হাতকেৰেয়া (স্যামন্ত কুমাৰ গোস্বামী)
নিশা প্রায় ১১ বজা । চাৰিওপিনে নিতাল-নিস্তব্ধ । ক’তো এটিও জনপ্রাণী দেখিবলৈ নাই । ওচৰে পাজৰে কুঁ-কুঁৱাই ঘূৰি ফুৰা কুকুৰ পোৱালীকেইটা মাকৰ উমাল বুকুত আশ্রয় লৈছে । কিছুপৰ আগলৈকে চিঁ চিঁয়াই থকা উইচিৰিঙাকেইটাও চাগে টোপনি গ’ল । নিশাৰ নিস্তব্ধতা ভেদি চেকুৰ মেলিছে এখন ক’লা ৰঙৰ তীব্র বেগী স্ক’ৰপিও গাড়ীয়ে । কেঁকুৰি এটা পাৰ হৈ কিছুদূৰ গৈ ধূলি উৰুৱাই গাড়ীখন ৰৈ গ’ল । নামি পৰিল তিনিটা ছাঁয়ামূর্ত্তি । পিন্ধনত অ’ভাৰকোট, মুখত মুখা । বাওঁপিনৰটোৱে ফুচফুচাই সুধিলে “কোনফালে ?” । মাজৰটোৱে মুখেৰে একো নামাতি বাওঁপিনৰ সৰু গলিটোলৈ আঙুলিয়াই দেখুৱালে । তিনিও খৰ খোজেৰে সেইপিনে অগ্রসৰ হ’ল । কিছুদূৰ গৈ মাজৰ ছায়ামূর্ত্তিটোৱে আগে আগে গৈ থকা সত্তোৰোর্ধৰ লোকজনলৈ আঙুলিয়ালে । আন দুজনে খৰ খোজেৰে তেওঁক অনুসৰণ কৰিবলৈ ল’লে । মাজৰটোৱে ইতিমধ্যে উলিয়াই ল’লে এটা নাইন এম এম পিষ্টল । অতি সন্তর্পণে তাত চাইলেঞ্চাৰটো লগালে । আন দুজনে গৈ সেই বিশেষ ব্যক্তিজনক আগচি ধৰিলে আৰু ইজনে তেওঁৰ মূৰত পিষ্টলটো লগাওতেই দ্বিতীজনে পিছমূৰত কিবা এটাৰে প্রচণ্ড মাৰ এটা মাৰিলে । মানুহজনে মুখেৰে শব্দ এটাও কৰিবলৈ নাপালে, নিথৰ দেহটো নিমিষতে ঢলি পৰিল ।
: ইয়েছ..
: ………..
: হোৱাট?
: মোষ্ট প্রবেবলি চুইচাইড কেচ ছাৰ ।
: এড্রেছ??
: ……..
: অ’কে, আই উইল বি দেয়াৰ আফটাৰ এ হোৱাইল ।
ooooooooooooooooooo
ক্রাইম ব্রাঞ্চৰ অফিছাৰ বিক্রম চেতিয়াৰ গাড়ীখন ছমহলীয়া অট্টালিকাটোৰ সন্মুখত ৰ’লহি । গে’টখন খোলাই আছিল । এজন কনিষ্টবলে তেওঁক ভিতৰলৈ লৈ গ’ল । ড্রয়িং ৰুমৰ মাজেৰে গৈ শোৱনি কোঠালৈ আৰু তাৰপৰা পিছপিনৰ খালি ঠাইডোখৰলৈ । মাজতে পৰি আছে ৰক্তাক্ত দেহটো । মূৰটো প্রায় থেতেলা হোৱাৰ দৰেই হৈ গৈছে । বিক্রমে চাৰিওফালে এবাৰ মনযোগেৰে চকু ফুৰালে । ওপৰলৈ চাই পঞ্চম মহলাৰ চাদৰ পৰা পৰি মৃত্যু হোৱা যেন লাগে । বডিটোৰ পিন্ধি থকা কাপোৰৰ পকেটত তেওঁ এবাৰ হাত ফুৰাই চালে । লগত আছিল পোহনীয়া কুকুৰ ৰকি । শোৱনি কোঠালৈ আহি দেখিলে টেবুলৰ ওপৰত সিঁচৰতি হৈ পৰি আছে কাগজ কিছুমান । এচুকত সৰু থাল এখনত কৃত্রিম দাঁত এযোৰ । তেওঁ টুইজাৰ এডালেৰে ধৰি পলিথিনৰ সৰু মোনা এটাত ভৰালে । ওচৰতে বেৰৰ কাষতে থকা এচুকৰ স্লেব এখনত এখন এছ্ট্রে । ড্রয়াৰটোৰ কাষত এটা সৰু জাবৰৰ টিন । এনেতে ৰকিয়ে কিবা এটা কামুৰি লৈ আনিলে ।
: ছাৰ, এওঁৰ নাম আছিল মুৰাৰীলাল আগৰৱালা । সেই ‘অগৰৱাল ইনডাষ্ট্রিজ’ৰ মালিক ।
: অ’ কে… বডিটো প্রথমতে কোনে দেখিছিল?
