখ ধানৰ মাজৰ আলি এটাৰ কাষতে আলিটোৰ সমানকৈ বেগে চেগে শুই দিলো………ধাননিৰ মাজত তেতিয়া অলপ অলপ পানী আছিল…….গোটেই কাপোৰ শেষ, হেই মাৰ গুলি কাপোৰ, এতিয়া জীৱনেই শেষ হওঁ হওঁ আক কাপোৰ, ওচৰ চাপি অহা গম পালোঁ, ওলাবলৈ ধৰা ধানবোৰ সিহঁতে শুৰেৰে চুচি চুচি খাই খাই আহি আছে….মই তেতিয়াওঁ তেনেকৈয়ে পৰিয়েই আছো, গম পালোঁ, লাহেকৈ ধানগছৰ মাজেৰে চালো মোৰ সন্মুখেদি প্ৰায় ৩ নল মান দুৰেদি প্ৰকাণ্ড হাতী তিনিটা খাই খাই পাৰ হৈ গৈছে, মোৰ পৰা কিছু দুৰ পাৰহৈ যোৱাৰ পাছত মুৰতো উলিয়াই ভালকৈ চালো, বাপৰে ইমান ডাঙৰ হাতী থাকেনে…বহুত ওখ, এটাৰ দীঘল দাঁতাল, বাকী দুটা অলপ সৰু….ৰৈ থাকিলোঁ, ক’বতো নোৱাৰি আকৌ কিজানি শব্দ শুনিলেই উভতি আহি যায় যদি, সেয়ে সিহঁতক নেদেখা হোৱালৈকে চাই থাকিলো…প্ৰায় ২ ফাৰ্লং মান যোৱাৰ পাছত আলিলৈ উঠিলো, হাতী কেইটা কিছুদুৰ পালেগৈ, দেহাটোলৈ লক্ষা কৰি দেখিলো নিজকে নিজে চিনিব নোৱাৰা হৈ পৰিলো, গোটেই গাতেই বোকা….উস ৰক্ষা ভগৱান ভাল বচালা আজি, প্ৰথম বাৰলৈ মৃত্যুক ইমান ওচৰৰ পৰা দেখা পোৱা যেন লাগিল। ভাগ্যেই বুদ্ধিটো খেলাল বুলিহে, নহলে মই উভতি দৌৰমৰা হলে কাম ফিনিচেই কৰিলে হয়, কিমান দৌৰিম-নো হাতীৰ লগত। আৰু দেৰি নকৰি খোজ ললো, এইবাৰ বেগাই খোজ ললো, আকৌ বা কিহে পাই ঠিকতো নাই, গৈ একেবাৰে মামাহঁতৰ পদুলিতহে উশাহটো সলাইছো, কোনো এটাও নাই বাহিৰত, বুজিলো চব শুলেই তাৰমানে, অলপ ৰৈ ললো, এতিয়াতো মাত দিয়াৰ লগেলগেই সাক্ষাত্কাৰদাল দিবলৈ আছেই…সেয়ে অলপ জিৰাই লওঁ বুলি মাটিতে বহিলো, ১০ মিনিট মানৰ পাছত এখোজ দুখোজকৈ মামাহঁতৰ দুৱাৰত টোকৰ মাৰিলো…বোলো—মামা, অ মামা…..দুৱাৰখন খোলকচোন….। ভিতৰৰ পৰা কোৱা শুনিলো…কোন অ…এই ৰাতিখন কোন..?? ম-মই হে দুৱাৰখন খোল না ভন্তি সোনকালে (ভন্তি মানে মামাৰ ১২ বছৰীয়া মান ছোৱালী জনী), মই অমুক অ……..। অ ৰবা দেই অলপ, আমি শুলোৱেই নহয়, ৰবা গৈছো।

বাহিৰতে ৰৈ আছো…তেনেতে শুনিলো ঘটংকৈ শব্দকৰি দুৱাৰৰ দাংডাল খুলিবলৈ ধৰিছে তাই, হাতত চাকি এটা লৈ দুৱাৰখন খুলি মোক দেখি ভয়খাই ঔ খালে ঔ বুলি চাকিতাকি পেলাই দিলে দৌৰ ভিতৰলৈ, মই একো কবলৈকে নাপোলো, মামীও তাৰ মাত শুনি দৌৰ মাৰি আহি সুধিলে তাইক কি হ’ল। তাই বোলে কোনোবা এটা আহিছে…কলা-মলা দেখিবলৈ চোৱাচোন মা..।তেতিয়া মই বোলো হেৰৌ কোনোবা নহয় মইহে মই তোৰ দাদ আক…তেতিয়াহে মামীয়ে চাকিটো আনি ওচৰৰ পৰা চাই ধৰিব পাৰিলে, কিহল তোৰ এই অৱস্থা যে, কত বোকাই পানীয়ে সোমাই আহিলি ৰাতিখন, আৰু ইমান দেৰিকৈ কিয় আহিছিলিনো, একেলগে সাংবাদিকে প্ৰশ্নকৰাদি সুধিলে। মই বোলা ৰ’বহে…………অৱস্থা কাহিল হৈ আহিছে, প্ৰশ্নবোৰ পাছতো সুধিব আগতে পানী অলপ দিয়ক, ধুই-পখালি লওঁ। ভন্তি বেগটো ধৰ, কাপোৰ কেইটা কালিলৈ ধুৱ লাগিব। হাত মুখ ধুই লৈ ভাত কেইটামান খাইহে তত আহিল, মামীয়ে আকৌ সেইসোপাই প্ৰশ্ন…বান মাৰিলে। বোলো ইমান দেৰি কেনেকৈ হ’ল মানে ঘৰৰ পৰা আহোতেতো সোনকালেই আহিছিলো, আহি পাওঁতে যে ৰাতি হ’ব কোনে জানে….চব ঠিকেই আছিল, আহি আছিলো এই পথাৰচোৱা, পথাৰৰ মাজতে হাতীয়ে পালে………..কি কৰিম, মনলৈ বুদ্ধি এটা আহিল বুলিহে, আলিৰ লগতে ধাননীৰ মাজত শুইহে বাচিলোঁ। তেতিয়া মামীয়ে বোলে অতো আজি হাতীয়ে বৰ উপদ্ৰপ কৰিছে আক, মামাৰে গৈছে নহয় খেদিবলৈ। ভাল বাচিলি দেই তই, তোক ভগৱানেহে বচালে আজি, আয়ুসত তোৰ চাউল আছে, আৰু কত যে কি কি কলে, মোৰ কানত একো নোসোমাল আৰু, সকলো বিবৰি কৈ ভাগৰতে শুই পৰিলোঁ।

