হাইকু বিশেষ

-অনুভৱ বৰুৱা
শীতৰ হাইকু
১.
 
শীতৰ আবেলি
বেলিয়ে চুমিলে কুঁহিপাত
পশ্চিমত কণীৰ কুহুম

হেমন্তৰ হাইকু
২.
 
সৰাপাতৰ পদুলিয়েদি
গৰখীয়াই উকিয়াই যায় গধুলি
কাঁচিজোনৰ মিচিকনি
 
গ্ৰীষ্মৰ হাইকু
৩.
 
জেঠৰ ভৰ দুপৰীয়া
জিৰ্ জিৰ্ বতাহে কঁপাই বাঁহৰ পাত
পথাৰত বোকাৰ গোন্ধ
 
 
গ্ৰীষ্মৰ হাইকু
৪.
 
বতাহচাতি শুই আছিল
গৰখীয়াৰ সৈতে আঁহতৰ ছাঁয়াত
নিৰ্মম বেলিৰ প্ৰহাৰ
 
 
 
বাৰিষাৰ হাইকু
৫.
পলসৰ কেঁচা গোন্ধ
নগা পাহাৰৰ জেং বোকা
জাঁজি নৈৰ বুকুত
 
শৰতৰ হাইকু
৬.
শেৱালি ফুল সৰিল
হীৰাখচিত দুবৰিৰ দলিচাই
স্বাগতম জনাই পুৱাক
 
 
 
 
বসন্তৰ হাইকু
৭.
নাহৰ ফুলৰ সুবাসত
স্নান কৰি বিহ্বলা সেউজ ধৰিত্ৰী
মৌ মাখিবোৰ বিতত
 
 
বাৰিষাৰ হাইকু
৮.
গৰুৰ নেগুৰত ধৰি
কনপিতৌৱে মৈত উঠি কিৰিলিয়াই
পুঠি মাছ উপঙে বোকাত
 
৯.
নীলা কাগজৰ ওপৰত
লঠঙা গছবোৰে আঁক বাঁক কৰে
শীতৰ প্ৰগলভ আকাশ
১০.
মচমচীয়া সৰাপাতে
শিলচতাৰ ওপৰত পাতে শয্যা
মাঘৰ এটা গধুলী
 
 
 
১১.
ধুঁৱলীময় শীতৰ সন্ধ্যা
আভৰনহীন প্ৰেমিকৰ মেল
চেগুণ গছৰ হাবি
 
১২.
শৰতৰ নীলা আকাশ
শুকুলা ভেড়াজাক দৌৰি যায়
জোনবাইক চুই চায়
 
১৩.
কিন্ কিনিয়া বৰষুণ
সৰু সৰু ৰঙা নীলা আকাশ
কণ মইনাহঁতৰ ওপৰত
 
১৪.
জুই জ্বলিছে
লঠঙা সোনাৰুৰ ডালত
হালধীয়া পদুলি
 
 
১৫.
গছৰ ডালৰ পৰা
গলি গলি সৰি পৰে ক’লাবোৰ
পূৰ্ণিমাৰ জোনে মিচিকিয়াই
 
১৬.
জুৰিয়ে চিকমিকাই
মুখত এমোকোৰা জোনৰ পোহৰ
দাপোণত নাৰ্চিচাছ
 
 
১৭.
শীতৰ পুৱাৰ বেলি
কুঁৱলীত ওলমি থকা ৰঙা বেলুন
মানস পটৰ প্ৰেয়সী
 
১৮.
মৃদু বতাহত চঞ্চল
কুঁৱলীবোৰে ফুচফুচাই গছৰ পাতত
নদীত বিগলিত দলং
 
১৯.
ফাগুণৰ ৰ’দালিয়ে
উকা কোঠাত সেপিয়াই চালে
দুৱাৰত খেৰৰ ছাঁয়া
 
২০.
শীতৰ প্ৰগলভ ঠান্ডা
লঠঙা গছবোৰে হাত প্ৰসাৰে
হেঙুলীয়া গৰম আকাশলৈ
২১.
বেলিটো লুকাই আছে
ডাৱৰে আবৰা তোমাৰ দুচকুত
ক’লা গোমে ফুচফুচাই
 
২২.
মম গলা ৰাত্ৰি
মায়াময় আন্ধাৰে দলং সাজে
তোমাৰ মোৰ কলং নৈত
 
 
২৩.
কফিৰ কাপত লহৰ তুলি
খিলখিলাই হঁহা তোমাৰ গাল
এমোকোৰা বাৰ্গাৰ
 
 
 
 
 
–অনুপম  কলিতা
হাইকু ১
 
কুৱলীৰ আৱৰণ ফালি
পুৱাৰ বেলিয়ে মিচিকিয়াই
সিক্ত দুৱৰিয়ে প্ৰাণ পায়
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!