“এওঁ ছাৰ” এইবুলি চাব ইঞ্চপেক্টৰ বৰুৱাই কাষত থিয় হৈ থকা প্রায় পঞ্চাষোর্ধৰ লোকজনলৈ আঙুলিয়াই দেখুৱালে ।
: আপোনাৰ পৰিচয়?
: ছাৰ, মই প্রায় যোৱা বিশ বছৰ ধৰি এখেতক চোৱা চিতা কৰি আছোঁ ।
: কিন্তু আপুনি কিয়? এখেতৰ ৱাইফ বা ল’ৰা-ছোৱালী কোনো নাথাকে নেকি তেখেতৰ লগত?
: তেখেত অবিবাহিত আছিল ছাৰ ।
: অ’হ! আপুনি কেতিয়া দেখিছে প্রথম?
: আজি ৰাতিপুৱা । মই সদায় পুৱা ৬ বজামানত ইয়ালৈ আহোঁ । দিনটো থাকি ৰাতিটো সৌ কাষতে থকা আচাম টাইপ ঘৰটোতে থাকোগৈ । আজি পুৱা আহিয়েই…!
: কিন্তু ছটা বজাতেই দেখিছিল যদি এতিয়ালৈকে পুলিচক জনোৱা নাছিল কিয়?
: নহয় মানে..! হঠাতে দেখি মই কি কৰো কি নকৰো ঠিৰেই কৰিব পৰা নাছিলোঁ ।
: ইমান ওচৰতে থাকিও ৰাতি আপুনি একো শব্দ শুনা নাছিলনে?
: ঠিক মনত নাই । আচলতে সেই কাষৰ সেই সাজি থকা ঘৰটো দেখিছে নহয়? সেইটো হেনো কিবা ইন্দাষ্ট্রি নে কিবা হ’ব । গতিকে দিনে ৰাতিয়ে কাম চলি থাকে । তাত মিস্ত্রীয়ে ইটো সিটো দলিওৱাৰ শব্দ অনবৰতে হৈয়েই থাকে । সেইকাৰণে…
: বাৰু, কালি আপুনি শেষবাৰৰ বাবে কেতিয়া দেখিছিল তেখেতক?
: কালি ৰাতি প্রায় দহ বজাত । তেখেতে ৰাতি ১০ বজামানৰ পৰা সদায় প্রায় এঘন্টা খোজ কাঢ়ে । এঘন্টামান পিছত আহি পায়হি । মই প্রায় ১১:৩০ মান বজাত মূল দুৱাৰখন বন্ধ কৰি দিওঁ ।
: কিন্তু আপুনি কিয় কৰে? তেখেতে নিজে নকৰে কিয়?
: ছাৰ, তেওঁ হাতেৰে একো কৰিব নোৱাৰে । পাঁচ বছৰমান আগতেই পেৰালাইছিছ হৈ দেহৰ ওপৰৰ অংশটোৱে কাম নকৰা হৈছিল । চিকিৎসাৰ ফলত ভালেখিনি ঠিক হৈছিল, কিন্তু এতিয়াও হাত দুখন সম্পূর্ণকৈ ঠিক হোৱাগৈ নাছিল । সেইবাবেই ডাক্তৰে তেওঁক খোজকঢ়াৰ লগতে আন কিছুমান ব্যায়ামো কৰিবলৈ দিছিল ।
: কিবা অস্বাভাবিক যেন দেখিছিল নেকি বাৰু আপুনি কালি?
: নাইতো! তেনে একো দেখা নাছিলোচোন । অৱশ্যে তেখেতে ধাৰৰ কিছু টকা দিবলৈ বাকী আছিল । তাকে নিবলৈ বুলি কেইজনমানে তেওঁক মাজে মাজে দিগদাৰ দি নথকা নহয় । দুই এষাৰ বেয়াকৈও কৈছিল কেতিয়াবা । কালিও আহিছিল ।
: কাৰ পৰা লৈছিল?
: ………….
