হাতৰ আখৰ কিদৰে ভাল কৰিব পাৰি – কন্দৰ্প কুমাৰ নাথ৷
ভাল হাতৰ আখৰ সুন্দৰ মনৰ পৰিচায়ক৷ মই ভাবো সুন্দৰ হাতৰ আখৰৰ প্ৰতি দুৰ্বলতা থকা বেয়া হাতৰ আখৰৰ ব্যক্তিজনো সুন্দৰ মনৰ হ’ব পাৰে৷ সুন্দৰ শব্দটো আচলতে অনুভৱেৰে ঢুকি নোপোৱা বিশাল অৰ্থত ব্যৱহৃত হয়৷ কিন্তু আমি নি:সন্দেহে কব পাৰো ভাল হাতৰ আখৰে অপৰিসীম ধৈৰ্য আৰু পৰিপাটি, সু-শৃংঙ্খল জীৱনৰ ইংগিত বহন কৰে৷ ই শিক্ষাৰে এটা অবিচ্ছেদ্য অংগ৷
মোৰ ব্যক্তিগত অভিজ্ঞতাৰে কওঁ বেয়া হাতৰ আখৰ কাৰো জীৱনৰ ‘ৰাবাৰ ষ্টাম্প’ নহয়৷ যিদৰে আমি জীৱনত বেয়া স্বভাৱ-চৰিত্ৰ সংশোধন কৰি লব পাৰো ঠিক তেনেদৰেই বেয়া হাতৰ আখৰো সংশোধন কৰি আমি সুন্দৰ হাতৰ আখৰৰ অধিকাৰী হব পাৰো৷
বহুতেই মোক ভাল হাতৰ আখৰৰ কৌশল শিকাই দিবলৈও অনুৰোধ কৰে৷ মই নাভাবো যে মোৰ হাতৰ আখৰ বহুত ভাল বা এই বিষয়ত মই এজন বহুত অভিজ্ঞ ব্যক্তি৷ সুন্দৰ হাতৰ আখৰৰ সাধনাত ব্ৰতী মই এজন আজীৱন শিকাৰুহে৷ মই আজিও বিভিন্ন ধৰণেৰে বৰ্ণবোৰৰ সৈতে খেলি থাকো৷ উকা কাগজ পালেই মনলৈ যি আহে তাকেই লিখোঁ, কেতিয়াবা মাটিতেই লিখি দিলোঁ, কেতিয়াবা শূন্যতেই আঙুলিটো ঘূৰাই কিবা-কিবি লিখি দিলোঁ৷ এনেদৰেই আখৰবোৰৰ সৈতে মই খেলোঁ, কথা পাতোঁ৷ আখৰবোৰৰ সৈতে মোৰ ইমানেই বন্ধুত্ব যে মই বিচৰা মতেই সিহঁতেও মোক নিৰাশ নকৰে৷ পোনকৈ লিখো, বেকাকৈ লিখো, পকোৱাকৈ লিখো আনকি অনুশীলন কৰি কৰি মই সাঁচিপাতৰ আখৰৰ শৈলীও কিছু পৰিমাণে আয়ত্ত কৰিছোঁ৷ মোৰ কোনো নিৰ্দিষ্ট হাতৰ আখৰৰ শৈলী নাই৷ প্ৰতিটো শৈলীতেই লেখি মই ভাল পাওঁ৷ যেতিয়াই যিটো প্ৰয়োজন বুলি ভাবো সেইটো শৈলীৰেই লিখোঁ৷ সেইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত হবি৷ সেইবুলি মোৰ হাতত তেনে কোনো যাদুৰ দণ্ডও নাই যে খুব কম সময়তেই মই ভাল হাতৰ আখৰৰ অধিকাৰী কৰি দিব পাৰিম৷ মই মাথোঁ আনে পঢ়িবলৈ অসুবিধা নোপোৱা হাতৰ আখৰৰ কিছুমান কৌশলহে মোৰ অভিজ্ঞতাৰে আপোনালোকৰ লগত ভাগ বতৰা কৰিম৷
