হ’ব পাৰে.. (চিৰঞ্জীত দত্ত)
(১) “হ’ব পাৰে কোনো গাভৰুৰ শোকভৰা কথা/
হ’ব পাৰে কোনো আইতাৰ নিশাৰ সাধুকধা/
হ’ব পাৰে কোনো ‘ৰংমণ’ৰ কঠীয়াতলীৰ বেথা/
চিনা চিনা সুৰটি চিনিব নোৱাৰোঁ /
প্ৰতধ্বনি শুনোঁ….”
(২) “পৰহি পুৱাতে তুলুঙা নাৱতে ‘ৰংমণ’ মাছলৈ গ’ল….”
(৩) “ৰঙা পাহাৰৰ মাটি কাটি/
খাচি কৃষকে খাটে দিনে ৰাতি/
ভৈয়ামৰো খেতিৰ হেজাৰ ‘ৰংমণে’/ আঁকোৱালি ধৰিছে একেই কৃষকক/
হে হে ঢোলে দগৰে/
হে হে হিয়াৰ উমেৰে/
নেদেখা এনাজৰীৰে/
বাণ্ধো আমি
পাহাৰ শিখৰৰ মহান চিয়েমক…”
ডঃ ভূপেন হাজৰিকা দেৱৰ অতি জনপ্ৰিয় তিনিটা বেলেগ বেলেগ গীতৰ অংশবিশেষ সেয়া । আটাইকেইটি গীতৰ মাজত থকা যোগসূত্ৰটো হল এটি উমৈহতীয়া চৰিত্ৰ যাৰ নাম “ৰংমণ” !!!
এইখিনিতে জুবিনৰ এটি জনপ্ৰিয় গীতৰ কলি এফাকিও আওৰাইছোঁ ..
“চুবুৰিৰ ‘ৰংমণ’ ওভটি আহিলে ককালৰ খালৈটি পূৰাই/
খলিহনা পুঠি আৰু গৰৈ চেঙেলী দেখি মোৰ দেহা জ্বলি যায়…” (অ’ মোৰে ল’ৰাৰ মাক, মাছলৈ যাওঁ নাখাওঁ শুদা ভাত) !!!
অসমীয়া গীতত ইমান কেইজন ‘ৰংমণ’ !!
…. বোধকৰো চহা হোজা, শ্ৰমজীৱি অসমীয়া গাঁৱলীয়া ডেকাৰ চৰিত্ৰ এটাত শুৱাই পৰাকৈ ‘ৰংমণ’তকৈ উপযুক্ত অন্য নাম চাগে নাই !!