: তেওঁৰ কোনো ওচৰ সম্পর্কীয় লোক নাই নেকি ওচৰে পাজৰে?
: ভাগিন আৰু ভাগিনীয়েক আছে । মাজে মাজে আহি খবৰ লয়হি । আৰু এখেতৰ কোম্পানীৰ বেছিখিনি কাম তেওঁলোকেই চায় । তেওঁলোক অলপ পিছতে পাবহি ।
এনেতে ল’ৰা ছোৱালী এহাল হুৰমূৰকৈ সোমালহি । দুয়োৰে চকুত চকুলো ।
“ৰ’ব, আপোনালোক?” বিক্রমৰ প্রশ্নত তেওলোকে থোকাথুকি মাতেৰে নিজকে আগৰৱালাৰ ভাগিন-ভাগিনীয়েক বুলি পৰিচয় দিলে । দুই এটা চমু প্রশ্ন কৰি পিছদিনা ভালদৰে কথা পাতিব বুলি থিৰ কৰিলে তেওঁলোকে ।
“বাৰু বৰুৱা, বডিটো পোষ্টমর্টেমৰ বাবে পঠিয়াই দিয়ক ।” কথাষাৰ কৈ বিক্রম নিজৰ গাড়ীখনলৈ আগবাঢ়িল ।
ooooooooooooooooooo
এটা সৰু পুৰণি ঘৰ । ঘৰটো দেখি ভিতৰত কোনোবা থাকিব পাৰে যেন নালাগেই । বিক্রম সন্তর্পনে সোমাল । ঢিমিক ঢামাক পোহৰেৰে লাইট এটা জ্বলি আছে । চাৰিওপিনে মকৰাৰ জাল । এখোজ আগুৱাই যাওতেই এটা প্রচণ্ড গোৰ পৰিলহি বিক্রমৰ গাত । টলকিব নোৱাৰি তেওঁ উফৰি পৰিল । পিষ্টলটো চিটিকি কৰবাত পৰিলগৈ । তিনিজন পেশীবহুল যুবক । গাত টেটু কৰা । মাজৰজনে পিন্ধি থকা টী চার্টটো খুলি দলিয়াই দিলে ।
: কোন বে তই? চাল্লা পুলিচেই হবি চাগে । বুঢ়াটো মৰিল বাবে আহিছ? তহঁত পুলিচমখাৰ এয়াই । ইমানদিনে বুঢ়াৰ পৰা পইচা খাই আছিলি চাগে । এতিয়া আমাক দম দিবলৈ আহিছ । পইচা নিদিলে ধৰি নিবি । আৰুনো কি? এনেই মাথা বেয়া হৈ আছে ! ঐ, ফালি দে ইয়াক । থেতেলা কৰি পেলা । বহুত বেছি হৈছে ইহঁতৰ !
দুয়োটাই খৰ গতিৰে অগ্রসৰ হ’ল । বিক্রমে তৎক্ষাণাত থিয় দি এপিনে হাওলি লৈ আনখন ভৰি সজোৰে অর্ধবৃত্তাকাৰে ঘূৰোৱাত দুয়োটা উফৰি পৰিল । এইবাৰ মাজৰটোৱে চোঁচা লোৱাত তাৰো নাকে মুখে সমানে পৰাকৈ ফ্লায়িং কিক এটা সোধালে । নাক ফাটি তেজ ব’বলৈ ধৰিলে । সি টলকিব নৌপাওতেই পেটত পুনৰ দুটা ঘোচা পৰিল তাৰ । সুবিধা বুজি বিক্রমে পিষ্টলটো বুটলি লৈ ‘কক’ কৰিলে ।
“ বোপাইহঁত, দেখিছ নহয়? এইটো পুতলা নহয় । তিনিওটাকে ইমান ফুটা কৰিম, গণি শেষ কৰিব নোৱাৰিবি ।” ওঁঠৰ কাষেৰে বৈ অহা তেজখিনি মচি বিক্রমে ক’লে ।
ooooooooooooooooooooooooooo
টিং টং…
দুৱাৰ খুলি মূৰাৰী আগৰৱালাৰ ভাগিন অজয় আগৰৱালাই বিক্রমক বহিবলৈ দিলে ।
: ছ’ৰি ফৰ দিছটার্বিং ইউ । বাৰু, তেখেতক কোনোবাই ধমকি দিয়া বা তেনে কিবা ঘটনা হৈছিল নেকি?