ৰাতিপুৱা উঠি খাই-বৈ মামৰ লগত ফুৰিবলৈ ওলাই গলো, প্ৰায় বহুদুৰ গৈ সেউজীয়া পথাৰ, কুঁহিয়ানী বোৰ, ঘেঁহুৰ খেতি, খেৰ, কঁহুৱা এইবোৰ চাই চাই উভতি আহোতেই বেলি দুপৰ হল, গা-টো ধুই ভাত খাই মামাহঁতৰ দ্ৰয়িং ৰুমতে থকা বিচনা খনতে এনেয়ে বাগৰ এটা দিও বুলি পৰিলোঁ, কবই নোৱাৰিলো কেতিয়া যে আহি টোপনীয়ে হেচা মাৰি ধৰিলে, কিছু সময়ৰ পাছত মামাহঁতৰ ঘৰলৈ সৰু মামাৰ লগৰ দুজন শিক্ষক আহিল, তেওঁলোকক আনি মামাই সেইটো ৰুমতে চোফা কেইখনত বহুৱালেহি, মামাই মোক জগাই দিবলৈ বিচাৰিছিল কিন্তু মামীয়ে কলে সি ভাগৰত আহি শুইছেহি শুৱক দিয়ক তাক নজগাব ।

মামাই মোক নজগালে…….মোৰ টোপনী গধুৰ হৈছিল বাবে মই এইবোৰ একো গমেই নাপালোঁ, ধনীয়া ছোৱালী এজনীৰ লগত ৰঙা নীলা ফুলৰ মাজে মাজে হিন্দী চিনেমাৰ কাইদাৰে নাচি নাচি গীত তালে তালে ঘুৰি ফুৰিছো, তাইৰ সেন্দুৰীয়া গাল দুখনিত হাঁহিলেই টোল পৰে, এক অপূৰ্ব্ব, সাইলাখ অপেশ্বৰী, যেন স্বৰ্গৰ পৰা চিধাই কতো নোৰোৱাকৈ মোৰ সন্মুখত আহি নামিছে, ৰ লাগি চাই আছিলো…কিন্তু এয়া কি তাই যে মোলৈ এটি মিঠা হাঁহি মাৰি লাহে লাহে দুৰলৈ গৈ আছে, ক্ৰমাত নেদেখা হ’বলৈ ধৰিছে, আৰু মই তাইক হেৰুওৱাৰ ভয়তে ৰিঙিয়াই মাতিছো তুমি নাযাবা……তুমি নাযাবা…মোক এৰি থৈ অকলে, এইবুলি তাইলৈ হাত মেলি মাতিবলৈ ধৰোতেই…..মই বাগৰ সলাই বিচনাৰ পৰা ধপচকৈ বাগৰি পৰিলো আলহী কেইজনৰ সন্মুখতে…….সাৰ পাই দেখো তেওঁলোকে মোলৈ বিষ্ময়েৰে চাই হাঁহি আছে। মই থতমত খাই গলো, একো ধৰিব পৰা নাছিলো পাছতহে গম পালো মই পৰিলো তাৰমানে, এক মূৰ্হুত্বও পলম নকৰি ভিতৰলৈ দৌৰ মাৰিলো, গৈ মামীহঁতক খঙতে বকিলো…বোলো মোকতো জগাই দিব লাগে, আলহী আহিছে যেতিয়া, আলহিৰ আগতে শুই আছো মই, কি ভাবিছে চাগৈ আলহীয়ে, ভবাতো পাছৰ কথা এতিয়া ধপচকৈ পৰি কিমান লাজ পালো মইহে জানো………মামীয়েও পাৰে মানে হাঁহিবলৈহে ধৰিলে, মোৰ খঙ দুগুনে চৰিল। তেতিয়াৰে পৰা নিজেই সাৱধান হলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments