হতাশাৰপৰা প্ৰত্যাশালৈ -পৰিস্মিতা বৰদলৈ

“হতাশা” এক মানসিক ব্যাধি৷ ই অক্টোপাছৰ দৰে আমাক এনেভাৱে মেৰিয়াই ধৰে যে আমি তাৰপৰা নিস্তাৰ পোৱাটো দুঃসাধ্য হৈ পৰে৷ হতাশাই আমাক ভিতৰি ভিতৰি কুটি কুটি খাই আমাক অন্তঃসাৰশূন্য কৰি তোলে৷ কেতিয়াবা এনেও হয় যে হতাশাত ভুগি মানুহে নিজৰ অমূল্য জীৱনটোকে নিঃশেষ কৰি দিব খোজে৷ পাচে এই হতাশানো কিয় আহে আৰু তাৰপৰা পৰিত্ৰাণ পোৱাৰ কিবা উপায় আছেনে৷ যদি আছে সেই উপায় কি? এই সকলোখিনি কথা ফঁহিয়াই চোৱাৰ প্ৰয়াসেৰে এই চমু নিবন্ধটো, য’ত আমি কেইটামান বাস্তৱ উদাহৰণ দাঙি ধৰিম, যি সকলে হতাশাক জয় কৰি জীৱন সমৰত অগ্ৰগামী হৈছে আৰু সেই যাত্ৰাক আমি নামকৰণ কৰিব পাৰোঁ “হতাশাৰপৰা প্ৰত্যাশালৈ” বুলি৷ তেওঁলোক কোনো বিখ্যাত ব্যক্তি নহয়, কোনো জনপ্ৰিয় লোকো নহয়, তেওঁলোক আপোনাৰ মোৰ দৰেই সাধাৰণ মানুহ৷ যাৰ সপোনবোৰ সৰু, সৰু, আশাৰ জখলাডালো আকাশলংঘী নহয়, মাথোঁ বিশাল মনেৰে, দৃঢ়তাৰে সৈতে তেওঁলোক সুখসন্ধানী ব্যক্তি, যি মৰুভূমিৰ বলুকাৰাশিৰ মাজতো মৰূদ্যানৰ আৱিষ্কাৰৰ বাবে চিৰআগ্ৰহী৷

কবিয়ে কৈ গৈছে,
“প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়
যি দুখৰ ৰ’দত পোৰা নাই
জুৰুলিজুপুৰি হোৱা নাই দুখৰ বৰষুণত
যি শংকিত হোৱা নাই
ভাগ্যৰ সৈতে যুঁজি
এখন্তেক ক্লান্ত হোৱা নাই
ভালপোৱাই যাক ব্যাকুল কৰা নাই
অপেক্ষাই যাক উদ্বাউল কৰা নাই
যাৰ বাবে নদীবোৰ মাথোঁ নদী
শিলবোৰ মাথোঁ শিল
যাৰ বাবে সমগ্ৰ পৃথিৱী মাথোঁ মাটিৰ ভূগোল
যিজনে মানুহৰ শোভাযাত্ৰাত
চামিল হ’বলৈ শিকা নাই
তেওঁৰ বাবে সুখো
একধৰণৰ দুখ৷ ”

সঁচাকৈ আমাৰ জীৱন সংগ্ৰামৰ প্ৰতিটো ঢাপেই কণ্টকাকীৰ্ণ হ’ব পাৰে, কিন্তু তাৰ অৰ্থ এয়াই নহয় যে মসৃণ পথ আমি বন্ধাই ল’ব নোৱাৰিম৷ তমসাৰ পাছতে পোহৰৰ সন্ধান পোৱা যায়৷ হতাশাৰ ডাৱৰৰ মাজতো আশাৰ এগচি বন্তিয়ে আমাক বাট দেখুৱাই আগুৱাবলৈ৷
কেইগৰাকীমান হতাশাৰপৰা প্ৰত্যাশামুখী হোৱা ব্যক্তিৰ বাস্তৱ জীৱনৰ অভিজ্ঞতা তেওঁলোকৰ মুখৰপৰাই বৰ্ণোৱা হ’লঃ
অভিজ্ঞতা-১)নিয়ৰ জন্মৰ পাছৰে কথা৷ ঠিক পাছৰে বুলিলেও ভুল হ’ব৷ নিয়ৰ জন্মৰ ছয় সাতমাহমানৰ পাছৰ কথা৷ সেই সময়চোৱাত মাতৃত্বৰ মিঠা অনুভৱেৰে মন, মগজু আন্দোলিত হৈ থকাৰ সমান্তৰালভাৱে মোক এক প্ৰকাৰ হতাশভাৱে আচ্ছন্ন কৰি ৰাখিছিল প্ৰতি মুহূৰ্তত৷ হতাশাৰ উৎপত্তিৰ উৎসটো ক’ত আছিল সেই বিষয়ে মই নিজেও ঠাৱৰ কৰিব পৰা নাছিলো৷ এইবিষয়ে বেলেগৰ আগতো ক’ব পৰা নাছিলো যিহেতু নিজেই যদি কাৰণ তথা উৎসৰ বিষয়ে সন্দিহান, আনৰ আগত কোৱাৰো যুক্তি নাছিল৷ যিহেতু মই মৰ্মে মৰ্মে এটা কথা উপলব্ধি কৰোঁ যে নিজেই নিজক যদি আমি নাজানো বা নিচিনো তেন্তে বেলেগে কিদৰে আমাক চিনি পাব বা জানিব, বুজিব? শেষত বহুসময় আত্মবিশ্লেষণৰ জৰিয়তে বুজি পালো মোৰ অস্থিৰতা তথা নৈৰাশ্যৰ উৎস ক’ত?