: সেই পইচা ধাৰে দিয়া কেইজনে মাজে মাজে দিগদাৰি দি থকা বুলি কৈছিল । এইকেইদিন তেখেতৰ অলপ ফাইনেঞ্চিয়েল প্রব্লেম হৈ থকা বাবে ঘূৰাই দিব পৰা নাছিল । দুই এবাৰ ধনদাবীও কৰিছিল হেনো কোনোৱে । কিন্তু কিয় সুধিছে? এইটো আত্মহত্যাৰ ঘটনাহে !
: আই ড’ন্ট থিংক চ’ । ইমান দুর্বল মানুহ এজনে, যিয়ে নিজে দুৱাৰখনো ভালদৰে বন্ধ কৰিব নোৱাৰে, যাৰ আলপৈচান ধৰিবলৈ অনবৰতে এজন মানুহ থাকে, তেওঁ কাৰো সহায় নোলোৱাকৈ পাঁচ মহলালৈ গৈ তেনে কৰিব পাৰিব বুলি বিশ্বাস নহয় । ইট্চ এ মার্ডাৰ ।
: কিন্তু…!
: পইচাৰ কাৰণে মানুহে যিকোনো কাম কৰিব পাৰে মিষ্টাৰ অগৰৱাল । হয়তো পইচাৰ বাবে কোনোৱে, বা আপুনিয়েই…
: হোৱাট? মোৰ কি দৰকাৰ? তেখেতে দেখোন নিজৰ সকলো সম্পত্তি মোৰ নামতে উইল কৰি দি থৈছে ।
“কি??” আশ্চর্য্যৰ দৃষ্টিৰে এবাৰ তেওঁলৈ চাই বিক্রমে সুধিলে “বাৰু, উইলখন চাব পাৰোঁনে?”
ভিতৰলৈ গৈ ফাইল এটা আনি অজয়ে বিক্রমৰ হাতত দিলে । তাত উইলখনৰ লগতে আন কাগজ পত্রও আছিল ।
“ঠিক আছে বাৰু, মই এবাৰ চাই লওঁ । আপুনি কাইলৈ মোৰ অফিছলৈ গৈ এইটো লৈ আনিব । দুই এটা কথাও পতা হ’ব ।”
“হ’ব বাৰু ।” চোবাই থকা চুইংগামটো থুৱাই পেলাই দি তেওঁ ক’লে ।
ooooooooooooooooooo
ওপৰত এটা তীব্র প্রাবল্যৰ বাল্ব জ্বলি আছে । তলৰ চকীত হাত দুখন পিছপিনে বান্ধি থোৱাজনৰ মুখলৈ নিমখ পানী এমগ মাৰি দি লগে লগে হাতৰ লাঠীডালেৰে প্রচণ্ড মাৰ কেইটামান মাৰিলে । সিজনে চিঞ্ৰৰি উঠিল “উঃ, সঁচাই নাজানো মই ।” উৰহৰ খং ভগা ঢাৰিৰ ওপৰত পৰাৰ দৰেই কাষতে তলমূৱাকৈ বান্ধি ওলোমাই থোৱাজনৰ ওপৰতো দুটামান মাৰ মাৰিলে ।
টোৰচাৰ ৰুমটোৰ পৰা ওলাই আহি পানী এগিলাছ খাই বিক্রম বহি পৰিল ।
: ছাৰ…!
: কি হ’ল বে? অ’হ ছ’ৰি, কি হ’ল কোৱা । ধেই, মোৰ মুখখনো মানে…!
“এয়া ছাৰ, ফিংগাৰপ্রিন্ট আৰু ব্লাড ৰিপ’র্ট ।” চাব-ইঞ্চপেক্টৰ বৰুৱাই সৰু ফাইল এটা আগবঢ়াই দিলে ।
“কি !?! ইউ প্লিজ ডাব্ল চেক ইট । কিবা মাইনুট দিফাৰেঞ্চ পালেও জনাবলৈ দিবা ।” ফাইলটো কিছুসময় মনযোগেৰে চাই বিক্রমে ক’লে ।
“মে আই কাম ইন?” দুৱাৰৰ বাহিৰৰ পৰা অজয় আগৰৱালাই সুধিলে ।
“ইয়েছ ইয়েছ, প্লিজ ! হেভ এ চিট ।”
: এই গৰমটো যে মানে…!”
“তাকেই । লওক ।” জুচ এগিলাচ আগবঢ়াই দি বিক্রমে ক’লে ।
“থেংক্চ ! এক মিনিট।” বাহিৰলৈ গৈ চোবাই থকা চুইংগামটো পেলাই আহিল তেওঁ ।
: এটা কথা কওকচোন, আপোনাৰ মোমাইদেৱে লিখা-পঢ়া নাজানিছিল নেকি? ফাইলটোত চোন আটাইবোৰ টিপ চহী !”