পৰিষ্কাৰ হাতৰ আখৰ হ’ল এটা নীৰৱচ্ছিন্ন সাধনাৰ ফল৷ আৰু এই সাধনাত ব্ৰতী হোৱাজন সুন্দৰ হাতৰ আখৰৰ গৰাকী হোৱাটো নিশ্চিত৷
প্ৰথমতে মই ভাবো ভাল হাতৰ আখৰৰ গৰাকী হবলৈ ব্যক্তিজনে আনৰ দৃষ্টিভংগীৰে অৰ্থাৎ এজন পঢ়ুৱৈৰ দৃষ্টিভংগীৰে চাবলৈ শিকিব লাগিব৷ মোৰ হাতৰ আখৰ অন্য এজনে পঢ়ি কিবা অসুবিধা পাব নেকি সেইটো উপলব্ধি কৰিলেই আখৰ ভাল কৰিব পাৰি৷
দ্বিতীয়তে লাগিব ধৈৰ্য আৰু একাগ্ৰতা৷ ই কেৱল হাতৰ আখৰৰ ক্ষেত্ৰতেই নহয় যিকোনো কামতেই সফলতা লাভৰ মূল চাবিকাঠি৷
তৃতীয়তে আত্মবিশ্বাস৷ মনত পাৰিম বুলি ভাবিলে সকলো কামেই সহজ হৈ পৰে৷ হাতৰ আখৰৰ ক্ষেত্ৰতো সেই একে কথাই প্ৰযোজ্য৷
যিসকলে এতিয়াও সুন্দৰ হাতৰ আখৰৰ গৰাকী হ’বলৈ বিচাৰে তেওঁলোকৰ বাবে মনস্তাত্বিক দিশৰ পৰা এই কেইটা গুণ আয়ত্ত কৰি লোৱাটো খুৱেই প্ৰয়োজন৷
সৰুৰে পৰা এই অভ্যাস গঢ়ি তুলিবলৈ ল’ৰা-ছোৱালীক প্ৰথমে উৎসাহিত কৰি আত্মবিশ্বাস গঢ়ি তুলিবলৈ যত্নবান হোৱা উচিত৷ বেয়া হাতৰ আখৰৰ বাবে কোনো কাৰণতেই ল’ৰা-ছোৱালীক দাবি-ধমকি দিয়া বা টান কথা শুনোৱা উচিত নহয়৷ বৰং বেয়াকৈ লিখিলেও সিহঁতক ‘ভাল হোৱা নাই, ভালকৈ লিখা’ বুলি ধমকি দিয়াতকৈ ‘ধুনীয়া হৈছে, এনেকৈ লিখিলে আৰু ধুনীয়া হব ’ বুলি উৎসাহিত কৰা উচিত৷ তেনে কৰিলে প্ৰতিটো উৎসাহৰ পিছৰ ঢাপত সিহঁতৰ উত্তৰণ লক্ষ্য কৰিব যে সিহঁতৰ আখৰবোৰ ক্ৰমশঃ চকুত লগা হৈ আহিছে৷
হাতৰ আখৰ ভাল কৰিবলৈ যি ভাষাৰেই নহওক বৰ্ণমালাখন সম্পূৰ্ণ শুদ্ধ ৰূপত শিকি লোৱাটো অতীৱ প্ৰয়োজন৷প্ৰতিটো বৰ্ণ লিখাৰ এক নিৰ্দিষ্ট নিয়ম আছে৷ সেই নিয়ম পালনৰ দ্বাৰাহে ভাল হাতৰ আখৰ আশা কৰিব পাৰি৷বেয়া হাতৰ আখৰৰ প্ৰধান কাৰণটোৱেই হ’ল আখৰৰ ওপৰত নিয়ন্ত্ৰণহীনতা৷ কলমক তৰোৱালকৈ শক্তিশালী অস্ত্ৰ বুলি কোৱা হয়৷ যুদ্ধক্ষেত্ৰত যিদৰে চোকা তৰোৱাল অপৰিহাৰ্য্য ভাল হাতৰ আখৰৰ সৈতে এটা শক্তিশালী লিখনি পাবলৈও ভাল কলমৰ প্ৰয়োজন৷ কলমৰ বাছনি ব্যক্তি বিশেষে বেলেগ বেলেগ হব পাৰে৷ মাথোঁ আঙুলিৰে ধৰা অংশৰ গ্ৰীপটো