আচৰিত হ’লেও সঁচা কথা যে নিয়ৰৰ জন্মৰ পাছৰেপৰা মই এনেভাৱে ঘৰৰ কাম আৰু তাৰ প্ৰতিপালৰ মাজত নিমজ্জিত হৈ গ’লো যে এখোজো লৰচৰ কৰিব নোৱাৰা হ’লো ঘৰৰপৰা৷ আনহে নালাগে দুখোজ আঁতৰত থকা পাৰ্লাৰখনত চেলাউৰি কেইডাল ঠিক কৰি আহিবও নোৱাৰা হ’লো৷ ঘৰৰ সন্মুখৰ দোকানখনৰপৰা চেনিটেৰী পেডটো কিনিবলৈ বুলিও আঁতৰিব নোৱাৰা হ’লো৷ এনেকুৱাও নহয় যে মোৰ শৰীৰ দুৰ্বল আছিল বা তেনে কিবা বেলেগ কথা আছিল৷ কিয়নো তেনে হোৱা হ’লে হাস্পতালৰপৰা ৰিলিজ লৈ অহাৰ দিনাৰেপৰা কোনো কাম কৰা মানুহৰ সহায় নোলোৱাকৈ কেঁচুৱাৰ কাপোৰকানি ধোৱাৰপৰা আৰম্ভ কৰি সকলো নিজহাতেই কৰিছিলো৷ আনকি মোৰ মনত আছে নিয়ৰৰ তিনিমাহমান হ’লত কিবা কাৰণত আমাৰ ঘৰৰ পাৰ্ট টাইম কৰা মানুহজনী অহা বন্ধ কৰিছিল আৰু সেই সময়চোৱাত নিয়ৰ শুই থাকোঁতেই মই ঘৰ মচাৰপৰা সকলো কৰিছিলো৷ মাত্ৰ পাকঘৰৰ কামখিনিত বেছিকৈ লাগিবলগীয়া নহৈছিল৷ তলপেটত ভৰ দি ঘৰ মচাৰ বাবে মোৰ অপাৰেচনৰ পাছত ফুলি থকা পেটটো আগৰদৰে চেপেটা হৈ গৈছিল, সেইটো বাৰু এটা ধনাত্মক দিশো আছিল৷ বাৰু কামৰ কথা বাদ দিলো৷ কাম কৰি মই বেয়া নাপাইছিলো৷ আগতে ঘৰত থাকোঁতেও দেওবাৰবোৰত মই “চাফাই মন্ত্ৰী” বনি গৈছিলো৷

আচল কথা আছিল মই আছিলো আগৰেপৰা স্বাধীনচিতীয়া৷ ডিগ্ৰী পাছ কৰাৰ পাছৰেপৰাই উপাৰ্জন কৰি ঘৰ চলাইছিলো৷ হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকাৰেপৰা টিউশ্যন কৰি সকলো খৰচ গোটাইছিলো৷ অকলে অকলে সকলো কাম কৰিছিলো৷ বেংকত কৰি থকা কালচোৱাত কলকাতালৈকে অকলে অকলে গুচি যোৱা ছোৱালীজনী যেতিয়া দিনৰ পাছত দিন ঘৰটোৰ ভিতৰত আৱদ্ধ হৈ থকাৰ পৰিস্থিতি আহি যায়৷ তেতিয়া এক হতাশাই বেৰি ধৰিছিল৷ ঘৰৰ কোনেও এই বিষয়ে গম পোৱা নাছিল৷ যিহেতু বাহিৰৰপৰা মোৰ ভিতৰৰ অৱস্থা অনুমান কৰাটো সহজ নাছিল৷ কোনেও কথাটো ভাবিবলগীয়া আছিল বুলিও ভবা নাছিল হয়তো৷ এওঁৰ লগত আলোচনা কৰোঁ বুলি ভাবি কেতিয়াবা মুখখন মেলিলেও তেওঁ যেন ইয়াক লৈ বিশেষ দ্বিধাগ্ৰস্ত নাছিল৷ ঠিক সেইসময়তেই মই নিজক বিচাৰিবলৈ শিকিলো৷ মনলৈ অহা টুকুৰাটুকুৰ ভাৱবোৰ লিখিবলৈ ল’লো৷ আৰু লাহেলাহে চোন মোৰ মনৰ আকাশৰ কলীয়া ডাৱৰবোৰ আঁতৰি যাবলৈ ধৰিলে৷