: জানিছিল । কিন্তু পেৰালাইছিছৰ বাবেই তেখেতে হাতেৰে….
: অ’ আচ্ছা ।
: …………………
: …………………
ooooooooooooooooooo
“নেহী, মে তুঝে জীবিত নেহী ছোড়ুংগা । য়ে লে চম্ভাল অপনে আপকো !”
স্বর্গ আৰু পৃথিৱীৰ পৰা যোৱা কাড় দুডাল মুখামুখিকৈ খুন্দা লগাত তলৰডাল অর্থাৎ অসুৰৰডাল বার্ষ্ট হৈ গ’ল ।
“এক্সকিউজ মি । আপোনাক দিগদাৰি দিলোঁ নেকি বাৰু?” বিক্রমে পিছপিনৰ পৰা টি. ভি. চাই থকা অজয় আগৰৱালালৈ চাই সুধিলে । লগত তেওঁৰ বন্ধু দুজনমানো আছিল ।
“অ’হ, নাই নাই ।” উচপ খাই উঠি অজয়ে ক’লে “কওকচোন, কিবা শুংসুত্র পালেনে?”
“হয় । সেইকাৰণেই আহিছোঁ ।”
“কথাটো হ’ল, আপুনি কোৱাৰ দৰে আপোনাৰ মামাই আপোনাক সম্পত্তি উইল কৰি দিয়া নাছিল । তাত তেখেতে চহীও কৰা নাছিল ।”
“কি কৈছে আপুনি এইবোৰ? তাত দেখোন তেখেতৰেই চহী আছে। আপুনি নিজেও দেখিছে ।”
“সেইখিনিতেই তো গোলমালটো । সেই টিপচহীটো আপোনাৰ মামাৰ হাতৰ হয়, কিন্তু আপোনাৰ মামাৰ নহয় ।”
“হোৱাট দা হেল ইজ দিচ? কি ক’ব খুজিছে আপুনি? কি প্রমাণ আছে আপোনাৰ?”
“শুনক, সেই চহী তেখেতৰ মৃত্যুৰ পিছত লগোৱা হৈছিল । মগজুত তীব্র আঘাতৰ ফলত মৃত্যু হ’লে মানুহৰ দেহৰ অতি সোণকালে পচন আৰম্ভ হয় । সেইবাবেই আপুনি মোক দিয়া ফাইলখনত থকা আনবোৰ টিপচহী আৰু উইলত থকা চহীটোৰ মাজৰ সামান্য পার্থক্য আছে । সেই কাৰণেই মই কৈছো, সেইটো টিপচহী আপোনাৰ মামাৰ হাতৰহে; আপোনাৰ মামাৰ নহয় । তাৰোপৰি তেখেতৰ উকীলৰ লগত কথা পাতি গম পালোঁ যে তেওঁ নিজৰ সম্পত্তি কোনোবা এটা অনাথ আশ্রমতহে দান দিবলৈ ঠিক কৰিছিল ।”
সেমেনা সেমেনিকৈ তেও বিক্রমৰ মুখলৈ চালে ।
“….তেখেতৰ ঘৰটোৰ পঞ্চম মহলাৰ চাঁদত এটা চোবাই পেলাই দিয়া চুইংগাম পোৱা গৈছিল । দাঁত নথকা মানুহ এজনে চুইংগাম নাখায় । আৰু সেই চুইংগামটোত পোৱা লেলাউটি আপোনাৰ লেলাউটিৰ সৈতে একে । আপোনাৰ চাগে মনত আছে, সিদিনা আপোনাক মই জুচ এগিলাছ খাবলৈ দিছিলোঁ । সেই গিলাচটোত বিশেষ ধৰণৰ ৰাসায়নিক পদার্থ লগোৱা আছিল য’ত আপোনাৰ হাতৰ চাব আৰু লেলাউটি লাগি ৰৈছিল । আৰু কিবা প্রমাণ লাগিবনে আপোনাক?”
হুমুনিয়াহ এটা কাঢ়ি অজয় বহি পৰিল ।
বিক্রমে তেওঁৰ পিনে হাতকেৰেয়াডাল আগবঢ়াই দিলে ।
============================
“জাতীয় সাহিত্য জাতীয় জীৱনৰ ধৰণী মাথোন। যি জাতীয় জীৱন মুক্ত আৰু স্ৱাধীন সেই জাতিৰ সাহিত্যও মুক্ত আৰু স্ৱাধীন।” লক্ষ্মীনাথ বেজবৰুৱা।