সুদৃঢ় হব লাগে যাতে লিখাৰ সময়ত পিছলি নাযায়৷ সাধাৰণতে আজিকালি ওলোৱা বল পইণ্ট পেন বা ৰ’লাৰ বল পেনেৰে আখৰৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো খুবেই কঠিন৷ সেয়েহে ভাল হাতৰ আখৰ আশা কৰিলে আৰম্ভণিতে তেনেকুৱা পেন কেতিয়াও ব্যৱহাৰ কৰিবলৈ দিয়া উচিত নহয়৷ তাৰ পৰিবৰ্তে ফাউণ্টেইন পেন বা কাঠ পেন্সিলেৰে লিখাৰ অভ্যাস কৰাব লাগে৷
আখৰবোৰ গোট গোটকৈ একে সমান আকাৰত লিখাবলৈ যত্ন কৰিব লাগে৷বহীত লিখোতে শাৰীবোৰ পোন হলেহে আখৰবোৰে সোণত সুৱগা চ’ৰায়৷ সেয়েহে প্ৰথমে আঁচ টনা বহীত, তাৰ পিছত উকা বহীৰ তলত ৰুল পেপাৰ লৈ আৰু ক্ৰমে ৰুল পেপাৰ আঁতৰাই লিখাৰ অভ্যাস কৰাব লাগে৷
সৰুতে আমাক শিক্ষাগুৰু সকলে খুব কলপাতত লিখিবলৈ দিছিল৷ ই এটা খুবেই ফলপ্ৰসূ ব্যৱস্থা৷ কলপাতত লিখাৰ অভ্যাসে আখৰৰ ওপৰত নিয়ন্ত্ৰণ আৰু শাৰীবোৰ পোনকৈ ৰখাত সাংঘাতিক ধৰণে সহায় কৰে৷
ভাল হাতৰ আখৰ পাবলৈ পোহৰৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ উপযুক্ত পোহৰ সদায় বাওঁফালৰ পৰা অহাটো বাঞ্ছনীয়ইয়াৰ উপৰিও টেবুলত বহাৰ স্থিতি (posture)ৰ ওপৰতো হাতৰ আখৰ ভাল-বেয়া বহু পৰিমাণে নিৰ্ভৰশীল৷ কেতিয়াও পেট পেলাই শুই লিখাৰ অভ্যাস কৰাব নালাগে৷ উপৰোক্ত নিয়মসমূহ মোৰ সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত প্ৰস্তুত কৰা হৈছে৷ মোতকৈও বিজ্ঞজনৰ দৃষ্টিত হয়তো আৰু বহুতো কৌশল থাকিব পাৰে৷ কিন্তু মোৰ দৃঢ় বিশ্বাস এইখিনি কথা মানি লৰা-ছোৱালীক আগবঢ়াই নিলেও সিহঁতৰ পৰা সুন্দৰ হাতৰ আখৰ আশা কৰিব পৰা যাব৷ বয়োজ্যেষ্ঠ সকলৰ যিসকলে হাতৰ আখৰ বেয়া বুলি হীনমান্যতাত ভোগে তেওঁলোকে বৰ্ণমালাখন সম্পূৰ্ণকৈ শুদ্ধ ৰূপত নিৰ্দিষ্ট নিয়মৰ মাজেৰে শিকি দৈনিক দুঘণ্টা নোৱাৰিলেও এঘণ্টাকৈ কমেও দুমাহ অনুশীলন কৰকচোন, নিশ্চয় ইতিবাচক ফলাফল লাভ কৰিব৷ মই পুনৰ কৈছোঁ হাতৰ আখৰ কোনো এজন ব্যক্তিৰ জীৱনৰ স্থায়ী ‘ৰাবাৰ ষ্টাম্প’ নহয়৷ ই পৰিবৰ্তনশীল৷ ■■
Beautiful