কোনোদিনেই লেখিকা হোৱাৰ বাসনাৰে হাতত কলম তুলি লোৱা নাছিলো যদিও এদিন সেই কলমটোৱেই মোক আশ্বস্ত প্ৰদান কৰিব পৰা হ’ল৷ এতিয়া আগৰদৰে ডাৱৰ নাই মনৰ মাজত৷ কলমটোৰ বাবেই মই আজি “ৰশ্মিতা শৰ্মা”(ছদ্মনাম)বুলি আপোনালোকৰপৰাও মৰম বুটলিব পাৰিছো৷ লাগিলে এমুঠি মানুহেই চিনি পাওক মোক৷ কিন্তু এই পৰিচয় মই এক যাত্ৰাৰপৰা লভিছো, যি যাত্ৰা আছিল “হতাশাৰপৰা পৰা প্ৰত্যাশালৈ”৷

অভিজ্ঞতা-২
মাষ্টাৰ ডিগ্ৰী কৰি উঠিও এটাৰ পাচত আনটোকৈ ইণ্টাৰভিউ দি দি একো সংস্থাপন নোপোৱাত নিৰাশাই আৱৰি ধৰিছিল মোক৷ এনে নহয় যে একেবাৰেই চাকৰি পোৱা নাছিলো৷ কিন্তু যি পাইছিলো মোৰ “কেৰেলাতকৈ গুটি দীঘল”অৱস্থাৰ দৰেহে হৈছিল৷ অৱশেষত নিজৰ মনটো বান্ধি অ’ত ত’ত দুই এটা টিউচন গোটালো৷ সেই সময়তে চৰকাৰৰ কিবা আঁচনিৰ অধীনত বিনামূলীয়াকৈ কম্পিউটাৰৰ ক’ৰ্চ এটাও শিকি পেলালো৷ এদিন হঠাতে এজন দেৱতুল্য মানুহ লগ পালো যাৰ লগত বাৰ্তালাপৰ জৰিয়তে মই এটা তেনেই সৰু চাকৰি পালো৷ সৰু মানে দৰমহা পাতি একেবাৰেই কম৷ কিন্তু কেতিয়াবা মানুহৰ জীৱনত এনে হয় যে এখন দুৱাৰৰ তলা খুলিব পাৰিলে, ঘৰটোৰ বাকীবোৰ দুৱাৰো খোল খাই যায়৷ মোৰ বাবে যেন এই চাকৰিটোও তেনে আছিল৷ তাত কিছুদিন কৰাৰ পাচত সৌভাগ্যক্ৰমে আন এটা চাকৰিৰ সন্ধান পাওঁ আৰু ক্ৰমান্বয়ে মোৰ পদোন্নতিৰ ফলস্বৰূপে আজি বহুত টকাপইচা নাথাকিলেও অন্ততঃ ঘৰখন চলাই নিব পৰাকৈ মই সক্ষম৷ আজি সেই নিৰাশাবোৰ নাই৷ মোহ আশা আছে এদিন মই মোৰ সাঁচতীয়া টকাৰে স্বাৱলম্বী হোৱাৰ দিশত খোজ দিম৷ নিজাকৈ কিবা এটা কৰিলে মোৰ দৰে আন দহজনকো সংস্থাপনৰ বাট দেখুৱাব পাৰিম বুলি মোৰ বিশ্বাস৷

