হাঁতোৰা (দীপম বর্মন)

দুটি হাঁতোৰা,
এটিয়ে মূৰত মাৰে
আনটোৱে মূধচ গঢ়ে।

তাহাঁতৰ নিমপাতে
যদি তিতা নেৰে,
আমাৰ মৌৱেনো কিয়
মিঠা এৰিব?

এই ধৰা সৰগ-নৰক ;

মোৰ আধা তোমাৰ আধা,
কিহৰ টনা-আঁজোৰা ?

ভালপোৱাৰ বুৰঞ্জী লিখে কবিয়ে;
তথাপিও বুৰঞ্জীবিদ নাম নাপায়!
আপুনিও বুৰঞ্জী লিখে নে?

ফুটবল এটি,
প্রচণ্ড আঘাত
ইফালৰ পৰা সিফাল;
লক্ষ্য আনৰদ্বাৰা চালিত।
ইফালেও গ’ল, সিফালেও গ’ল! (গ’ল=Goal)

বৰষুণ মোৰ প্রিয়
আপুনি ভাল পায় ৰ’দ।
দুয়োৱে মিলি ৰামধেনু নগঢ়োঁ কিয়?

তেজ দেখি মূৰ ঘূৰাই,
র্কফাল খাই পৰে কণবাপু।
সেই তেজকে গৰম কৰি আগুৱাই কণবাপু!

নিয়তিক প্রত্যাহান,
বিভোৰ বেপেৰুৱা খোজ।
তথাপিও সংগ্রামী!

পৃথিৱীৰ নিয়ম কানুন,
গৰম মেজাজ
বুকু ঢকা চাদৰ;
কিন্তু প্রেম অপাৰ।

ভাল ভাল কৈ বেয়া হ’ল ল’ৰা।
নষ্ট চিন্তা
মিছা কথা!
ভুলক সাৰথি কৰি ভোককলৈ চলালে জেহাদ ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!