অভিজ্ঞতাঃ৩
নীলা বৰণৰ কভাৰটোৰ ভিতৰত আৱদ্ধ হৈ থকা কাগজকেইখিলাই কঢ়িয়াই আনিছিল সেই খবৰটো৷ মোৰ ল’ৰাই, মোৰ মানুহজনে কথাবোৰ লুকুৱাই ৰাখিছিল মোৰপৰা৷ পাছে সূৰ্যটো জানো কোনোবাই ঢাকি ৰাখিব পাৰে? এদিন নহয় এদিন সূৰ্যৰ পোহৰৰ দৰে সত্য কথাবোৰো পোহৰলৈ আহিবই৷ মৃত্যু চিৰন্তন৷ একেদৰে তাৰ লগত জড়িত ব্যাধি আদিও চিৰন্তন, তাক নোহোৱা কৰিব পৰা নাযায়৷ চিৰাচৰিত নিয়মবোৰৰ ভিতৰত অৱধাৰিত সত্যবোৰ কেতিয়াবা নিষ্ঠুৰ হয়৷ পাছে আমি এই সত্যৰ সন্মুখীন নোহোৱাকৈ থাকিমনে? বা পাৰিমনে থাকিব? চাপৰিলে জানো মেঘ আঁতৰি যায়? মোৰ শৰীৰত ক্ৰমান্বয়ে বাহৰ পাতিবলৈ ধৰা ৰোগটোৱেও তাৰ উপস্থিতি মোক সময়ে সময়ে সোঁৱৰাই থাকিলে৷ পাছে মই হতি নগ’লো৷ শৰীৰৰ হাজাৰ প্ৰতিকূল অৱস্থাক অতিক্ৰমি মই জী বলৈ শিকিলো প্ৰতিদিন, প্ৰতি মুহূৰ্ত৷ আগতকৈও যেন মই বেছি কাৰ্যক্ষম হৈ পৰিলো৷ খোৱা-বোৱা, শোৱা, ঔষধ লোৱা আদিৰ নিত্যনৈমিত্তিক কামৰ লগতে মোৰ ভিন্ন ৰুচিসমূহ পূৰণ কৰিবলৈ ধৰিলো সাধ্যানুসাৰে৷ ফুলনি পতা, নাতিহঁতক সাধু কোৱাৰ লগতে বোৱাৰীহঁতকো থলুৱা ৰেচিপিবোৰ শিকাইচোন আনন্দ লভা হ’লো৷ এতিয়া মাজেমাজে অসুস্থ হৈ পৰিলেও মই মনেৰে ইমান বেছি সাহসী হৈ পৰিলো যে অক্টোপাছৰ দৰে মেৰিয়াই ধৰিব নোৱাৰেহি মোক সেই সৰ্বগ্ৰাসী বেমাৰটোৱে৷ হতাশ হৈ পৰিছিলো ঠিকেই৷ এনেকুৱাও লাগিছিল যে মোৰ সময় সমাগত৷ “জী থাকিনো কি কৰিম”এনে ভাৱো নহাকৈ নাছিল৷ পাচে আজি মই ভাবোযে যাৰ সময় যেতিয়ালৈকে নিৰ্ধাৰিত কৰা আছে সেইমতেই হ’ব, সেইবুলি আমি জীয়াই থকাৰ স্পৃহা কমামনে? আমি জীয়াই থকালৈকেই আমাৰ জীৱন নহয়, জীৱন থকালৈকে কৰা কামবোৰেই আমাক মৃত্যুৰ পাচতো জীৱন দিয়ে৷ গতিকে মই আজি হতাশাক অতিক্ৰমি প্ৰত্যাশাক ধাৰণ কৰিছো মোৰ মনত, মোৰ প্ৰাণত৷

ওপৰত উল্লিখিত তিনিওটা অভিজ্ঞতাই বাস্তৱ৷ তিনিটা ভিন্ন অভিজ্ঞতাই আমাক শিকায় কিদৰে আমি হতাশাক প্ৰতিহত কৰিব পাৰোঁ, কিদৰে হেজাৰ দুখৰ ধুমুহাক নস্যাৎ কৰিব পাৰোঁ৷ প্ৰকৃততে যি বগাই পাইছে দুখৰ পাহাৰ, যি আঁচোৰ খাইছে কাঁইটিয়া বাটৰ কাঁইট কেৱল তেৱেঁই সুখৰ এজাক কিনকিনিয়া বৰষুণতো কাগজৰ নাও খেলি সুখ বুটলিছে, আশাৰ চাকিগচি ধিমিকধামাককৈ হ’লেও জ্বলাই ৰাখি পোহৰৰ সাধনাত ব্ৰতী হৈছে৷ এই যাত্ৰাত তেওঁ আত্মাৰ আস্থাক সহচৰ কৰি লৈছে কিয়নো এই যাত্ৰা হতাশা ফালি আশাৰ দিশলৈ ধাৱিত, চিৰপ্ৰবাহিত নদীৰ দৰেই ক্ৰমাগত৷

One thought on “হতাশাৰপৰা প্ৰত্যাশালৈ -পৰিস্মিতা বৰদলৈ

  • June 18, 2019 at 11:03 am
    Permalink

    হয় পৰিবা,ভাল পালো পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!